Generative AIৰ নিষিদ্ধ ব্যৱহাৰৰ নীতি
অন্তিমবাৰ সংশোধন কৰাৰ তাৰিখ: ১৭ ডিচেম্বৰ, ২০২৪
Generative AIৰ মডেলসমূহে আপোনাক অন্বেষণ কৰাত, শিকাত আৰু সৃষ্টি কৰাত সহায় কৰিব পাৰে। আমি বিচাৰোঁ যে আপুনি যেন সেইসমূহৰ সৈতে এক দায়িত্বশীল, আইনসংগত আৰু সুৰক্ষিত ধৰণে জড়িত হয়। এই নীতিটো মানি চলা Googleৰ প্ৰ’ডাক্ট আৰু সেৱাত আপুনি Generative AIৰ সৈতে কৰা ভাব-বিনিময়ত এই প্ৰতিবন্ধকতাসমূহ প্ৰযোজ্য।
- বিপজ্জনক বা অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব বা অন্যথা প্ৰযোজ্য আইন বা বিধি উলংঘন নকৰিব। ইয়াত এনে সমলৰ সৃষ্টি বা বিতৰণ অন্তৰ্ভুক্ত যি:
- শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতন বা শোষণৰ সৈতে জড়িত।
- হিংসাত্মক উগ্ৰবাদ বা সন্ত্ৰাসবাদৰ সুবিধা কৰি দিয়ে।
- সন্মতিবিহীন অন্তৰংগ চিত্ৰাৱলী শ্বেয়াৰ কৰাৰ সুবিধা কৰি দিয়ে।
- আত্ম-হানি কৰাৰ সুবিধা কৰি দিয়ে।
- বেআইনী কাৰ্যকলাপ বা আইন উলংঘনৰ সুবিধা কৰি দিয়ে -- উদাহৰণস্বৰূপে, বেআইনী বা নিয়ন্ত্ৰিত দ্ৰব্য, সামগ্ৰী বা সেৱা সৃষ্টি বা এক্সেছ কৰাৰ নিৰ্দেশনা প্ৰদান কৰা।
- গোপনীয়তা আৰু বৌদ্ধিক সম্পত্তিৰ অধিকাৰকে ধৰি অন্য লোকৰ অধিকাৰ উলংঘন কৰে -- উদাহৰণস্বৰূপে, আইনগতভাৱে আৱশ্যক হোৱা সন্মতি নোলোৱাকৈ ব্যক্তিগত ডেটা বা বায়’মেট্ৰিক ব্যৱহাৰ কৰা।
- সন্মতি নোলোৱাকৈ লোকক অনুসৰণ বা নিৰীক্ষণ কৰে।
- উচ্চ বিপদাশংকা থকা বিষয়ত কোনো লোকৰ তত্বাৱধান নোহোৱাকৈ ব্যক্তিগত অধিকাৰৰ ওপৰত ভৌতিক ক্ষতিকাৰক প্ৰভাৱ পেলোৱা স্বয়ংক্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰে -- উদাহৰণস্বৰূপে, নিয়োগ, স্বাস্থ্যসেৱা, বিত্ত, আইনী, গৃহ নিৰ্মাণ, বীমা বা সমাজ কল্যাণৰ ক্ষেত্ৰত।
- অন্য লোকৰ বা Googleৰ সেৱাৰ সুৰক্ষা আপোচ নকৰিব। ইয়াত এনে সমলৰ সৃষ্টি বা বিতৰণ অন্তৰ্ভুক্ত যিয়ে এইসমূহৰ সুবিধা কৰি দিয়ে:
- স্পাম, ফিশ্বিং বা মালৱেৰ।
- Googleৰ বা অন্য লোকৰ আন্তঃগাঁথনি বা সেৱাৰ অপব্যৱহাৰ কৰা, ক্ষতি কৰা, তাত হস্তক্ষেপ কৰা বা ব্যাঘাত জন্মোৱা।
- অপব্যৱহাৰ ৰোধ বা সুৰক্ষা সম্পৰ্কীয় ফিল্টাৰ প্ৰৱঞ্চনাৰে এৰাই চলা -- উদাহৰণস্বৰূপে, আমাৰ নীতি উলংঘন কৰিবলৈ মডেলটো হেৰফেৰ কৰা।
- যৌনগন্ধী, হিংসাত্মক, ঘৃণাসূচক বা ক্ষতিকাৰক কাৰ্যকলাপত লিপ্ত নহ’ব। ইয়াত এনে সমলৰ সৃষ্টি বা বিতৰণ অন্তৰ্ভুক্ত যিয়ে এইসমূহৰ সুবিধা কৰি দিয়ে:
- ঘৃণা বা বিদ্বেষপূৰ্ণ অভিব্যক্তি।
- অন্য লোকক হাৰাশাস্তি কৰা, উৎপীড়ন চলোৱা, ভীতি প্ৰদৰ্শন কৰা, দুৰ্ব্যৱহাৰ কৰা বা ঠাট্টা কৰা।
- হিংসা বা হিংসাক উচটনি যোগোৱা।
- যৌনগন্ধী সমল -- উদাহৰণস্বৰূপে, পৰ্ন’গ্ৰাফী বা যৌন সন্তুষ্টিৰ উদ্দেশ্যে সৃষ্টি কৰা সমল।
- ভুল তথ্য বিয়পোৱা, ভুল উদ্ধৃতি দিয়া বা বিপথে চালিত কৰিব পৰা কাৰ্যকলাপত লিপ্ত নহ’ব। ইয়াত এইসমূহ অন্তৰ্ভুক্ত
- প্ৰৱঞ্চনা, কেলেংকাৰী বা অন্য প্ৰতাৰণামূলক কাৰ্য।
- প্ৰতাৰণা কৰাৰ উদ্দেশ্যে, স্পষ্ট সদৰীকৰণৰ অবিহনে কোনো ব্যক্তিৰ (জীৱিত বা মৃত) ছদ্মৱেশ ধাৰণ কৰা।
- প্ৰতাৰণা কৰাৰ উদ্দেশ্যে, সংবেদনশীল ক্ষেত্ৰত, উদাহৰণস্বৰূপে স্বাস্থ্য, বিত্ত, চৰকাৰী সেৱা বা আইনৰ ক্ষেত্ৰত বিশেষজ্ঞতা বা দক্ষতা বিষয়ক বিভ্ৰান্তিকৰ দাবী উত্থাপনৰ সুবিধা কৰি দিয়া।
- প্ৰতাৰণা কৰাৰ উদ্দেশ্যে, চৰকাৰী বা গণতান্ত্ৰিক প্ৰক্ৰিয়া বা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক প্ৰথাৰ সৈতে সম্পৰ্কিত বিভ্ৰান্তিকৰ দাবী কৰাৰ সুবিধা কৰি দিয়া।
- প্ৰতাৰণা কৰাৰ উদ্দেশ্যে, সমলটো মাত্ৰ মানুহৰ দ্বাৰা সৃষ্টি কৰা বুলি দাবী কৰি সমলৰ উৎস ভুলকৈ উপস্থাপন কৰা।
আমি এই নীতিসমূহৰ শৈক্ষিক, তথ্য-সম্বলিত, বৈজ্ঞানিক বা কলাত্মক বিবেচনাৰ ওপৰত ভিত্তি কৰি বা জনসাধাৰণৰ বাবে ক্ষতিৰ তুলনাত লাভৰ পৰিমাণ বেছি হোৱাৰ ক্ষেত্ৰত ব্যতিক্ৰম কৰিব পাৰোঁ।
