Privacy & Terms
Privacy & Terms

Googleৰ সেৱাৰ চৰ্তাৱলী

৩০ জুলাই, ২০২৬ৰ পৰা কাৰ্যকৰী | আৰ্কাইভ কৰা সংস্কৰণ | PDF ডাউনল’ড কৰক

মাৰ্কিন যুক্তৰাষ্ট্ৰ

এই পৃষ্ঠাখনে ৩০ জুলাই, ২০২৬ত কাৰ্যকৰী হোৱা নতুন সেৱাৰ চৰ্তাৱলীৰ এক পূৰ্বদৰ্শন আগবঢ়ায়। তেতিয়ালৈ, পূৰ্বৰে পৰা থকা সেৱাৰ চৰ্তাৱলীয়ে Googleৰ পৰা কি আশা কৰিব লাগে — আৰু আমাৰ সেৱা ব্যৱহাৰ কৰিলে আমি আপোনাৰ পৰা কি আশা কৰোঁ সেয়া বৰ্ণনা কৰা অব্যাহত ৰাখে।

এই চৰ্তাৱলীত কি সামৰি লোৱা হৈছে

আমি জানো যে এই সেৱাৰ চৰ্তসমূহ নপঢ়াকৈ এৰি যোৱাৰ লোভ সামৰাটো কঠিন, কিন্তু আপুনি Google ব্যৱহাৰ কৰাৰ সময়ত আমাৰ পৰা কি আশা কৰিব পাৰে আৰু আমি আপোনাৰ পৰা কি আশা কৰোঁ সেইটো সাব্যস্ত কৰাটো এটা গুৰুত্বপূৰ্ণ কথা।

এই সেৱাৰ চৰ্তাৱলীয়ে Googleৰ ব্যৱসায়ে কাম কৰাৰ ধৰণ, আমাৰ কোম্পানীৰ ওপৰত প্ৰযোজ্য আইন আৰু আমি সঁচা বুলি সদায় বিশ্বাস কৰা কিছুমান কথাক প্ৰতিফলিত কৰে। ফলস্বৰূপে, এই সেৱাৰ চৰ্তাৱলীয়ে আপুনি আমাৰ সেৱাসমূহৰ সৈতে ভাব-বিনিময় কৰাৰ সময়ত আপোনাৰ সৈতে Googleৰ সম্পৰ্কৰ সংজ্ঞা নিৰূপণ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, এই চৰ্তাৱলীৰ ভিতৰত তলত দিয়া বিষয়বস্তুৰ শিৰোনামসমূহ অন্তৰ্ভুক্ত কৰা হৈছে:

এই চৰ্তসমূহ বুজাটো গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ সেৱাসমূহ এক্সেছ কৰি বা ব্যৱহাৰ কৰি (আপুনি কোনো Google একাউণ্টত ছাইন ইন কৰি থওকেই বা নথওকেই), আপুনি এই চৰ্তসমূহত সন্মতি দিয়ে।

এই চৰ্তসমূহৰ উপৰি, আমি গোপনীয়তাৰ নীতিও প্ৰকাশ কৰোঁ। আমি আপোনাক এয়া পঢ়িবলৈ উৎসাহিত কৰোঁ, যাতে আপুনি কেনেকৈ আপোনাৰ তথ্য আপডে’ট, পৰিচালনা, ৰপ্তানি কৰিব আৰু মচিব পাৰে সেয়া ভালদৰে বুজিব পাৰে।

চৰ্তাৱলী

সেৱা প্ৰদানকাৰী

Google এই কোম্পানীয়ে যোগান ধৰে আৰু আপুনি এই কোম্পানীৰ সৈতে চুক্তি কৰে:

Google LLC
আমেৰিকাৰ ডেলাৱেৰ ৰাজ্যৰ আইনৰ অধীনত প্ৰতিষ্ঠা কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি সঞ্চালিত

1600 Amphitheatre Parkway
Mountain View, California 94043
আমেৰিকা যুক্তৰাষ্ট্ৰ

বয়সৰ আৱশ্যকতা

যদি আপুনি আপোনাৰ নিজৰ Google একাউণ্ট পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় বয়সতকৈ কম বয়সৰ, তেন্তে আপুনি Google একাউণ্ট ব্যৱহাৰ কৰিবলৈ আপোনাৰ অভিভাৱক অথবা বৈধ অভিভাৱকৰ অনুমতি থাকিবই লাগিব। অনুগ্ৰহ কৰি আপোনাৰ অভিভাৱক অথবা বৈধ অভিভাৱকক এই চৰ্তাৱলী আপোনাৰ সৈতে পঢ়িবলৈ দিয়ক।

যদি আপুনি এগৰাকী অভিভাৱক অথবা বৈধ অভিভাৱক আৰু আপুনি আপোনাৰ শিশুক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে, তেন্তে এই চৰ্তাৱলী আপোনাৰ বাবে প্ৰযোজ্য আৰু আপুনি আপোনাৰ শিশুটিয়ে সেৱাসমূহত কৰা কাৰ্যকলাপৰ বাবে দায়বদ্ধ।

কিছুমান Google সেৱাৰ সেইবিলাকৰ সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্ত আৰু নীতিত বৰ্ণনা কৰা ধৰণে অতিৰিক্ত বয়সৰ প্ৰয়োজনীয়তা থাকে।

Googleৰ সৈতে আপোনাৰ সম্পৰ্ক

এই চৰ্তসমূহে আপোনাৰ আৰু Googleৰ মাজৰ সম্পৰ্ক সংজ্ঞায়িত কৰাত সহায় কৰে। When we speak of “Google,” “we,” “us,” and “our,” we mean Google LLC and its . মোটামুটিভাৱে ক’বলৈ গ’লে, আমি আপোনাক আমাৰ এক্সেছ আৰু ব্যৱহাৰ কৰাৰ অনুমতি দিওঁ যদি আপুনি এই চৰ্তসমূহ মানি চলিবলৈ সন্মত হয়, যিসমূহে Googleৰ ব্যৱসায়ে কেনেকৈ কাম কৰে আৰু আমি কেনেকৈ ধন উপাৰ্জন কৰোঁ তাক প্ৰতিফলিত কৰে।

আপুনি আমাৰ পৰা কি আশা কৰিব পাৰে

এক ব্যাপক পৰিসৰৰ সহায়ক সেৱা যোগান ধৰা

আমি এই চৰ্তাৱলীৰ অধীনত এইসমূহকে ধৰি সেৱাৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰোঁ:
  • এপ্‌ আৰু ছাইট (যেনে - Search আৰু Maps)
  • প্লেটফৰ্ম (যেনে - Google Shopping)
  • একত্ৰিত সেৱা (যেনে - অন্য কোম্পানীৰ এপ্‌ বা ছাইটত এম্বেড কৰা Maps)
  • ডিভাইচ (যেনে - Google Nest আৰু Pixel)

এই সেৱাসমূহৰ বহুতো সেৱাত আপুনি ষ্ট্ৰীম কৰিব পৰা অথবা ভাব-বিনিময় কৰিব পৰা সমলো অন্তৰ্ভুক্ত।

আমাৰ সেৱাসমূহ একেলগে কাম কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে আপুনি এটা কাৰ্যকলাপৰ পৰা আনটোলৈ যোৱাটো সহজ কৰি তোলে। উদাহৰণস্বৰূপে, যদি আপোনাৰ Calendarৰ অনুষ্ঠানত কোনো ঠিকনা অন্তৰ্ভুক্ত হৈ আছে, আপুনি সেই ঠিকনাটোত ক্লিক কৰিলে Mapsএ আপোনাক তালৈ কিদৰে যাব লাগে সেয়া দেখুৱাব পাৰে।

Google সেৱাসমূহ বিকাশ, উন্নত আৰু আপডে’ট কৰা

আমি আমাৰ সেৱাসমূহ উন্নত কৰিবলৈ অবিৰতভাৱে নতুন প্ৰযুক্তি আৰু সুবিধা বিকাশ কৰি আছোঁ। উদাহৰণস্বৰূপে, আপোনাক একে সময়তে অনুবাদ প্ৰদান কৰিবলৈ আৰু আগতকৈ ভালকৈ স্পাম আৰু মালৱেৰ চিনাক্ত কৰিবলৈ আমি কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন শিক্ষণ ব্যৱহাৰ কৰোঁ। এই অবিৰত উন্নীতকৰণৰ অংশ হিচাপে, মাজে সময়ে আমি সুবিধা আৰু কাৰ্যক্ষমতা যোগ দিওঁ অথবা আঁতৰাওঁ, আমাৰ সেৱাসমূহত থকা সীমা বৃদ্ধি অথবা হ্ৰাস কৰোঁ আৰু নতুন সেৱা প্ৰদান কৰা আৰম্ভ কৰোঁ অথবা পুৰণি সেৱাবোৰ প্ৰদান কৰা বন্ধ কৰোঁ। কোনো সেৱাৰ বাবে ডাউনল’ড কৰিব পৰা বা আগতীয়াকৈ ল’ড কৰা ছফ্টৱেৰৰ আৱশ্যক হ’লে অথবা তাত তেনে ছফ্টৱেৰ অন্তৰ্ভুক্ত হৈ থাকিলে, কোনো নতুন সংস্কৰণ অথবা সুবিধা উপলব্ধ হ’লে আপোনাৰ ডিভাইচত সেই ছফ্টৱেৰটো কেতিয়াবা স্বয়ংক্ৰিয়ভাৱে আপডে’ট হয়। কিছুমান সেৱাই আপোনাক আপোনাৰ স্বয়ংক্ৰিয় আপডে’টৰ ছেটিং মিলাবলৈ দিয়ে।

যদি আমি এনে বস্তুগত সালসলনি কৰোঁ যিয়ে আপোনাৰ সেৱাৰ ব্যৱহাৰত নেতিবাচক প্ৰভাৱ পেলায় অথবা যদি আমি সেৱা এটা আগবঢ়োৱা বন্ধ কৰোঁ, আমি অপব্যৱহাৰ প্ৰতিৰোধ কৰা, আইনী আৱশ্যকতাৰ প্ৰতি সঁহাৰি দিয়া অথবা সুৰক্ষা আৰু কাৰ্যকৰীতাৰ সমস্যাসমূহ সমাধান কৰাৰ দৰে জৰুৰী পৰিস্থিতিৰ বাহিৰে আপোনাক যুক্তিসংগত আগতীয়া জাননী প্ৰদান কৰিম। আমি লগতে প্ৰযোজ্য আইন আৰু নীতি অনুসৰি Google Takeout ব্যৱহাৰ কৰি আপোনাক আপোনাৰ Google একাউণ্টৰ পৰা ৰপ্তানি কৰাৰ সুযোগো প্ৰদান কৰিম।

আমি আপোনাৰ পৰা কি আশা কৰোঁ

এই চৰ্তাৱলী আৰু সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্ত মানি চলক

আমি আপোনাক আমাৰ এক্সেছ আৰু ব্যৱহাৰ কৰিবলৈ দিয়া অনুমতি আপুনি মানি চলালৈকে এই সেৱাসমূহ ব্যৱহাৰ কৰি থাকিব পাৰে:

আপুনি লগতে সন্মতি দিয়ে যে আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে, সেই ক্ষেত্ৰত আমাৰ গোপনীয়তাৰ নীতি প্ৰযোজ্য হয়। আমি সাধাৰণ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ আৰু আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ বিষয়ে প্ৰত্যাশা নিৰ্ধাৰণ কৰিবলৈ স্বত্বাধিকাৰ সম্পৰ্কীয় সহায় কেন্দ্ৰ, সুৰক্ষা কেন্দ্ৰ, স্বচ্ছতা কেন্দ্ৰ আৰু আমাৰ নীতিৰ ছাইটৰ পৰা আমাৰ প্ৰযুক্তিৰ বিৱৰণৰ দৰে সমল প্ৰদান কৰোঁ। অৱশেষত, আমি আমাৰ সেৱাৰ ভিতৰত নিৰ্দিষ্ট নিৰ্দেশাৱলী আৰু সকীয়নি প্ৰদান কৰিব পাৰোঁ – যেনে, আপোনাক গুৰুত্বপূৰ্ণ তথ্যৰ প্ৰতি সতৰ্ক কৰা ডায়লগ বাকচ।

যদিও আমি আপোনাক আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ অনুমতি দিওঁ, আমি সেৱাসমূহত থকা যিকোনো নিজৰ হাতত ৰাখোঁ।

আনক সন্মান কৰক

আমি সকলোৰে বাবে এক সন্মানজনক পৰিৱেশ বজাই ৰাখিব বিচাৰোঁ, যাৰ অৰ্থ হৈছে আপুনি এই মৌলিক আচৰণৰ নিয়মসমূহ অনুসৰণ কৰিব লাগিব:
  • ৰপ্তানি নিয়ন্ত্ৰণ, নিষেধাজ্ঞা আৰু মানৱ সৰবৰাহ আইনসহ প্ৰযোজ্য আইনসমূহ মানি চলা
  • গোপনীয়তা আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰসহ আনৰ অধিকাৰক সন্মান কৰা
  • নিজক অথবা আনক অপব্যৱহাৰ নকৰা অথবা ক্ষতি নকৰা (অথবা তেনে অপব্যৱহাৰ অথবা ক্ষতি কৰাৰ ভাবুকি দিয়া অথবা কৰিবলৈ উৎসাহিত কৰা) — উদাহৰণস্বৰূপে, অন্য লোকক বিপথে পৰিচালিত কৰি, প্ৰতাৰণা কৰি, বেআইনীভাৱে ছদ্মৱেশ ধাৰণ কৰি, বদনাম কৰি, উৎপীড়ন চলাই, হাৰাশাস্তি দি অথবা গোপনে অনুসৰণ কৰি

আমাৰ সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী আৰু নীতিসমূহে, যেনে - আমাৰ Generative AIএ নিষিদ্ধ কৰা ব্যৱহাৰৰ নীতিয়ে উপযুক্ত আচৰণৰ বিষয়ে অতিৰিক্ত সবিশেষ প্ৰদান কৰে, যাক সেই সেৱাসমূহ ব্যৱহাৰ কৰা সকলোৱে অনুসৰণ কৰিব লাগিব। যদি আপুনি গম পায় যে আনে এই নিয়মসমূহ অনুসৰণ কৰা নাই, আমাৰ বহুতো সেৱাই আপোনাক অপব্যৱহাৰ সম্পৰ্কে অভিযোগ দিবলৈ অনুমতি দিয়ে। যদি আমি অপব্যৱহাৰ সম্পৰ্কীয় কোনো অভিযোগৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰোঁ, আমি সমস্যাৰ উদ্ভৱ হ’লে কাৰ্যব্যৱস্থা হাতত লোৱা শাখাত বৰ্ণনা কৰা প্ৰক্ৰিয়াটোও প্ৰদান কৰোঁ।

আমাৰ সেৱাসমূহৰ অপব্যৱহাৰ নকৰিব

আমাৰ সেৱাসমূহ এক্সেছ বা ব্যৱহাৰ কৰা বেছিভাগ লোকে ইণ্টাৰনেট সুৰক্ষিত আৰু মুকলি ৰখা সাধাৰণ নিয়মবোৰ বুজি পায়। দুৰ্ভাগ্যবশতঃ, কম সংখ্যক লোকে সেই নিয়মবোৰ মানি নচলে, সেয়েহে আমি আমাৰ সেৱা আৰু ব্যৱহাৰকাৰীসকলক অপব্যৱহাৰৰ পৰা সুৰক্ষিত কৰিবলৈ ইয়াত সেইবোৰ বৰ্ণনা কৰি আছোঁ। এই উদ্দেশ্যৰে:

আপুনি আমাৰ সেৱা বা ছিষ্টেমৰ অপব্যৱহাৰ আৰু ক্ষতি কৰিব নালাগে তথা তাত হস্তক্ষেপ কৰিব বা ব্যাঘাত জন্মাব নালাগে — উদাহৰণস্বৰূপে, এইসমূহ কৰি:
  • মালৱেৰ এৰি দি
  • স্পাম কৰি, হেক কৰি বা আমাৰ ছিষ্টেম বা সুৰক্ষা ব্যৱস্থা এৰাই চলি
  • আমাৰ সুৰক্ষা আৰু বাগ পৰীক্ষণ প্ৰ’গ্ৰামৰ অংশ হোৱাৰ বাহিৰে জেইলব্ৰেকিং, এডভাৰ্ছেৰিয়েল প্ৰ’ম্পট্‌ বা প্ৰ’ম্পট্‌ ইনজেকশ্বনৰ যোগেদি
  • আমাৰ সেৱা বা সমল প্ৰৱঞ্চনামূলক বা প্ৰতাৰণামূলক উপায়েৰে এক্সেছ বা ব্যৱহাৰ কৰি, যেনে:
    • ফিশ্বিং কৰি
    • ভুৱা পৰ্যালোচনাকে ধৰি ভুৱা একাউণ্ট বা সমল সৃষ্টি কৰি
    • জেনেৰেটিভ AI সমল এগৰাকী মানুহে সৃষ্টি কৰিছিল বুলি ভাবিবলৈ আনক বিপথে পৰিচালিত কৰি
    • আপুনি (বা আন কোনোবাই) সৃষ্টি কৰা সেৱা প্ৰদান কৰি, যিবোৰ প্ৰকৃততে আমি সৃষ্টি কৰা
  • আমি সৃষ্টি কৰা যেন লগা সেৱা প্ৰদান কৰি যিবোৰ আমি সৃষ্টি কৰা নহয়
  • যিকোনো লোকৰ আইনী অধিকাৰ, যেনে বৌদ্ধিক সম্পত্তি বা গোপনীয়তাৰ অধিকাৰ উলংঘন কৰিবলৈ আমাৰ সেৱাসমূহ (তেওঁলোকে প্ৰদান কৰা সমলকে ধৰি) ব্যৱহাৰ কৰি
  • প্ৰযোজ্য আইনে যদিহে অনুমতি নিদিয়ে, ব্যৱসায়ৰ ৰহস্য বা অন্যান্য মালিকানাধীন তথ্য আহৰণ কৰিবলৈ আমাৰ মেচিন শিক্ষণৰ মডেলৰ দৰে আমাৰ সেৱা বা অন্তৰ্নিহিত প্ৰযুক্তিৰ ইঞ্জিনীয়াৰিং ৰিভাৰ্ছ কৰি
  • আমাৰ ৱেব পৃষ্ঠাত (উদাহৰণস্বৰূপে, ক্ৰলিং, প্ৰশিক্ষণ বা অন্যান্য কাৰ্যকলাপৰ অনুমতি নিদিয়া robots.txt ফাইল) মেচিনে পঢ়িব পৰা নিৰ্দেশনা উলংঘা কৰি আমাৰ যিকোনো সেৱাৰ পৰা সমল এক্সেছ কৰাৰ বাবে স্বয়ংক্ৰিয় উপায় ব্যৱহাৰ কৰি
  • মেচিন শিক্ষণৰ মডেল বা সম্পৰ্কিত AI প্ৰযুক্তিৰ বিকাশ কৰিবলৈ আমাৰ সেৱাসমূহৰ পৰা AI-সৃষ্ট সমল ব্যৱহাৰ কৰি
  • এই চৰ্তাৱলী উলংঘন কৰিবলৈ আপুনি কোন সেয়া লুকুৱাই ৰাখি বা ভুলকৈ উপস্থাপন কৰি
  • আনক এই চৰ্তাৱলী উলংঘন কৰিবলৈ উৎসাহিত কৰা সেৱা প্ৰদান কৰি

আপোনাৰ সমল ব্যৱহাৰ কৰাৰ অনুমতি

আমাৰ কিছুমান সেৱা আপোনাক আপল’ড, দাখিল, ষ্ট’ৰ, প্ৰেৰণ, গ্ৰহণ অথবা শ্বেয়াৰ কৰিবলৈ ডিজাইন কৰা হৈছে। আমাৰ সেৱাসমূহক কোনো সমল প্ৰদান কৰিবলৈ আপোনাৰ কোনো বাধ্যবাধকতা নাই আৰু আপুনি প্ৰদান কৰিব বিচৰা সমল আপুনি স্বাধীনচিতীয়াকৈ বাছনি কৰিব পাৰে। যদি আপুনি সমল আপল’ড অথবা শ্বেয়াৰ কৰিবলৈ বাছনি কৰে, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনাৰ তেনে কৰাৰ ক্ষেত্ৰত আৱশ্যকীয় অধিকাৰ আছে আৰু সেই সমল আইনসংগত।

অনুজ্ঞাপত্ৰ

আপোনাৰ হৈ থাকে, যাৰ অৰ্থ হৈছে- আপোনাৰ একাউণ্টত থকা আটাইবোৰ আপুনি বৰ্তাই ৰাখে। উদাহৰণস্বৰূপে, আপুনি লিখা পৰ্যালোচনাৰ দৰে আপুনি তৈয়াৰ কৰা সৃষ্টিশীল সমলৰ ক্ষেত্ৰত আপোনাৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ থাকে। অথবা, আপোনাৰ আন কাৰোবাৰ সৃষ্টিশীল সমল শ্বেয়াৰ কৰাৰ অধিকাৰ থাকিব পাৰে, যদিহে তেওঁলোকে আপোনাক তেনে কৰাৰ অনুমতি দিছে।

যদি আপোনাৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰে আমাক আপোনাৰ সমল ব্যৱহাৰ কৰাত বাধা দিয়ে, তেন্তে আমাক আপোনাৰ অনুমতিৰ প্ৰয়োজন হয়। এই অনুজ্ঞাপত্ৰৰ জৰিয়তে আপুনি Googleক সেই অনুমতি প্ৰদান কৰে।

কি সামৰি লোৱা হয়

এই অনুজ্ঞাপত্ৰই সামৰি লয়, যদি সেই সমল বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ দ্বাৰা সুৰক্ষিত হয়।

কি সামৰি লোৱা নহয়

  • এই অনুজ্ঞাপত্ৰই আপোনাৰ গোপনীয়তাৰ অধিকাৰত কোনো প্ৰভাৱ নেপেলায় — এয়া কেৱল আপোনাৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বিষয়েহে
  • এই অনুজ্ঞাপত্ৰই এই ধৰণৰ সমল সামৰি লোৱা নাই:
    • আপুনি প্ৰদান কৰা ৰাজহুৱাভাৱে উপলব্ধ বাস্তৱিক তথ্য, যেনে- স্থানীয় ব্যৱসায়ৰ ঠিকনাত কৰা সংশোধন। সেই তথ্যৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই, কাৰণ ইয়াক সাধাৰণ জ্ঞান বুলি গণ্য কৰা হয় আৰু সেয়া সকলোৱে ব্যৱহাৰ কৰিব পাৰে।
    • আপুনি আগবঢ়োৱা মতামত, যেনে- আমাৰ সেৱাসমূহ উন্নত কৰাৰ বাবে দিয়া পৰামৰ্শ। মতামত তলত দিয়া সেৱা সম্পৰ্কীয় যোগাযোগৰ শাখাৰ অধীনত সামৰি লোৱা হয়।

পৰিসৰ

এই অনুজ্ঞাপত্ৰখন হৈছে:
  • বিশ্বব্যাপী, যাৰ অৰ্থ হৈছে ই বিশ্বৰ যিকোনো স্থানত মান্য
  • অসীমিত, যাৰ অৰ্থ হৈছে আপুনি আপোনাৰ সমলৰ বাবে আনক অনুজ্ঞাপত্ৰ দিব পাৰে
  • ৰয়েল্টীবিহীন, যাৰ অৰ্থ হৈছে এই অনুজ্ঞাপত্ৰৰ বাবে কোনো বৃত্তীয় মাচুল নাই

অধিকাৰ

এই অনুজ্ঞাপত্ৰই Googleক এইসমূহ কাৰ্য কৰিবলৈ অনুমতি দিয়ে:

  • আপোনাৰ সমল হ’ষ্ট, পুনৰুত্পাদন, বিতৰণ, প্ৰেৰণ আৰু ব্যৱহাৰ কৰিবলৈ — উদাহৰণস্বৰূপে, আপোনাৰ সমল আমাৰ ছিষ্টেমসমূহত ছেভ কৰিবলৈ আৰু আপুনি যিকোনো ঠাইৰ পৰা এক্সেছ কৰাৰ সুবিধা দিবলৈ
  • আপোনাৰ সমল প্ৰকাশ, ৰাজহুৱাভাৱে পৰিৱেশন অথবা ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিবলৈ, যদি আপুনি সেয়া আনৰ বাবে দৃশ্যমান কৰিছে
  • আপোনাৰ সমলৰ ওপৰত ভিত্তি কৰি সেয়া পুনৰ ফৰ্মেট কৰা অথবা অনুবাদ কৰাৰ দৰে সংশোধনমূলক কাম কৰা আৰু তেনে কাম সৃষ্টি কৰিবলৈ
  • এই অধিকাৰসমূহক তলত দিয়া কাৰ্যসমূহ কৰিবলৈ উপ-অনুজ্ঞাপত্ৰ দিবলৈ:
    • অন্য ব্যৱহাৰকাৰীক সেৱাসমূহ ডিজাইন কৰা ধৰণে কাম কৰাকৈ ব্যৱহাৰ কৰাৰ অনুমতি দিবলৈ, যেনে- আপুনি বাছনি কৰা লোকসকলৰ সৈতে আপোনাক ফট’ শ্বেয়াৰ কৰিবলৈ সক্ষমতা দিবলৈ
    • আমাৰ সৈতে এই চৰ্তসমূহৰ সৈতে সামঞ্জস্যপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা আমাৰ ঠিকাদাৰসকলে কেৱল তলৰ উদ্দেশ্য শাখাত বৰ্ণনা কৰা সীমিত উদ্দেশ্যৰ বাবে

উদ্দেশ্য

এই অনুজ্ঞাপত্ৰ এইসমূহ সীমিত উদ্দেশ্যৰ:

  • সেৱাসমূহ সঞ্চালন আৰু উন্নত কৰিবলৈ, যাৰ অৰ্থ হৈছে সেৱাসমূহক ডিজাইন কৰা ধৰণে কাম কৰিবলৈ দিবলৈ আৰু নতুন সুবিধা আৰু কাৰ্যক্ষমতা সৃষ্টি কৰিবলৈ। ইয়াত এইসমূহৰ বাবে আপোনাৰ সমল বিশ্লেষণ কৰিবলৈ স্বয়ংক্ৰিয় ছিষ্টেম আৰু কলনবিধি ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত:
    • স্পাম, মালৱেৰ আৰু বেআইনী সমল
    • সম্পৰ্কিত ফট’সমূহ একেলগে ৰাখিবলৈ Google Photosত কেতিয়া নতুন এলবামৰ পৰামৰ্শ দিব লাগে সেয়া নিৰ্ধাৰণ কৰাৰ দৰে তথ্যৰ চাৰিত্ৰিক বৈশিষ্ট্য চিনাক্ত কৰিবলৈ
    • আপোনাৰ বাবে আমাৰ সেৱাসমূহ কাষ্টমাইজ কৰিবলৈ, যেনে- চুপাৰিছ আৰু ব্যক্তিগতকৃত সন্ধানৰ ফলাফল, সমল আৰু বিজ্ঞাপন (যিবোৰ আপুনি বিজ্ঞাপনৰ ছেটিঙত সলনি অথবা বন্ধ কৰিব পাৰে) প্ৰদান কৰিবলৈ
    সমলটো পঠিয়ালে, গ্ৰহণ কৰিলে আৰু ষ্ট’ৰ কৰিলে এই বিশ্লেষণটো কৰা হয়।
  • আপুনি ৰাজহুৱাভাৱে শ্বেয়াৰ কৰা সমল সেৱাসমূহৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ। উদাহৰণস্বৰূপে, Googleৰ কোনো এপৰ প্ৰচাৰ কৰিবলৈ, আমি আপুনি লিখা এটা পৰ্যালোচনাৰ উদ্ধৃতি দিব পাৰোঁ। অথবা Google Playৰ প্ৰচাৰ কৰিবলৈ, আমি Play Storeত আপুনি আগবঢ়োৱা এপ্‌টোৰ স্ক্ৰীনশ্বট দেখুৱাব পাৰোঁ।
  • এই চৰ্তাৱলীৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে Googleৰ বাবে নতুন প্ৰযুক্তি আৰু সেৱা বিকাশ কৰা

সময়সীমা

এই অনুজ্ঞাপত্ৰ যেতিয়ালৈকে আপোনাৰ সমল বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ দ্বাৰা সুৰক্ষিত হৈ থাকে তেতিয়ালৈকে চলি থাকিব।

যদি আপুনি আমাৰ সেৱাসমূহৰ পৰা এই অনুজ্ঞাপত্ৰৰ দ্বাৰা সামৰি লোৱা যিকোনো সমল আঁতৰায়, তেন্তে আমাৰ ছিষ্টেমসমূহে সেই সমল এক যুক্তিসংগত সময়ৰ ভিতৰত ৰাজহুৱাভাৱে উপলব্ধ কৰা বন্ধ কৰিব। এই ক্ষেত্ৰত দুটা ব্যতিক্ৰম আছে:

  • যদি আপুনি আপোনাৰ সমল আঁতৰোৱাৰ আগতে ইতিমধ্যে আনৰ সৈতে শ্বেয়াৰ কৰিছে। উদাহৰণস্বৰূপে, যদি আপুনি কোনো বন্ধুৰ সৈতে ফট’ শ্বেয়াৰ কৰিছে আৰু তেওঁ যদি তাৰ পাছত ফট’খনৰ প্ৰতিলিপি কৰিছে অথবা পুনৰ শ্বেয়াৰ কৰিছে, তেন্তে আপুনি আপোনাৰ Google একাউণ্টৰ পৰা আঁতৰোৱাৰ পাছতো সেই ফট’খন আপোনাৰ বন্ধুৰ Google একাউণ্টত প্ৰদৰ্শিত হ’ব পাৰে।
  • আপুনি কোম্পানীসমূহৰ সমগ্ৰ সেৱাত আপোনাৰ সমল উপলব্ধ কৰিলে Google Searchকে ধৰি সন্ধান ইঞ্জিনসমূহে সেইসমূহৰ সন্ধানৰ ফলাফলৰ অংশ হিচাপে আপোনাৰ সমল বিচৰা আৰু প্ৰদৰ্শন কৰা অব্যাহত ৰখাৰ সম্ভাৱনা আছে।

Google সেৱাসমূহ ব্যৱহাৰ কৰা

আপোনাৰ Google একাউণ্ট

যদি আপুনি এই বয়সৰ আৱশ্যকতাসমূহ পূৰ কৰে, আপুনি আপোনাৰ সুবিধাৰ বাবে এটা Google একাউণ্ট সৃষ্টি কৰিব পাৰে। কিছুমান ই কাম কৰিবলৈ আপোনাৰ এটা Google একাউণ্ট থকাটো আৱশ্যক হয় — উদাহৰণস্বৰূপে, Gmail ব্যৱহাৰ কৰিবলৈ আপোনাক এটা Google একাউণ্টৰ প্ৰয়োজন যাতে আপোনাৰ ইমেইল পঠিয়াবলৈ আৰু লাভ কৰিবলৈ ঠাই থাকে।

আপোনাৰ Google একাউণ্ট সুৰক্ষিত ৰখাৰ বাবে যুক্তিসংগত পদক্ষেপ লোৱাকে ধৰি আপোনাৰ Google একাউণ্টৰ সৈতে আপুনি কি কৰে তাৰ বাবে আপুনি দায়বদ্ধ আৰু আমি আপোনাক নিয়মিতভাৱে সুৰক্ষা সম্পৰ্কীয় পৰীক্ষা ব্যৱহাৰ কৰিবলৈ উৎসাহ দিওঁ।

কোনো সংস্থা অথবা ব্যৱসায়ৰ হৈ Google সেৱা ব্যৱহাৰ কৰা

ব্যৱসায়, জনকল্যাণমূলক সংস্থা আৰু বিদ্যালয়ৰ দৰে বহুতো আমাৰ ৰ সুবিধা গ্ৰহণ কৰে। কোনো প্ৰতিষ্ঠানৰ হৈ আমাৰ সেৱা ব্যৱহাৰ কৰিবলৈ:
  • সেই প্ৰতিষ্ঠানৰ কোনো কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিয়ে এই চৰ্তসমূহত সন্মতি দিবই লাগিব
  • আপোনাৰ প্ৰতিষ্ঠানৰ প্ৰশাসকে আপোনাক এটা Google আবণ্টন কৰিব পাৰে। সেই প্ৰশাসকে আপোনাক অতিৰিক্ত নিয়ম মানি চলাটো বিচাৰিব পাৰে আৰু আপোনাৰ Google একাউণ্ট এক্সেছ অথবা নিষ্ক্ৰিয় কৰিব পাৰে।

সেৱা সম্পৰ্কীয় যোগাযোগ

আপোনাক আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ, আমি কেতিয়াবা আপোনালৈ সেৱাৰ ঘোষণা আৰু অন্যান্য তথ্য প্ৰেৰণ কৰোঁ। আমি আপোনাৰ সৈতে কেনেদৰে যোগাযোগ কৰোঁ সেই বিষয়ে অধিক জানিবলৈ, Googleৰ গোপনীয়তাৰ নীতি চাওক।

যদি আমাৰ সেৱাসমূহ উন্নত কৰাৰ বাবে পৰামৰ্শ দিয়াৰ দৰে আপুনি আমাক মতামত দিবলৈ বাছনি কৰে, আমি আপোনাৰ প্ৰতি কোনো বাধ্যবাধকতা নোহোৱাকৈ আপোনাৰ মতামতৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ।

চেলুলাৰ, ৱাই-ফাই আৰু অন্য নেটৱৰ্ক সংযোগৰ খৰচ

আপুনি সেৱাসমূহ বা আপোনাৰ ডিভাইচৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ নথকাৰ সময়ত Google সেৱাসমূহে সঘনাই ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰে। Googleএ এইদৰে বিভিন্ন উদ্দেশ্যৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰে — উদাহৰণস্বৰূপে, ছফ্টৱেৰ আপডে’ট প্ৰদান কৰিবলৈ আৰু বিজ্ঞাপনকে ধৰি Googleৰ সেৱা, সুৰক্ষা, ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু/বা Googleৰ কাৰ্যকলাপ উন্নত কৰিবলৈ। এই ব্যৱহাৰসমূহ আপোনাৰ চেলুলাৰ, ৱাই-ফাই আৰু/বা অন্য নেটৱৰ্ক সংযোগৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াক আপোনাৰ চেলুলাৰ বা ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে প্ৰদান কৰা ডেটাৰ সীমাত ধৰা হ’ব পাৰে। এই আটাইবোৰ নেটৱৰ্কৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে জড়িত খৰচৰ বাবে আপুনি দায়বদ্ধ। আপুনি আপোনাৰ চেলুলাৰ বা ইণ্টাৰনেট সেৱাৰ আঁচনি আৰু আপোনাৰ ডিভাইচ আৰু নেটৱৰ্কৰ ছেটিং পৰীক্ষা কৰিব বিচাৰিব পাৰে।

Google সেৱাসমূহত উপলব্ধ সমল

আপোনাৰ সমল

আমাৰ কিছুমান ই আপোনাক মৌলিক সমল সৃষ্টি কৰিবলৈ অনুমতি দিয়ে। Googleএ সেই সমলৰ ওপৰত মালিকীস্বত্ব দাবী নকৰে। কিছুমান সমল সকলোৰে বাবে উপযুক্ত নহ’বও পাৰে।

আমাৰ কিছুমান ই আপোনাক আপোনাৰ সমল ৰাজহুৱাভাৱে উপলব্ধ কৰাৰ সুযোগ দিয়ে — উদাহৰণস্বৰূপে, আপুনি লিখা কোনো প্ৰ’ডাক্ট অথবা ৰেষ্টুৰেণ্টৰ পৰ্যালোচনা প’ষ্ট কৰিব পাৰে অথবা আপুনি সৃষ্টি কৰা এটা ব্লগ প’ষ্ট আপল’ড কৰিব পাৰে।

  • ৰ ওপৰত থকা আপোনাৰ অধিকাৰ আৰু আপোনাৰ সমল আমাৰ সেৱাসমূহত কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ সমল ব্যৱহাৰৰ অনুমতি শাখাটো চাওক
  • আমি আমাৰ সেৱাসমূহৰ পৰা ব্যৱহাৰকাৰীয়ে সৃষ্টি কৰা সমল কিয় আৰু কেনেকৈ আঁতৰাব পাৰোঁ সেই বিষয়ে জানিবলৈ আপোনাৰ সমল আঁতৰোৱা শীৰ্ষক শাখাটো চাওক

যদি আপুনি ভাবে যে কোনোবাই আপোনাৰ উলংঘা কৰিছে, তেন্তে আপুনি আমালৈ উলংঘাৰ জাননী প্ৰেৰণ কৰিব পাৰে আৰু আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম। উদাহৰণস্বৰূপে, আমি আমাৰ ত বৰ্ণনা কৰা ধৰণে বাৰে বাৰে স্বত্বাধিকাৰ উলংঘা কৰা Google একাউণ্ট নিলম্বন অথবা বন্ধ কৰোঁ।

Googleৰ সমল

আমাৰ কিছুমান ত এনেকুৱা সমল আছে যিবোৰ Googleৰ অন্তৰ্গত, যেনে — আপুনি Google Mapsত দেখিবলৈ পোৱা ভিজুৱেল চিত্ৰণ। আপুনি হয়তো এই চৰ্তাৱলী আৰু কোনো সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলীয়ে অনুমতি দিয়া ধৰণে Googleৰ সমল ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমি আমাৰ সমলত থকা আটাইবোৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ বৰ্তাই ৰাখোঁ। আমাৰ কোনো ব্ৰেণ্ডিং, ল’গ’ অথবা আইনী জাননী আঁতৰাই নেপেলাব, অস্পষ্ট নকৰিব অথবা সলনি নকৰিব। আপুনি যদি আমাৰ ব্ৰেণ্ডিং অথবা ল’গ’ ব্যৱহাৰ কৰিবলৈ বিচাৰে, অনুগ্ৰহ কৰি Google ব্ৰেণ্ডৰ অনুমতিৰ পৃষ্ঠাখন চাওক।

অন্য সমল

অৱশেষত, আমাৰ কিছুমান ই আপোনাক অন্য লোক অথবা ৰ সমল এক্সেছ কৰিবলৈ দিয়ে — উদাহৰণস্বৰূপে, এখন ষ্ট’ৰৰ মালিকৰ নিজৰ ব্যৱসায়ৰ বিৱৰণ অথবা Google Newsত প্ৰদৰ্শিত বাতৰি কাকতৰ প্ৰবন্ধ। আপুনি এই সমল সেই ব্যক্তি অথবা প্ৰতিষ্ঠানৰ অনুমতি অবিহনে অথবা আইনৰ দ্বাৰা অন্যথা অনুমোদন নজনালে ব্যৱহাৰ কৰিব নোৱাৰিব। আন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ সমলত প্ৰকাশ কৰা মতামতসমূহ তেওঁলোকৰ নিজৰ আৰু সেইবিলাকে Googleৰ মতামত প্ৰতিফলিত কৰে বুলি কোনো কথা নাই।

Google সেৱাসমূহত ব্যৱহৃত ছফ্টৱেৰ

আমাৰ কিছুমান ত ডাউনল’ড কৰিব পৰা বা আগতীয়াকৈ ল’ড কৰা ছফ্টৱেৰ থাকে। আমি আপোনাক সেই ছফ্টৱেৰ সেৱাসমূহৰ অংশ হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিওঁ।

আমি আপোনাক দিয়া অনুজ্ঞাপত্ৰখন হৈছে:
  • বিশ্বব্যাপী, যাৰ অৰ্থ হৈছে ই বিশ্বৰ যিকোনো স্থানত মান্য
  • অসীমিত, যাৰ অৰ্থ হৈছে আমি ছফ্টৱেৰটোৰ বাবে আনক অনুজ্ঞাপত্ৰ দিব পাৰোঁ
  • ৰয়েল্টীবিহীন, যাৰ অৰ্থ হৈছে এই অনুজ্ঞাপত্ৰৰ বাবে কোনো বিত্তীয় মাচুল নাই
  • ব্যক্তিগত, যাৰ অৰ্থ হৈছে ই আন কাৰো ক্ষেত্ৰত প্ৰযোজ্য নহয়
  • আবণ্টন কৰিব নোৱৰা, যাৰ অৰ্থ হৈছে আন কাকো অনুজ্ঞাপত্ৰ আবণ্টন কৰিবলৈ আপোনাক অনুমতি দিয়া হোৱা নাই

আমাৰ কিছুমান সেৱাত ছফ্টৱেৰ অন্তৰ্ভুক্ত কৰা হয় যিবোৰ মুক্ত উৎস অনুজ্ঞাপত্ৰৰ চৰ্তাৱলীৰ অধীনত প্ৰদান কৰা হয় আৰু সেইবোৰ আমি আপোনাৰ বাবে উপলব্ধ কৰোঁ। কেতিয়াবা মুক্ত উৎস অনুজ্ঞাপত্ৰত এনে বিধান থাকে যিয়ে এই চৰ্তাৱলীৰ কোনো অংশ স্পষ্টভাৱে অ’ভাৰৰাইড কৰে, গতিকে অনুগ্ৰহ কৰি সেই অনুজ্ঞাপত্ৰসমূহ পঢ়াটো নিশ্চিত কৰক।

আপুনি আমাৰ সেৱা অথবা ছফ্টৱেৰৰ কোনো অংশ প্ৰতিলিপি, সংশোধন, বিতৰণ, বিক্ৰী কৰিব অথবা লীজত দিব নোৱাৰে।

কোনো সমস্যা অথবা মতানৈক্যৰ উদ্ভৱ হ’লে

ৱাৰেণ্টীৰ অস্বীকাৰমূলক ঘোষণা

আমি Google Search আৰু Mapsৰ দৰে উপযোগী, নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছোঁ আৰু আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি আমাৰ সেৱাসমূহ অবিৰতভাৱে উন্নত কৰি আছোঁ। অৱশ্যে, আইনী উদ্দেশ্যৰ বাবে, আমি অবিহনে আমাৰ আগবঢ়াওঁ, যদিহে আমাৰ সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলীত স্পষ্টভাৱে উল্লেখ কৰা নহয়। আইন অনুসৰি আমি নিৰ্দিষ্ট আইনী ভাষা ব্যৱহাৰ কৰি ইয়াক ব্যাখ্যা কৰাটো প্ৰয়োজন আৰু আপুনি ইয়াক নিম্নলিখিত ধৰণে চোৱাটো নিশ্চিত কৰাত সহায় কৰিবলৈ আমি বৰফলাৰ আখৰ ব্যৱহাৰ কৰোঁ:

প্ৰযোজ্য আইনে অনুমতি দিয়া পৰ্যন্ত, আমি আমাৰ সেৱাসমূহ প্ৰকাশ্য ৱাৰেণ্টী অথবা ব্যৱসায় কৰিব পৰাৰ যোগ্যতাৰ ঊহ্য হৈ থকা ৱাৰেণ্টী, কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে উপযুক্ততা আৰু উলংঘন নোহোৱাৰ দৰে ঊহ্য হৈ থকা ৱাৰেণ্টী অবিহনে "যেনেকৈ আছে" তেনেকৈ প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে, আমি সেৱাসমূহৰ সমল অথবা সুবিধাসমূহৰ বিষয়ে কোনো ৱাৰেণ্টী প্ৰদান নকৰোঁ, যাৰ ভিতৰত আছে সেইসমূহৰ সঠিকতা, নিৰ্ভৰযোগ্যতা, উপলব্ধতা অথবা আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সামৰ্থ্য।

যদিহে সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলীয়ে স্পষ্টভাৱে অনুমতি নিদিয়ে, চিকিৎসা, আইনী, বিত্তীয় বা অন্য পেছাদাৰী পৰামৰ্শৰ বাবে সেৱাসমূহৰ ওপৰত নিৰ্ভৰ নকৰিব। সেই বিষয়বোৰৰ সৈতে জড়িত যিকোনো সমল কেৱল তথ্য প্ৰদানৰ উদ্দেশ্যেহে প্ৰদান কৰা হয়, তাত চিকিৎসা সম্পৰ্কীয় ডায়গন’ছিছ বা চিকিৎসাৰ বিষয়ে উল্লেখ নাথাকে আৰু সেইবোৰ কোনো যোগ্যতাসম্পন্ন পেছাদাৰী লোকৰ পৰা পোৱা পৰামৰ্শৰ বিকল্প নহয়।

দায়বদ্ধতা

সকলো ব্যৱহাৰকাৰীৰ বাবে

সমস্যাৰ ক্ষেত্ৰত আপুনি অথবা Googleএ আনজনৰ পৰা কি দাবী কৰিব পাৰে সেই বিষয়ে আইন আৰু এই চৰ্তাৱলী দুয়োটাই ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰে। সেয়েহে আইন অনুসৰি এই চৰ্তাৱলীৰ অধীনত কিছুমান ৰ বাবে সকলোৱে দায়বদ্ধ হ’ব লাগিব — কিন্তু আনৰ বাবে নহয়।

এই চৰ্তাৱলীয়ে প্ৰযোজ্য আইনে অনুমতি দিয়া অনুসৰি কেৱল আমাৰ দায়িত্বহে সীমিত কৰে। এই চৰ্তাৱলীয়ে গুৰুতৰ গাফিলতি অথবা ইচ্ছাকৃতভাৱে কৰা অসৎ আচৰণৰ দায়বদ্ধতা সীমিত নকৰে।

প্ৰযোজ্য আইনে অনুমতি দিয়া পৰ্যন্ত:
  • Google কেৱল এই চৰ্তাৱলী অথবা প্ৰযোজ্য সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলীৰ উলংঘনৰ বাবেহে দায়বদ্ধ
  • Google এইসমূহৰ বাবে দায়বদ্ধ নহয়:
    • লাভ, আয়, ব্যৱসায়িক সুযোগ, সদিচ্ছা অথবা প্ৰত্যাশিত সঞ্চয়ৰ ক্ষতি
    • পৰোক্ষ অথবা পৰিণামস্বৰূপে হোৱা ক্ষতি
    • শাস্তিমূলক ক্ষতি
  • এই চৰ্তাৱলীৰ পৰা উদ্ভৱ হোৱা অথবা এই চৰ্তাৱলীৰ সৈতে জড়িত Googleৰ মুঠ দায়বদ্ধতা (১) $২০০ৰ অধিক অথবা (২) বিবাদটোৰ আগৰ ১২ মাহত আপুনি প্ৰাসংগিক সেৱাসমূহ ব্যৱহাৰ বাবদ দিয়া মাচুলতে সীমাবদ্ধ

কেৱল ব্যৱহাৰকাৰী ব্যৱসায়ী আৰু প্ৰতিষ্ঠানৰ বাবে

যদি আপুনি এগৰাকী অথবা এটা :

  • প্ৰযোজ্য আইনে অনুমতি দিয়া পৰ্যন্ত, আপুনি বেআইনীভাৱে ব্যৱহাৰ কৰা অথবা এই চৰ্তাৱলী অথবা সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী উলংঘন কৰাৰ ফলত উদ্ভৱ হোৱা অথবা সম্পৰ্কিত তৃতীয় পক্ষৰ কোনো আইনগত ব্যৱস্থাৰ (চৰকাৰী কৰ্তৃপক্ষই লোৱা কাৰ্যব্যৱস্থাকে ধৰি) বাবে আপুনি Google আৰু ইয়াৰ পৰিচালক, বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰৰ পৰা পাৰে। এই ক্ষতিপূৰণে দাবী, লোকচান, ক্ষতি, ৰায়, জৰিমনা, মোকৰ্দমাৰ খৰচ আৰু আইনী সেৱা ব্যৱহাৰৰ মাচুলৰ আটাইবোৰ দায়বদ্ধতা অথবা তাৰ ফলত উদ্ভৱ হোৱা খৰচ সাঙুৰি লয়।
  • যদি আপুনি আইনগতভাৱে কে ধৰি নিৰ্দিষ্ট কিছুমান দায়িত্বৰ পৰা ৰেহাই পাইছে, তেন্তে এই চৰ্তাৱলীৰ অধীনত সেই দায়িত্বসমূহ আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। উদাহৰণস্বৰূপে, ৰাষ্ট্ৰসংঘই আইনী বাধ্যবাধকতাৰ বিৰুদ্ধে কিছুমান বিশেষ ৰক্ষাকৱচ লাভ কৰে আৰু এই চৰ্তাৱলীয়ে সেই ৰক্ষাকৱচক অ’ভাৰৰাইড নকৰে।

কোনো সমস্যাৰ উদ্ভৱ হ’লে কাৰ্যব্যৱস্থা হাতত লোৱা

তলত বৰ্ণনা কৰা ধৰণে কাৰ্যব্যৱস্থা লোৱাৰ আগতে, আমি আপোনাক যুক্তিসংগতভাৱে সম্ভৱ হ’লে আগতীয়া জাননী দিম, আমি লোৱা কাৰ্যব্যৱস্থাৰ কাৰণ বৰ্ণনা কৰিম আৰু আপোনাক সমস্যাটো স্পষ্ট কৰাৰ আৰু ইয়াক সমাধান কৰাৰ সুযোগ দিম, যদিহে তেনে কৰিলে:

  • কোনো ব্যৱহাৰকাৰী, তৃতীয় পক্ষ অথবা Googleৰ ক্ষতি অথবা ৰ সৃষ্টি হ’ব
  • আইন অথবা আইন বলৱৎকাৰী কৰ্তৃপক্ষ আদেশ উলংঘা কৰা হ’ব
  • আপোচ আৰু অনুসন্ধান
  • আমাৰ ৰ সঞ্চালনা, অখণ্ডতা অথবা সুৰক্ষাৰ সৈতে আপোচ কৰা হ’ব

আপোনাৰ সমল আঁতৰোৱা

যদি এটাই (১) এই চৰ্তাৱলী, সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী বা নীতিসমূহ উলংঘন কৰে, (২) প্ৰযোজ্য আইন উলংঘন কৰে, বা (৩) আমাৰ ব্যৱহাৰকাৰী, তৃতীয় পক্ষ বা Googleৰ ক্ষতি কৰিব পাৰে, তেতিয়া আমি প্ৰযোজ্য আইন অনুসৰি সেই সমলৰ কিছু অংশ বা আটাইখিনি আঁতৰোৱাৰ অধিকাৰ সংৰক্ষিত ৰাখোঁ। ইয়াৰ উদাহৰণৰ ভিতৰত আছে শিশুৰ পৰ্ন’গ্ৰাফী, মানৱ সৰবৰাহ অথবা হাৰাশাস্তি দিয়াৰ সুবিধা প্ৰদান কৰা সমল, সন্ত্ৰাসবাদীয়ে অথবা তেওঁলোকৰ হকে প্ৰস্তুত কৰা সমল আৰু অন্য কোনো লোকৰ উলংঘন কৰা সমল।

আপোনাৰ Google সেৱাসমূহৰ এক্সেছ নিলম্বন অথবা সমাপ্ত কৰা

আমাৰ আন কোনো অধিকাৰ সীমিত নকৰাকৈ, Googleএ আপোনাৰ সেৱাসমূহৰ এক্সেছ নিলম্বন অথবা বন্ধ কৰিব পাৰে অথবা যদি এনে কোনো ঘটনা ঘটে, তেন্তে আপোনাৰ Google একাউণ্ট মচিব পাৰে:

  • আপুনি গুৰুতৰভাৱে বা বাৰে বাৰে এই চৰ্তাৱলী, সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী বা নীতি উলংঘন কৰে
  • আমি কোনো আইনী প্ৰয়োজনীয়তা অথবা আদালতৰ আদেশ মানি চলিবলৈ তেনে কৰিব লগা হয়
  • আপোনাৰ আচৰণে কোনো ব্যৱহাৰকাৰী, তৃতীয় পক্ষ অথবা Googleৰ ক্ষতি কৰে অথবা ৰ সৃষ্টি কৰে — উদাহৰণস্বৰূপে, হেকিং, ফিশ্বিং, হাৰাশাস্তি, স্পামিং, আনক বিপথে পৰিচালিত কৰা অথবা আপোনাৰ নোহোৱা সমল স্ক্ৰে’প কৰা

আমি কিয় একাউণ্টসমূহ অক্ষম কৰোঁ আৰু যেতিয়া আমি এয়া কৰোঁ, তেতিয়া কি হয় সেই বিষয়ে অধিক তথ্যৰ বাবে, এই সহায় কেন্দ্ৰ পৃষ্ঠাখন চাওক। যদি আপুনি বিশ্বাস কৰে যে আপোনাৰ Google একাউণ্টটো ভুলতে নিলম্বিত অথবা বন্ধ কৰা হৈছে, আপুনি আপীল কৰিব পাৰে

অৱশ্যে, আপুনি যিকোনো সময়তে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰা বন্ধ কৰিব পাৰে। যদি আপুনি কোনো সেৱা ব্যৱহাৰ কৰা বন্ধ কৰে, তেন্তে আমি আপুনি কিয় তেনে কৰিলে জানিবলৈ পালে ভাল পাম, যাতে আমি আমাৰ সেৱাসমূহৰ উন্নতি কৰি থাকিব পাৰোঁ।

বিবাদ নিষ্পত্তি কৰা, বলৱৎ হৈ থকা আইন আৰু আদালত

Googleৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰি সেই বিষয়ক তথ্যৰ বাবে অনুগ্ৰহ কৰি আমাৰ যোগাযোগৰ পৃষ্ঠালৈ যাওক।

এই চৰ্তাৱলী তথা এই চৰ্তাৱলী, সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী বা যিকোনো সম্পৰ্কিত ৰ পৰা উদ্ভৱ হোৱা বা সেইবোৰৰ সৈতে জড়িত আটাইবোৰ বিবাদ কেলিফৰ্নিয়াৰ আইনৰ অধীন হ’ব, লাগিলে আইনৰ সংঘাতৰ নিয়ম যিয়েই নহওক কিয়। এই বিবাদসমূহ কেৱল আমেৰিকাৰ কেলিফৰ্নিয়াৰ ছাণ্টা ক্লাৰা কাউণ্টীৰ ফেডাৰেল বা ৰাজ্যিক আদালতত সমাধান কৰা হ’ব আৰু আপুনি আৰু Googleএ সেই আদালতসমূহৰ ব্যক্তিগত ক্ষেত্ৰাধিকাৰত সন্মতি দিয়ে।

এই চৰ্তাৱলীৰ বিষয়ে

আইন অনুসৰি, আপোনাৰ কিছুমান অধিকাৰ আছে যিবোৰ এই সেৱাৰ চৰ্তাৱলীৰ দৰে চুক্তিৰ দ্বাৰা সীমিত কৰিব নোৱাৰি। এই চৰ্তসমূহ কোনো কাৰণতে সেই অধিকাৰসমূহক সীমিত কৰাৰ উদ্দেশ্যেৰে তৈয়াৰ কৰা হোৱা নাই।

এই চৰ্তাৱলীয়ে আপোনাৰ আৰু Googleৰ মাজৰ সম্পৰ্কৰ বৰ্ণনা দিয়ে। সেইসমূহে অন্য লোক অথবা ৰ বাবে কোনো আইনী অধিকাৰ সৃষ্টি নকৰে, আনকি অন্য লোকে এই চৰ্তাৱলীৰ অধীনত সেই সম্পৰ্কটোৰ পৰা লাভান্বিত হ’লেও।

আমি এই চৰ্তাৱলী সহজে বুজিব পৰা কৰিবলৈ বিচাৰোঁ, গতিকে আমি আমাৰ ৰ পৰা উদাহৰণ ব্যৱহাৰ কৰিছোঁ। কিন্তু উল্লেখ কৰা আটাইবোৰ সেৱা আপোনাৰ দেশত উপলব্ধ নহ’ব পাৰে।

যদি এই চৰ্তসমূহৰ সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তসমূহৰ সৈতে সংঘাত হয়, অতিৰিক্ত চৰ্তসমূহৰ অধীনত সেই সেৱা নিয়ন্ত্ৰণ কৰা হ’ব।

যদি দেখা যায় যে কোনো বিশেষ চৰ্ত বৈধ নহয় অথবা বলৱৎ কৰিব পৰা নাযায়, তেন্তে ইয়াৰ ফলত আন কোনো চৰ্তত কোনো প্ৰভাৱ নপৰে।

যদি আপুনি এই চৰ্তসমূহ অথবা সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তসমূহ মানি নচলে আৰু আমি লগে লগে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰোঁ, তাৰ অৰ্থ এইটো নহয় যে ভৱিষ্যতে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ দৰে আমাৰ থাকিব পৰা অধিকাৰ আমি বিসৰ্জন দিছোঁ।

আমি এইবিলাক ক্ষেত্ৰত এই চৰ্তসমূহ আৰু সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তসমূহ আপডে’ট কৰিব পাৰোঁ: (১) আমাৰ সেৱাসমূহত কৰা সালসলনি অথবা আমি কেনেকৈ ব্যৱসায় কৰোঁ তাক প্ৰতিফলিত কৰিবলৈ — উদাহৰণস্বৰূপে, যেতিয়া আমি নতুন সেৱা, সুবিধা, প্ৰযুক্তি, মূল্য অথবা লাভালাভ যোগ দিওঁ (অথবা পুৰণিবোৰ আঁতৰাওঁ), (২) আইনী, নিয়ামক অথবা নিৰাপত্তাজনিত কাৰণত অথবা (৩) অপব্যৱহাৰ অথবা ক্ষতি ৰোধ কৰিবলৈ।

আমি যদি এই চৰ্তাৱলী অথবা সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী বস্তুগতভাৱে সলনি কৰোঁ, (১) আমি কোনো নতুন সেৱা অথবা সুবিধা লঞ্চ কৰাৰ সময় অথবা (২) চলিত অপব্যৱহাৰ ৰোধ কৰা অথবা আইনী আৱশ্যকতাৰ প্ৰতি সঁহাৰি জনোৱাৰ দৰে জৰুৰী পৰিস্থিতিৰ বাহিৰে সকলো সময়তে আমি আপোনাক যুক্তিসংগত আগতীয়া জাননী দিয়াৰ লগতে সালসলনিসমূহ পৰ্যালোচনা কৰাৰ সুযোগ দিম। আপুনি যদি নতুন চৰ্তাৱলীত সন্মতি নিদিয়ে, আপুনি আঁতৰাই সেৱাসমূহ ব্যৱহাৰ কৰা বন্ধ কৰা উচিত। আপুনি আপোনাৰ Google একাউণ্টটো বন্ধ কৰি যিকোনো সময়তে আমাৰ সৈতে আপোনাৰ সম্পৰ্ক শেষ কৰিব পাৰে। যদি আপুনি আপোনাৰ Google একাউণ্ট বন্ধ কৰে আৰু তাৰ পাছত একাউণ্ট অবিহনে আমাৰ সেৱাসমূহ এক্সেছ বা ব্যৱহাৰ কৰে, তেন্তে সেই এক্সেছ আৰু ব্যৱহাৰ এই চৰ্তাৱলীৰ আটাইতকৈ বৰ্তমান সংস্কৰণৰ অধীন হ’ব।

সংজ্ঞা

অস্বীকাৰমূলক ঘোষণা

কাৰোবাৰ আইনী দায়বদ্ধতা সীমিত কৰা এটা বিবৃতি।

আপোনাৰ সমল

আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰি আপুনি সৃষ্টি কৰা, আপল’ড কৰা, দাখিল কৰা, ষ্ট’ৰ কৰা, পঠিওৱা, গ্ৰহণ কৰা অথবা শ্বেয়াৰ কৰা বস্তু, যেনে:

  • আপুনি সৃষ্টি কৰা ডক্, শ্বীট আৰু শ্লাইড
  • আপুনি Bloggerৰ জৰিয়তে আপল’ড কৰা ব্লগ প’ষ্ট
  • Mapsৰ জৰিয়তে দাখিল কৰা পৰ্যালোচনা
  • আপুনি Driveত ষ্ট’ৰ কৰা ভিডিঅ’
  • আপুনি Gmailৰ জৰিয়তে পঠিওৱা আৰু লাভ কৰা ইমেইল
  • আপুনি Photosৰ জৰিয়তে বন্ধুৰ সৈতে শ্বেয়াৰ কৰা প্ৰতিচ্ছবি
  • আপুনি Googleৰ সৈতে শ্বেয়াৰ কৰা ভ্ৰমণপঞ্জী

গ্ৰাহক

নিজৰ বাণিজ্য, ব্যৱসায়, শিল্প অথবা পেছাৰ বাহিৰত ব্যক্তিগত, অ-বাণিজ্যিক উদ্দেশ্যত Google সেৱাসমূহ ব্যৱহাৰ কৰা এগৰাকী ব্যক্তি। (ব্যৱহাৰকাৰী ব্যৱসায়ী চাওক)

ট্ৰেডমাৰ্ক

বাণিজ্যত ব্যৱহৃত চিহ্ন, নাম আৰু প্ৰতিচ্ছবিসমূহে এগৰাকী ব্যক্তি অথবা এটা প্ৰতিষ্ঠানৰ সামগ্ৰী অথবা সেৱাক আন এগৰাকী ব্যক্তি অথবা আন এটা প্ৰতিষ্ঠানৰ সামগ্ৰী অথবা সেৱাৰ পৰা পৃথক কৰিব পাৰে।

দায়বদ্ধতা

যিকোনো ধৰণৰ আইনী দাবীৰ পৰা হোৱা লোকচান, দাবীটো কোনো চুক্তি, টৰ্ট (গাফিলতিকে ধৰি) অথবা অন্যান্য কাৰণৰ ওপৰত ভিত্তি কৰিয়েই হওক আৰু সেই লোকচানসমূহ যুক্তিসংগতভাৱে আশা কৰা অথবা পূৰ্বানুমান কৰিব পৰা গ’লহেঁতেননে নাই।

দেশীয় সংস্কৰণ

আপোনাৰ যদি Google একাউণ্ট আছে, আমি আপোনাৰ একাউণ্টটো কোনো দেশ (অথবা অঞ্চল)ৰ সৈতে জড়িত কৰোঁ যাতে আমি এয়া নিৰ্ধাৰণ কৰিব পাৰোঁ:

  • আপোনালৈ সেৱা প্ৰদান কৰা আৰু আপুনি সেই সেৱাসমূহ ব্যৱহাৰ কৰিলে আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰা Googleৰ সহযোগী
  • আমাৰ সম্পৰ্ক নিয়ন্ত্ৰণ কৰা চৰ্তাৱলীৰ সংস্কৰণ

আপুনি ছাইন আউট কৰিলে, আপুনি Google সেৱাসমূহ ব্যৱহাৰ কৰি থকা অৱস্থানৰ দ্বাৰা আপোনাৰ দেশীয় সংস্কৰণটো নিৰ্ধাৰণ কৰা হয়। আপোনাৰ যদি কোনো একাউণ্ট আছে, আপুনি ছাইন ইন কৰিব পাৰে আৰু ইয়াৰ সৈতে জড়িত হৈ থকা দেশখন চাবলৈ এই চৰ্তাৱলী চাব পাৰে।

প্ৰতিষ্ঠান

এটা আইনগত প্ৰতিষ্ঠান (যেনে- নিগম, জনকল্যাণমূলক সংস্থা অথবা বিদ্যালয়) আৰু কোনো গাইগুটীয়া ব্যক্তি নহয়।

বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (IP অধিকাৰ)

ব্যক্তিৰ মনৰ সৃষ্টিৰ ওপৰত অধিকাৰ, যেনে- উদ্ভাৱন (পেটেণ্টৰ অধিকাৰ), সাহিত্য আৰু কলাত্মক ৰচনা (স্বত্বাধিকাৰ), ডিজাইন (ডিজাইনৰ অধিকাৰ) আৰু বাণিজ্যত ব্যৱহৃত চিহ্ন, নাম আৰু প্ৰতিচ্ছবি (ট্ৰেডমাৰ্ক)। IP অধিকাৰ আপোনাৰ, অন্য ব্যক্তি অথবা প্ৰতিষ্ঠানৰ হ’ব পাৰে।

ব্যৱহাৰকাৰী ব্যৱসায়ী

এগৰাকী ব্যক্তি অথবা এটা এণ্টিটী যি উপভোক্তা নহয় (উপভোক্তা চাওক)।

ৱাৰেণ্টী

এটা আশ্বাস যে এটা প্ৰ’ডাক্ট অথবা সেৱাই এটা নিৰ্দিষ্ট মানৰ কাম কৰিব।

সহযোগী

Googleৰ কোম্পানীৰ গোটৰ অন্তৰ্ভুক্ত এটা সংস্থা, যাৰ অৰ্থ হৈছে EUত উপভোক্তা সেৱা আগবঢ়োৱা এই কোম্পানীসমূহকে ধৰি Google LLC আৰু ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত কোম্পানী: Google Ireland Limited, Google Commerce Limited আৰু Google Dialer Inc.।

সেৱা

এই চৰ্তাৱলীৰ অধীনত থকা Google সেৱাসমূহ হৈছে https://policies.google.com/terms/service-specificত সূচীবদ্ধ কৰা প্ৰ’ডাক্ট আৰু সেৱা, য’ত এয়া অন্তৰ্ভুক্ত:

  • এপ্‌ আৰু ছাইট (Search আৰু Mapsৰ দৰে)
  • প্লেটফৰ্ম (যেনে- Google Shopping)
  • একত্ৰিত সেৱা (যেনে- অন্য কোম্পানীৰ এপ্‌ অথবা ছাইটত এম্বেড কৰা Maps)
  • (Google Nestৰ দৰে) ডিভাইচ আৰু বস্তু

এই সেৱাসমূহৰ বহুতো সেৱাত আপুনি ষ্ট্ৰীম কৰিব পৰা অথবা ভাব-বিনিময় কৰিব পৰা সমলো অন্তৰ্ভুক্ত।

কোনো মূল কাম (ব্লগ প’ষ্ট, ফট’ অথবা ভিডিঅ’)ৰ সৃষ্টিকৰ্তাগৰাকীক নিৰ্দিষ্ট কিছুমান সীমাবদ্ধতা আৰু ব্যতিক্ৰম অনুসৰি অন্য লোকে সেই মূল কামটো ব্যৱহাৰ কৰিব পাৰিব নে নোৱাৰে আৰু যদি পাৰে, কিদৰে কৰিব পাৰে তাৰ সিদ্ধান্ত ল’বলৈ দিয়া এক আইনী অধিকাৰ (যেনে আইনসন্মত ব্যৱহাৰ অথবা আইনসন্মত লেনদেন)।

ক্ষতিপূৰণ কৰা অথবা ক্ষতিপূৰণ

গোচৰৰ দৰে আইনগত ব্যৱস্থাৰ পৰা আন ব্যক্তি অথবা প্ৰতিষ্ঠানৰ হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়াৰ কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানৰ চুক্তিবদ্ধ বাধ্যবাধকতা।

এটা নতুন টেবত খোলে(ফুটন’ট খোলে)
  • Afrikaans
  • Bahasa Indonesia
  • Bahasa Melayu
  • Català
  • Čeština
  • Dansk
  • Deutsch
  • Eesti
  • English
  • English (India)
  • English (United Kingdom)
  • Español
  • Español (Latinoamérica)
  • Euskara
  • Filipino
  • Français
  • Français (Canada)
  • Gaeilge
  • Galego
  • Hrvatski
  • Isizulu
  • Íslenska
  • Italiano
  • Kiswahili
  • Latviešu
  • Lietuvių
  • Magyar
  • Malti
  • Nederlands
  • Norsk
  • Polski
  • Português (Brasil)
  • Português (Portugal)
  • Română
  • Slovenčina
  • Slovenščina
  • Srpski
  • Suomi
  • Svenska
  • Tiếng Việt
  • Türkçe
  • অসমীয়া
  • Ελληνικά
  • Български
  • ଓଡିଆ
  • Русский
  • Српски
  • Українська
  • ‫עברית‬
  • ‫اردو‬
  • ‫العربية‬
  • ‫فارسی‬
  • አማርኛ
  • मराठी
  • हिन्दी
  • বাংলা
  • ગુજરાતી
  • தமிழ்
  • తెలుగు
  • ಕನ್ನಡ
  • മലയാളം
  • ไทย
  • 한국어
  • 中文 (香港)
  • 中文(简体中文)
  • 中文(繁體中文)
  • 日本語
Google apps
Main menu