Privacy & Terms
Privacy & Terms

Googleৰ গোপনীয়তাৰ নীতি

যেতিয়া আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰে, আপুনি আপোনাৰ তথ্যৰ সৈতে আমাক বিশ্বাস কৰে. আমি বুজি পাওঁ যে এইটো এটা ডাঙৰ দায়িত্ব আৰু আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈ আৰু আপোনাক সেইবিলাকৰ নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ।

আমি কি তথ্য সংগ্ৰহ কৰোঁ, সেয়া আমি কিয় সংগ্ৰহ কৰোঁ আৰু আপুনি আপোনাৰ তথ্য কিদৰে আপডে’ট কৰিব, পৰিচালনা কৰিব, ৰপ্তানি কৰিব আৰু মচিব পাৰে সেয়া বুজাত সহায় কৰিবলৈ এই গোপনীয়তাৰ নীতিটো বনোৱা হৈছে।

গোপনীয়তা পৰীক্ষা

আপোনাৰ গোপনীয়তাৰ ছেটিং সলনি কৰিবলৈ বিচাৰিছে নেকি?

গোপনীয়তাৰ পৰীক্ষা কৰক

১১ ডিচেম্বৰ, ২০২৫ৰ পৰা কাৰ্যকৰী | Archived versions | Download PDF

আমি বিভিন্ন সেৱা নিৰ্মাণ কৰোঁ যিয়ে দৈনিক লাখ লাখ লোকক নতুন উপায়েৰে পৃথিৱীৰ সৈতে অন্বেষণ কৰাত সহায় কৰে। আমাৰ সেৱাবোৰৰ ভিতৰত আছে:

  • Search, YouTube আৰু Google Homeৰ দৰে Google এপ্‌
  • Chrome ব্ৰাউজাৰ আৰু Android অ’পাৰেটিং ছিষ্টেমৰ দৰে প্লেটফৰ্ম
  • বিজ্ঞাপন, এনালিটিক্স আৰু এম্বেড কৰা Google Mapsৰ দৰে তৃতীয় পক্ষৰ এপ্‌ আৰু ছাইটৰ সৈতে একত্ৰিত কৰা প্ৰ’ডাক্ট

আপোনাৰ গোপনীয়তা পৰিচালনা কৰিবলৈ আপুনি আমাৰ সেৱাসমূহ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি ইমেইল আৰু ফট’ৰ দৰে সমল সৃষ্টি আৰু পৰিচালনা কৰিবলৈ বিচাৰে অথবা অধিক প্ৰাসংগিক সন্ধানৰ ফলাফল চাব বিচাৰে, তেন্তে আপুনি এটা Google একাউণ্টৰ বাবে ছাইন আপ কৰিব পাৰে। আৰু আপুনি ছাইন আউট কৰি থোৱা অৱস্থাত অথবা একাউণ্ট সৃষ্টি নকৰাকৈয়ে বহুতো Google সেৱা ব্যৱহাৰ কৰিব পাৰে, যেনে- Googleত সন্ধান কৰা অথবা YouTube ভিডিঅ’ চোৱা। আপুনি লগতে Chromeৰ ইনক’গনিট’ ম’ডৰ দৰে ব্যক্তিগত ম’ডত ৱেব ব্ৰাউজ কৰিবলৈ বাছনি কৰিব পাৰে, যিয়ে আপোনাৰ ডিভাইচ ব্যৱহাৰ কৰা অন্য লোকৰ পৰা আপোনাৰ ব্ৰাউজিং ব্যক্তিগত কৰি ৰখাত সহায় কৰে। আৰু আমাৰ সমগ্ৰ সেৱা জুৰি, আমি কিছুমান ধৰণৰ ডেটা সংগ্ৰহ কৰিব পাৰোঁ নে নোৱাৰোঁ আৰু আমি তেনে ডেটা কেনেকৈ ব্যৱহাৰ কৰোঁ সেয়া নিয়ন্ত্ৰণ কৰিবলৈ আপুনি আপোনাৰ গোপনীয়তাৰ ছেটিং মিলাব পাৰে।

যিমান সম্ভৱ সিমান স্পষ্টকৈ কথাবোৰ ব্যাখ্যা কৰাত সহায় কৰিবলৈ আমি উদাহৰণ, ব্যাখ্যামূলক ভিডিঅ’ আৰু মূল শব্দবোৰৰ সংজ্ঞা যোগ দিছোঁ। আৰু আপোনাৰ যদি এই গোপনীয়তাৰ নীতিটোক লৈ কিবা প্ৰশ্ন আছে, আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে

Googleএ সংগ্ৰহ কৰা তথ্য

আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে আমি সংগ্ৰহ কৰা তথ্যখিনিৰ ধৰণৰ বিষয়ে আপুনি বুজি পোৱাটো আমি বিচাৰোঁ

আমাৰ সকলো ব্যৱহাৰকাৰীক উন্নত সেৱা প্ৰদান কৰিবলৈ আমি তথ্য সংগ্ৰহ কৰোঁ, য’ত - আপুনি কোৱা ভাষাৰ দৰে সাধাৰণ বিষয়ৰ পৰা আৰম্ভ কৰি কোনবোৰ , অথবা আপুনি কোনবোৰ YouTube ভিডিঅ’ পচন্দ কৰিব পাৰেৰ দৰে অধিক জটিল বিষয় সম্পৰ্কে জনা আদি অন্তৰ্ভুক্ত হয়। Googleএ সংগ্ৰহ কৰা তথ্য আৰু সেই তথ্য কিদৰে ব্যৱহাৰ কৰা হয় সেয়া নিৰ্ভৰ কৰিব আপুনি কিদৰে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰে আৰু আপুনি কিদৰে আপোনাৰ গোপনীয়তাৰ নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰে।

যেতিয়া আপুনি Google একাউণ্টত ছাইন ইন নকৰে, আমি সংগ্ৰহ কৰা তথ্য আপুনি ব্যৱহাৰ কৰা ব্ৰাউজাৰ, এপ্লিকেশ্বন অথবা ৰ সৈতে সংযুক্ত হৈ থকা ৰ সৈতে ছেভ কৰোঁ। ইয়ে আমাক সমগ্ৰ ব্ৰাউজিঙৰ ছেশ্বন জুৰি আপোনাৰ অগ্ৰাধিকাৰসমূহ বজাই ৰখাৰ দৰে কাম কৰিবলৈ সুবিধা দিয়ে, যেনে- আপুনি অগ্ৰাধিকাৰ দিয়া ভাষা অথবা আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপোনাক অধিক প্ৰাসংগিক সন্ধানৰ ফলাফল অথবা বিজ্ঞাপন দেখুৱাব লাগেনে নালাগে।

আপুনি ছাইন ইন কৰি থ’লে আমি এনেকুৱা তথ্যও সংগ্ৰহ কৰোঁ যিবোৰক আমি ৰ মৰ্যাদা দি আপোনাৰ Google একাউণ্টত ষ্ট’ৰ কৰি থওঁ।

আপুনি সৃষ্টি কৰা অথবা আমাক প্ৰদান কৰা বস্তু

যেতিয়া আপুনি এটা Google একাউণ্ট সৃষ্টি কৰে, আপুনি আমাক প্ৰদান কৰে, য’ত আপোনাৰ নাম আৰু এটা পাছৱৰ্ড অন্তৰ্ভুক্ত। আপুনি আপোনাৰ একাউণ্টত অথবাও যোগ দিবলৈ বাছনি কৰিব পাৰে। যদিও আপুনি কোনো Google একাউণ্টত ছাইন ইন কৰি থোৱা নাই, Googleৰ সৈতে যোগাযোগ কৰিবলৈ অথবা আমাৰ সেৱাসমূহৰ বিষয়ে আপডে’ট লাভ কৰিবলৈ ইমেইল ঠিকনাৰ দৰে তথ্য আমাক প্ৰদান কৰিবলৈ বাছনি কৰিব পাৰে।

আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰোঁতে আপুনি সৃষ্টি কৰা, আপল’ড কৰা আৰু অন্য লোকৰ পৰা গ্ৰহণ কৰা সমলো আমি সংগ্ৰহ কৰোঁ। ইয়াৰ ভিতৰত আপুনি লিখা আৰু লাভ কৰা ইমেইল, আপুনি ছেভ কৰা ফট’ আৰু ভিডিঅ’, আপুনি সৃষ্টি কৰা নথি আৰু স্প্ৰেডশ্বীট আৰু YouTube ভিডিঅ’ত আপুনি কৰা মন্তব্যৰ দৰে সমল অন্তৰ্ভুক্ত।

আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে আমি সংগ্ৰহ কৰা তথ্য

আপোনাৰ এপ্‌, ব্ৰাউজাৰ আৰু ডিভাইচ

Google সেৱাসমূহ এক্সেছ কৰিবলৈ আপুনি ব্যৱহাৰ কৰা এপ্‌, ব্ৰাউজাৰ আৰু সম্পৰ্কীয় তথ্য আমি সংগ্ৰহ কৰোঁ, যিয়ে আমাক প্ৰ’ডাক্টৰ স্বয়ংক্ৰিয় আপডে’ট আৰু আপোনাৰ বেটাৰী কমি গ’লে আপোনাৰ স্ক্ৰীনৰ পোহৰ কম কৰি দিয়াৰ দৰে সুবিধা প্ৰদান কৰাত সহায় কৰে।

আমি সংগ্ৰহ কৰা তথ্যত , ব্ৰাউজাৰৰ ধৰণ আৰু ছেটিং, ডিভাইচৰ ধৰণ আৰু ছেটিং, অ’পাৰেটিং ছিষ্টেম, বাহকৰ নাম আৰু ফ’ন নম্বৰকে ধৰি ম’বাইল নেটৱৰ্কৰ তথ্য আৰু এপ্লিকেশ্বনৰ সংস্কৰণৰ নম্বৰ অন্তৰ্ভুক্ত। আমি আপোনাৰ এপ্‌, ব্ৰাউজাৰ আৰু ডিভাইচসমূহে আমাৰ সেৱাসমূহৰ সৈতে কৰা যোগাযোগৰ বিষয়েও তথ্য সংগ্ৰহ কৰোঁ, য’ত , ক্ৰেশ্ব ৰিপ’ৰ্ট, ছিষ্টেমৰ কাৰ্যকলাপ আৰু আপোনাৰ অনুৰোধৰ তাৰিখ, সময় আৰু অন্তৰ্ভুক্ত।

আমি এই তথ্য সংগ্ৰহ কৰোঁ যেতিয়া আপোনাৰ ডিভাইচত থকা কোনো Google সেৱাই আমাৰ ছাৰ্ভাৰৰ সৈতে যোগাযোগ কৰে — উদাহৰণস্বৰূপে, যেতিয়া আপুনি Play Storeৰ পৰা এটা এপ্‌ ইনষ্টল কৰোঁতে অথবা যেতিয়া এটা সেৱাই স্বয়ংক্ৰিয় আপডে’ট আছে নেকি পৰীক্ষা কৰাৰ সময়ত। যদি আপুনি ব্যৱহাৰ কৰি আছে, আপোনাৰ ডিভাইচে আপোনাৰ ডিভাইচ আৰু আমাৰ সেৱাসমূহৰ মাজৰ সংযোগৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ সময়ে সময়ে Google ছাৰ্ভাৰসমূহৰ সৈতে যোগাযোগ কৰে। এই তথ্যত আপোনাৰ ডিভাইচৰ ধৰণ আৰু বাহকৰ নাম, ক্রেশ্ব ৰিপ’র্ট, আপুনি কোনবোৰ এপ্‌ ইনষ্টল কৰিছে আৰু আপোনাৰ ডিভাইচৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি আপোনাৰ Android ডিভাইচ কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে অন্য তথ্য অন্তৰ্ভুক্ত

আপোনাৰ কাৰ্যকলাপ

আমি আমাৰ সেৱাসমূহত আপুনি কৰা কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ, যিবোৰ আমি আপুনি পচন্দ কৰিব পৰা কোনো YouTube ভিডিঅ’ৰ চুপাৰিছ কৰাৰ দৰে কাম কৰিবলৈ ব্যৱহাৰ কৰোঁ। আমি সংগ্ৰহ কৰা কাৰ্যকলাপৰ তথ্যত এয়া অন্তৰ্ভুক্ত হ’ব পাৰে:

যদি আপুনি আমাৰ ব্যৱহাৰ কৰে, আমি কল আৰু বাৰ্তাৰ লগৰ তথ্য, যেনে আপোনাৰ ফ’ন নম্বৰ, কল কৰা পক্ষৰ নম্বৰ, প্ৰাপক পক্ষৰ নম্বৰ, ফৰৱাৰ্ডিং নম্বৰ, প্ৰেৰক আৰু প্ৰাপকৰ ইমেইল ঠিকনা, কল আৰু বাৰ্তাৰ সময় আৰু তাৰিখ, কলৰ সময় অৱধি, ৰুটিং সম্পৰ্কীয় তথ্য আৰু কল আৰু বাৰ্তাৰ প্ৰকাৰ আৰু ভলিউম সংগ্ৰহ কৰিব পাৰোঁ।

আপোনাৰ একাউণ্টত ছেভ হৈ থকা কাৰ্যকলাপৰ তথ্য বিচাৰিবলৈ আৰু পৰিচালনা কৰিবলৈ আপুনি আপোনাৰ Google একাউণ্টটোলৈ যাব পাৰে।

আপোনাৰ অৱস্থান সম্পৰ্কীয় তথ্য

আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিলে আমি আপোনাৰ অৱস্থান সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰোঁ, যিয়ে গাড়ী চলাই থাকোঁতে পোৱা দিক্‌-নিৰ্দেশনা, আপোনাৰ ওচৰে-পাজৰে থকা বস্তুৰ সন্ধানৰ ফলাফল আৰু আপোনাৰ অৱস্থানৰ ওপৰত আধাৰিত বিজ্ঞাপনৰ দৰে সুবিধা প্ৰদান কৰাত আমাক সহায় কৰে।

আপুনি ব্যৱহাৰ কৰি থকা প্ৰ’ডাক্ট আৰু আপুনি বাছনি কৰা ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Googleএ আপুনি ব্যৱহাৰ কৰা কিছুমান সেৱা আৰু প্ৰ’ডাক্ট অধিক সহায়ক কৰাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিব পাৰে। য’ত এইবোৰ অন্তৰ্ভুক্ত:

আমি সংগ্ৰহ কৰা অৱস্থানৰ ডেটাৰ ধৰণ আৰু আমি সেয়া কিমান সময় ষ্ট’ৰ কৰি ৰাখোঁ সেয়া আপোনাৰ ডিভাইচ আৰু একাউণ্টৰ ছেটিঙৰ ওপৰত আংশিকভাৱে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ ডিভাইচৰ ছেটিং এপ্‌টো ব্যৱহাৰ কৰি আপোনাৰ Android ডিভাইচৰ অৱস্থান অন অথবা অফ কৰিব পাৰে। যদি আপুনি আপোনাৰ ছাইন ইন কৰি থোৱা ডিভাইচ লগত লৈ য’লৈ যায় তাৰ এখন ব্যক্তিগত মেপ সৃষ্টি কৰিবলৈ বিচাৰে, আপুনি লগতে টাইমলাইন অন কৰিব পাৰে। আৰু আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপৰ ছেটিং সক্ষম কৰা থাকিলে আপুনি Googleৰ সেৱাসমূহত কৰা সন্ধান আৰু অন্য কাৰ্যকলাপ আপোনাৰ Google একাউণ্টত ছেভ কৰা হয়, য’ত অৱস্থানৰ তথ্যও থাকিব পাৰে। আমি অৱস্থান সম্পৰ্কীয় তথ্য কিদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক জানক।


কিছুমান পৰিস্থিতিত, Googleএ ৰ পৰাও আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। উদাহৰণস্বৰূপে, যদি আপোনাৰ স্থানীয় বাতৰি কাকতত আপোনাৰ নাম ওলায়, তেন্তে Googleৰ সন্ধান ইঞ্জিনে সেই প্ৰবন্ধটো ইনডেক্স কৰিব পাৰে আৰু আন লোকক প্ৰদৰ্শন কৰিব পাৰে যদিহে তেওঁলোকে আপোনাৰ নাম সন্ধান কৰে। আমি বিশ্বাসযোগ্য অংশীদাৰৰ পৰাও আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰোঁ, যেনে- ডাইৰেক্টৰী সেৱা, যিয়ে আমাক Google সেৱাসমূহত প্ৰদৰ্শন কৰিবলৈ ব্যৱসায়ৰ তথ্য প্ৰদান কৰে; বিপণন অংশীদাৰ, যিয়ে আমাক আমাৰ ব্যৱসায়িক সেৱাৰ সম্ভাব্য গ্ৰাহকৰ বিষয়ে তথ্য প্ৰদান কৰে আৰু সুৰক্ষা অংশীদাৰ, যিয়ে আমাক ৰ ক্ষেত্ৰত তথ্য প্ৰদান কৰে। আমি অংশীদাৰসকলৰ পৰাও প্ৰদান কৰিবলৈ তথ্য লাভ কৰোঁ।

আমি তথ্য সংগ্ৰহ আৰু ষ্ট’ৰ কৰিবলৈ বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰোঁ, য’ত , , অথবা , ডেটাবে’ছ আৰু ৰ দৰে স্থানীয় ষ্ট’ৰেজ অন্তৰ্ভুক্ত।

Googleএ কিয় ডেটা সংগ্ৰহ কৰে

আগতকৈ উন্নত সেৱা নিৰ্মাণ কৰিবলৈ আমি ডেটা ব্যৱহাৰ কৰোঁ

নিম্নোক্ত উদ্দেশ্যসমূহৰ বাবে আমি আমাৰ আটাইবোৰ সেৱাৰ পৰা সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ:

আমাৰ সেৱা প্ৰদান কৰা

ফলাফল প্ৰদান কৰিবলৈ আপুনি সন্ধান কৰা শব্দৰ প্ৰক্ৰিয়াকৰণ কৰা অথবা আপোনাৰ সম্পৰ্কসূচীৰ পৰা প্ৰাপকৰ পৰামৰ্শ আগবঢ়াই আপোনাক সমল শ্বেয়াৰ কৰাত সহায় কৰাৰ দৰে আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ।

আমাৰ সেৱাসমূহ বৰ্তাই ৰখা আৰু উন্নত কৰা

আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ, যেনে- অচলাৱস্থাৰ ট্ৰেক কৰা অথবা আপুনি আমাক অভিযোগ দিয়া সমস্যাৰ সমাধান কৰা। আৰু আমাৰ সেৱা আমি আপোনাৰ তথ্য ব্যৱহাৰ কৰোঁ — উদাহৰণস্বৰূপে, সন্ধান কৰিবলৈ ব্যৱহাৰ কৰা কোনবোৰ শব্দৰ বানান সঘনাই ভুল হয় সেয়া বুজি পালে আমাৰ সমগ্ৰ সেৱাত ব্যৱহাৰ হোৱা বানান-পৰীক্ষণ সুবিধাসমূহ উন্নত কৰাত আমাৰ সহায় হয়।

নতুন সেৱাৰ বিকাশ কৰা

নতুন সেৱাৰ বিকাশ কৰিবলৈ আমি ইতিমধ্যে থকা সেৱাসমূহত সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, লোকসকলে Googleৰ প্ৰথম ফট’ এপ্‌ Picasaত তেওঁলোকৰ ফট’সমূহ কিদৰে সজাই থৈছিল সেয়া বুজি পোৱাৰ কাৰণে Google Photosৰ ডিজাইন কৰাত তথা সেইটো লঞ্চ কৰাত আমাৰ সহায় হৈছিল।

সমল আৰু বিজ্ঞাপনকে ধৰি ব্যক্তিগতকৃত সেৱা প্ৰদান কৰা

আপোনাৰ বাবে আমাৰ সেৱাসমূহ কাষ্টমাইজ কৰিবলৈ আমি সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ, য’ত চুপাৰিছ, ব্যক্তিগতকৃত সমল আৰু প্ৰদান কৰাটো অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, সুৰক্ষা সম্পৰ্কীয় পৰীক্ষাই আপুনি কিদৰে Googleৰ প্ৰ’ডাক্টসমূহ ব্যৱহাৰ কৰে তাৰ সৈতে মিলা সুৰক্ষা সম্পৰ্কীয় কিটিপ প্ৰদান কৰে। আৰু, আপোনাৰ উপলব্ধ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি ভাল পাব পৰা নতুন এপৰ পৰামৰ্শ দিবলৈ Google Playএ আপুনি ইতিমধ্যে ইনষ্টল কৰা এপ্‌সমূহ আৰু আপুনি YouTubeত চোৱা ভিডিঅ’সমূহৰ দৰে তথ্য ব্যৱহাৰ কৰিব পাৰে।

আপোনাৰ ছেটিঙৰ ওপৰত ভিত্তি কৰি আমি আপোনাক আপোনাৰ আগ্ৰহ আৰু সমগ্ৰ Google সেৱাত কৰা কাৰ্যকলাপৰ ওপৰত আধাৰিত দেখুৱাব পাৰোঁ। উদাহৰণস্বৰূপে, যদি আপুনি “মাউণ্টেইন বাইক” বুলি সন্ধান কৰে, তেন্তে আপুনি YouTubeত খেল খেলোঁতে দৰকাৰ হোৱা সঁজুলিৰ বিজ্ঞাপন দেখিব পাৰে। মোৰ বিজ্ঞাপনৰ কেন্দ্ৰত থকা আপোনাৰ বিজ্ঞাপনৰ ছেটিঙলৈ গৈ আপোনাক বিজ্ঞাপন দেখুৱাবলৈ আমি কি তথ্য ব্যৱহাৰ কৰোঁ সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে।

  • আমি আপোনাক বৰ্ণ, ধৰ্ম, যৌনাচাৰ অথবা স্বাস্থ্য আদিৰ দৰে ৰ ভিত্তিত ব্যক্তিগতকৃত বিজ্ঞাপন নেদেখুৱাওঁ।
  • আমি আপোনাৰ Drive, Gmail অথবা Photosৰ সমলৰ ভিত্তিত ব্যক্তিগতকৃত বিজ্ঞাপন নেদেখুৱাওঁ।
  • আপোনাৰ নাম অথবা ইমেইলৰ দৰে আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰা তথ্য আমি বিজ্ঞাপনদাতাৰ সৈতে শ্বেয়াৰ নকৰোঁ, যদিহে আপুনি সেয়া শ্বেয়াৰ কৰিবলৈ নকয়। উদাহৰণস্বৰূপে, আপুনি যদি ওচৰৰ কোনোবা ফুলৰ দোকানৰ বিজ্ঞাপন দেখা পায় আৰু “কল কৰিবলৈ টিপক” বুটামটো বাছনি কৰে, আমি আপোনাৰ কলটো ফুলৰ দোকানখনৰ সৈতে সংযোগ কৰিম আৰু আপোনাৰ ফ’ন নম্বৰটো হয়তো দোকানখনৰ সৈতে শ্বেয়াৰ কৰিম।

পাৰদৰ্শিতাৰ জোখ-মাখ কৰা

আমাৰ সেৱাসমূহ কেনেকৈ ব্যৱহাৰ কৰা হয় সেয়া বুজিবলৈ আমি বিশ্লেষণ আৰু জোখ-মাখৰ বাবে তথ্য ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আমি প্ৰ’ডাক্টৰ ডিজাইন অপ্টিমাইজ কৰাৰ দৰে কামবোৰ কৰিবলৈ আপুনি আমাৰ ছাইটসমূহ চোৱাৰ বিষয়ে তথ্য বিশ্লেষণ কৰোঁ। আৰু আমি বিজ্ঞাপনদাতাসকলক বুজাত সহায় কৰিবলৈ আপুনি ভাব-বিনিময় কৰা বিজ্ঞাপনসমূহৰ বিষয়েও তথ্য ব্যৱহাৰ কৰোঁ, য’ত আপোনাৰ প্ৰাসংগিক Google Searchৰ কাৰ্যকলাপ অন্তৰ্ভুক্ত। আমি এই কাম কৰিবলৈ Google Analyticsকে ধৰি বিভিন্ন সঁজুলি ব্যৱহাৰ কৰোঁ। যেতিয়া আপুনি কোনো ছাইট চায় অথবা Google Analytics ব্যৱহাৰ কৰা এপ্‌ ব্যৱহাৰ কৰে, Google Analyticsৰ গ্ৰাহকে সেই ছাইট অথবা এপত আপুনি কৰা কাৰ্যকলাপৰ বিষয়ে তথ্য আমাৰ বিজ্ঞাপন সেৱা ব্যৱহাৰ কৰা অন্য ছাইট অথবা এপ্‌সমূহত কৰা কাৰ্যকলাপৰ সৈতে কৰিবলৈ Googleক সক্ষমতা দিবলৈ বাছনি কৰিব পাৰে।

আপোনাৰ সৈতে যোগাযোগ কৰা

আপোনাৰ সৈতে পোনপটীয়াকৈ ভাব-বিনিময় কৰিবলৈ আপোনাৰ ইমেইল ঠিকনাৰ দৰে আমি সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আমি কোনো সন্দেহজনক কাৰ্যকলাপ, যেনে- কোনো অস্বাভাৱিক অৱস্থানৰ পৰা কোনোবাই আপোনাৰ Google একাউণ্টত ছাইন ইন কৰিবলৈ চেষ্টা কৰিলে আমি আপোনালৈ এটা জাননী পঠিয়াব পাৰোঁ। অথবা, আমাৰ সেৱাসমূহত হ’বলগীয়া অনাগত সালসলনি অথবা উন্নীতকৰণৰ বিষয়ে আমি আপোনাক জনাব পাৰোঁ। আৰু আপুনি যদি Googleৰ সৈতে যোগাযোগ কৰে, আপুনি সন্মুখীন হৈ থাকিব পৰা কোনো সমস্যা সমাধান কৰাত সহায় কৰিবলৈ আমি আপোনাৰ অনুৰোধটোৰ এটা ৰেকৰ্ড ৰাখিম।

Google, আমাৰ ব্যৱহাৰকাৰী আৰু সাধাৰণ লোকক সুৰক্ষা দিয়া

আমি আমাৰ সেৱাসমূহৰ উন্নত কৰাত সহায় কৰিবলৈ তথ্য ব্যৱহাৰ কৰোঁ। ইয়াৰ ভিতৰত আছে প্ৰৱঞ্চনা, অপব্যৱহাৰ, সুৰক্ষাজনিত বিপদ আৰু Google, আমাৰ ব্যৱহাৰকাৰী অথবা ৰ ক্ষতি কৰিব পৰা কাৰিকৰী সমস্যাসমূহ ধৰা পেলোৱা, প্ৰতিৰোধ কৰা আৰু সঁহাৰি জনোৱা।


এইবোৰৰ উদ্দেশ্যে আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰোঁ। আমি স্বয়ংক্ৰিয় ছিষ্টেম ব্যৱহাৰ কৰোঁ যিয়ে আপোনাক কিছুমান সুবিধা, যেনে- কাষ্টমাইজ কৰা সন্ধানৰ ফলাফল, ব্যক্তিগতকৃত বিজ্ঞাপন অথবা আপুনি আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ ধৰণৰ ওপৰত ভিত্তি কৰি যুগুত কৰা অন্য সুবিধা প্ৰদান কৰিবলৈ আপোনাৰ সমল বিশ্লেষণ কৰে। আৰু আমি আপোনাৰ সমল বিশ্লেষণ কৰোঁ যাতে স্পাম, মালৱেৰ আৰু বেআইনী সমলৰ দৰে আমাৰ সহায় হয়। আমি ডেটাৰ মাজত থকা আৰ্হি চিনাক্ত কৰিবলৈ ও ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, Google Translateএ আপুনি অনুবাদ কৰিবলৈ দিয়া বাক্যাংশৰ পৰা ভাষাৰ সাধাৰণ আৰ্হি চিনাক্ত কৰি লোকসকলক সমগ্ৰ ভাষাত কথা-বাৰ্তা পতাত সহায় কৰে।

ওপৰত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে আমাৰ সমগ্ৰ সেৱা আৰু আপোনাৰ আটাইবোৰ ডিভাইচত আমি ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যদি আপুনি YouTubeত গীটাৰবাদকৰ ভিডিঅ’ চায়, আপোনাৰ উপলব্ধ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আমাৰ বিজ্ঞাপনৰ প্ৰ’ডাক্ট ব্যৱহাৰ কৰা ছাইটত গীটাৰৰ পাঠৰ বাবে বিজ্ঞাপন দেখিব পাৰে। আপোনাৰ একাউণ্টৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Googleৰ সেৱা আৰু Googleএ প্ৰদান কৰা বিজ্ঞাপনসমূহ উন্নত কৰিবলৈ আপোনাৰ ব্যক্তিগত তথ্যৰ সৈতে জড়িত কৰা হ’ব পাৰে।

যদি অন্য ব্যৱহাৰকাৰীৰ সৈতে ইতিমধ্যে আপোনাৰ ইমেইল ঠিকনা অথবা আপোনাক চিনাক্ত কৰা অন্য তথ্য আছে, আমি তেওঁলোকক আপোনাৰ ৰাজহুৱাকৈ দৃশ্যমান Google একাউণ্টৰ তথ্য, যেনে- আপোনাৰ নাম আৰু ফট’ দেখুৱাব পাৰোঁ। উদাহৰণস্বৰূপে, এইটোৱে লোকসকলক আপোনাৰ পৰা অহা ইমেইল চিনাক্ত কৰাত সহায় কৰে।

এই গোপনীয়তাৰ নীতিয়ে সাঙুৰি নোলোৱা কোনো উদ্দেশ্যৰ বাবে আপোনাৰ তথ্য ব্যৱহাৰ কৰাৰ আগতে আমি আপোনাৰ সন্মতি বিচাৰিম।

আপোনাৰ গোপনীয়তাৰ নিয়ন্ত্ৰণ

আমি সংগ্ৰহ কৰা তথ্য আৰু সেয়া কিদৰে ব্যৱহাৰ কৰা হয় আপুনি সেই সম্পৰ্কীয় সিদ্ধান্ত ল’ব পাৰে

এই শাখাটোৱে আমাৰ সমগ্ৰ সেৱাত আপোনাৰ গোপনীয়তা পৰিচালনা কৰিবলৈ থকা মূল নিয়ন্ত্ৰণসমূহ বৰ্ণনা কৰে। আপুনি গোপনীয়তা সম্পৰ্কীয় পৰীক্ষালৈও যাব পাৰে, যিয়ে গুৰুত্বপূৰ্ণ গোপনীয়তাৰ ছেটিং পৰ্যালোচনা কৰিবলৈ আৰু মিলাবলৈ এটা সুযোগ প্ৰদান কৰে। এই সঁজুলিসমূহৰ উপৰিও, আমি আমাৰ প্ৰ’ডাক্টসমূহত নিৰ্দিষ্ট কিছুমান গোপনীয়তাৰ ছেটিঙো প্ৰদান কৰোঁ — আপুনি আমাৰ প্ৰ’ডাক্টৰ গোপনীয়তা সম্পৰ্কীয় নিৰ্দেশনাত অধিক জানিব পাৰে।

আপোনাৰ তথ্য পৰিচালনা, পৰ্যালোচনা আৰু আপডে’ট কৰা

আপুনি ছাইন ইন কৰি থ’লে, আপুনি ব্যৱহাৰ কৰা সেৱাসমূহলৈ গৈ আপুনি যিকোনো সময়তে তথ্য পৰ্যালোচনা আৰু আপডে’ট কৰিব পাৰে। উদাহৰণস্বৰূপে, Photos আৰু Drive উভয়কে আপুনি Googleৰ জৰিয়তে ছেভ কৰা নিৰ্দিষ্ট কিছুমান ধৰণৰ সমল পৰিচালনা কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।

আপোনাৰ Google একাউণ্টত ছেভ হৈ থকা তথ্য আপুনি পৰ্যালোচনা আৰু নিয়ন্ত্ৰণ কৰিবলৈ আমি এখন ঠাইও সাজি উলিয়াইছোঁ। আপোনাৰ Google একাউণ্টত এয়া অন্তৰ্ভুক্ত:

গোপনীয়তাৰ নিয়ন্ত্ৰণসমূহ

কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ

আপুনি আপোনাৰ একাউণ্টত কি ধৰণৰ কাৰ্যকলাপ ছেভ কৰিবলৈ বিচাৰে সেয়া নিৰ্ধাৰণ কৰক। উদাহৰণস্বৰূপে, যদি আপোনাৰ YouTube ইতিহাস অন কৰা আছে, তেন্তে আপুনি চোৱা ভিডিঅ’ আৰু আপুনি বিচৰা বস্তুবোৰ আপোনাৰ একাউণ্টত ছেভ কৰা হয়, যাতে আপুনি উন্নত চুপাৰিছ পাব পাৰে আৰু আপুনি কোন অংশত চোৱা বন্ধ কৰিছিল সেয়া মনত ৰাখিব পাৰে। আৰু যদি আপুনি ৱেব আৰু এপৰ কাৰ্যকলাপ অন কৰিছে, তেন্তে অন্য Google সেৱাৰ পৰা আপোনাৰ সন্ধান আৰু কাৰ্যকলাপ আপোনাৰ একাউণ্টত ছেভ কৰা হয় যাতে আপুনি দ্ৰুত সন্ধান আৰু অধিক সহায়ক এপ্‌ আৰু সমলৰ চুপাৰিছৰ দৰে অধিক ব্যক্তিগতকৃত অভিজ্ঞতা লাভ কৰিব পাৰে। ৱেব আৰু এপৰ কাৰ্যকলাপ এটা উপ-ছেটিঙো আছে যিটোৱে আপুনি Androidত ইনষ্টল আৰু ব্যৱহাৰ কৰা এপ্‌সমূহৰ দৰে Google সেৱাসমূহ ব্যৱহাৰ কৰা অন্য ছাইট, এপ্‌ আৰু ডিভাইচত আপুনি কৰা কাৰ্যকলাপৰ বিষয়ে তথ্য আপোনাৰ Google একাউণ্টত ছেভ আৰু সেইবোৰ Google সেৱাসমূহ উন্নত কৰিবলৈ ব্যৱহাৰ কৰা হয়নে নহয় সেয়া আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ দিয়ে।

কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহলৈ যাওক

বিজ্ঞাপনৰ ছেটিং

Googleত আৰু বিজ্ঞাপন দেখুৱাবলৈ Googleৰ সৈতে অংশীদাৰ হোৱা ছাইট আৰু এপত আপোনাক দেখুওৱা বিজ্ঞাপন সম্পৰ্কীয় অগ্ৰাধিকাৰ পৰিচালনা কৰক। আপুনি আপোনাৰ আগ্ৰহ সংশোধন কৰিব পাৰে, আপোনাৰ বাবে বিজ্ঞাপন অধিক প্ৰাসংগিক কৰি তুলিবলৈ আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব লাগেনে নালাগে সেয়া বাছনি কৰিব পাৰে আৰু নিৰ্দিষ্ট কিছুমান বিজ্ঞাপন সেৱা অন অথবা অফ কৰিব পাৰে।

মোৰ বিজ্ঞাপনৰ কেন্দ্ৰলৈ যাওক

আপোনাৰ বিষয়ে

আপোনাৰ Google একাউণ্টত ব্যক্তিগত তথ্য পৰিচালনা কৰক আৰু সমগ্ৰ Google সেৱাত কোনে সেইবোৰ চাব পাৰে সেয়া নিয়ন্ত্ৰণ কৰক।

আপোনাৰ বিষয়ে শাখালৈ যাওক

শ্বেয়াৰ কৰা নথিসমূহ

বিজ্ঞাপনত ওলোৱা আপোনাৰ কাৰ্যকলাপ, যেনে- পৰ্যালোচনা আৰু চুপাৰিছৰ কাষতে আপোনাৰ নাম আৰু ফট’ ওলাব লাগেনে নালাগে সেয়া বাছনি কৰক।

শ্বেয়াৰ কৰা মাচুল প্ৰযোজ্য প্ৰচাৰলৈ যাওক

Google সেৱাসমূহ ব্যৱহাৰ কৰা ছাইট আৰু এপ্‌

Google Analyticsৰ দৰে Google সেৱাসমূহ ব্যৱহাৰ কৰা ৱেবছাইট আৰু এপ্‌সমূহে আপুনি তেওঁলোকৰ সেৱাসমূহ চালে অথবা সেইবিলাকৰ সৈতে ভাব-বিনিময় কৰিলে তেওঁলোকে Googleৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য পৰিচালনা কৰক।

আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰা ছাইট অথবা এপ্‌সমূহৰ পৰা পোৱা তথ্য Googleএ কেনেকৈ ব্যৱহাৰ কৰেলৈ যাওক

আপোনাৰ তথ্য পৰ্যালোচনা আৰু আপডে’ট কৰাৰ উপায়

মোৰ কাৰ্যকলাপ

যেতিয়া আপুনি ছাইন ইন কৰি ৰাখে আৰু আপুনি সন্ধান কৰা অথবা Google Playলৈ যোৱাৰ দৰে কাম কৰিবলৈ Google সেৱাসমূহ ব্যৱহাৰ কৰে, তেতিয়া মোৰ কাৰ্যকলাপে আপোনাক আপোনাৰ Google একাউণ্টত ছেভ কৰা তথ্য পৰ্যালোচনা আৰু নিয়ন্ত্ৰণ কৰাৰ সুবিধা দিয়ে। আপুনি তাৰিখ আৰু বিষয়বস্তু অনুসৰি ব্ৰাউজ কৰিব পাৰে আৰু আপোনাৰ কাৰ্যকলাপৰ কিছু অংশ অথবা আটাইখিনি মচি পেলাব পাৰে।

মোৰ কাৰ্যকলাপলৈ যাওক

Google ডেশ্বব’ৰ্ড

Google ডেশ্বব’ৰ্ডে আপোনাক নিৰ্দিষ্ট কিছুমান প্ৰ’ডাক্টৰ সৈতে জড়িত তথ্য পৰিচালনা কৰিবলৈ দিয়ে।

ডেশ্বব’ৰ্ডলৈ যাওক

আপোনাৰ ব্যক্তিগত তথ্য

আপোনাৰ নাম, ইমেইল আৰু ফ’ন নম্বৰৰ দৰে আপোনাৰ যোগাযোগৰ তথ্য পৰিচালনা কৰক।

ব্যক্তিগত তথ্যলৈ যাওক

আপুনি ছাইন আউট কৰিলে আপুনি আপোনাৰ ব্ৰাউজাৰ অথবা ডিভাইচৰ সৈতে জড়িত তথ্য পৰিচালনা কৰিব পাৰে, য’ত এয়া অন্তৰ্ভুক্ত:

  • ছাইন আউট হৈ থকা অৱস্থাত কৰা সন্ধানৰ ব্যক্তিগতকৰণ: আপোনাক অধিক প্ৰাসংগিক ফলাফল আৰু চুপাৰিছ প্ৰদান কৰিবলৈ আপুনি কৰা সন্ধান সম্পৰ্কীয় কাৰ্যকলাপ ব্যৱহাৰ কৰিব লাগেনে নালাগে সেয়া বাছনি কৰক
  • YouTube ছেটিং: আপুনি YouTubeত কৰা সন্ধানৰ ইতিহাস আৰু আপুনি YouTubeত চোৱা ভিডিঅ’ৰ ইতিহাস পজ কৰক আৰু বিলোপ কৰক
  • বিজ্ঞাপনৰ ছেটিং: Googleত আৰু বিজ্ঞাপন দেখুৱাবলৈ Googleৰ সৈতে অংশীদাৰ হোৱা ছাইট আৰু এপত আপোনাক দেখুওৱা বিজ্ঞাপন সম্পৰ্কীয় অগ্ৰাধিকাৰ পৰিচালনা কৰক।

আপোনাৰ তথ্য ৰপ্তানি কৰা, আঁতৰোৱা আৰু মচা

যদি আপুনি আপোনাৰ Google একাউণ্টত থকা সমলৰ এটা বেকআপ ল’ব খোজে অথবা এই সমলখিনি Googleৰ বাহিৰৰ কোনো সেৱাত ব্যৱহাৰ কৰিব খোজে, তেন্তে সেইসমূহৰ এটা প্ৰতিলিপি ৰপ্তানি কৰিব পাৰে।

আপোনাৰ তথ্য মচিবলৈ আপুনি এয়া কৰিব পাৰে:

নিষ্ক্ৰিয় একাউণ্টৰ পৰিচালনাৰ সুবিধাটোৱে আপোনাক আপোনাৰ Google একাউণ্টৰ কিছু অংশ এক্সেছ কৰিবলৈ দিয়াৰ সুবিধা দিয়ে, যদিহে আপুনি অপ্ৰত্যাশিতভাৱে আপোনাৰ একাউণ্ট ব্যৱহাৰ কৰিব নোৱৰা হয়।

আৰু অৱশেষত, আপুনি প্ৰযোজ্য আইন আৰু আমাৰ নীতিৰ ভিত্তিত নিৰ্দিষ্ট Google সেৱাসমূহৰ পৰা সমল আঁতৰাবলৈও অনুৰোধ কৰিব পাৰে


আপুনি কোনো Google একাউণ্টত ছাইন ইন কৰি থওকেই অথবা নথওকেই, Googleএ সংগ্ৰহ কৰা তথ্য নিয়ন্ত্ৰণ কৰাৰ অন্য পদ্ধতি আছে, য’ত এয়া অন্তৰ্ভুক্ত:

  • ব্ৰাউজাৰৰ ছেটিং: উদাহৰণস্বৰূপে, Googleএ আপোনাৰ ব্ৰাউজাৰত ছেট কৰিলে সেয়া সূচাবলৈ আপুনি আপোনাৰ ব্ৰাউজাৰ কনফিগাৰ কৰিব পাৰে। আপুনি নিৰ্দিষ্ট কোনো ড’মেইন অথবা আটাইবোৰ ড’মেইনৰ পৰা আটাইবোৰ কুকি অৱৰোধ কৰিবলৈও আপোনাৰ ব্ৰাউজাৰ কনফিগাৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব যে আপোনাৰ ভাষাৰ অগ্ৰাধিকাৰ মনত ৰখাৰ দৰে কথাবোৰৰ ক্ষেত্ৰত আমাৰ সেৱাসমূহে
  • ডিভাইচৰ স্তৰৰ ছেটিং: আপোনাৰ ডিভাইচত এনে কিছুমান নিয়ন্ত্ৰণ থাকিব পাৰে যিয়ে আমি কি তথ্য সংগ্ৰহ কৰোঁ সেয়া নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, আপুনি আপোনাৰ Android ডিভাইচত অৱস্থানৰ ছেটিং সংশোধন কৰিব পাৰে।

আপোনাৰ তথ্য শ্বেয়াৰ কৰা

আপোনাৰ তথ্য শ্বেয়াৰ কৰা

আমাৰ বহুকেইটা সেৱাই আপোনাক অন্য লোকৰ সৈতে তথ্য শ্বেয়াৰ কৰিবলৈ দিয়ে আৰু আপুনি সেয়া শ্বেয়াৰ কৰাৰ ধৰণৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকে। উদাহৰণস্বৰূপে, আপুনি YouTubeত ৰাজহুৱাকৈ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰে অথবা আপোনাৰ ভিডিঅ’ ব্যক্তিগত কৰি ৰখাৰ সিদ্ধান্ত ল’ব পাৰে। মনত ৰাখিব, আপুনি ৰাজহুৱাকৈ তথ্য শ্বেয়াৰ কৰিলে আপোনাৰ সমল Google Searchকে ধৰি বিভিন্ন সন্ধান ইঞ্জিনৰ দ্বাৰা এক্সেছ কৰিব পৰা যায়।

যেতিয়া আপুনি ছাইন ইন কৰে আৰু কিছুমান Google সেৱাৰ সৈতে ভাব-বিনিময় কৰে, যেনে- YouTube ভিডিঅ’ত মন্তব্য দিয়ে অথবা Playত এপৰ পৰ্যালোচনা কৰে, আপোনাৰ নাম আৰু ফট’ আপোনাৰ কাৰ্যকলাপৰ কাষত প্ৰদৰ্শিত হয়। আমি এই তথ্য আপোনাৰ শ্বেয়াৰ কৰা মাচুল প্ৰযোজ্য প্রচাৰৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰা বিজ্ঞাপনতো দেখুৱাব পাৰোঁ।

Googleএ কেতিয়া আপোনাৰ তথ্য শ্বেয়াৰ কৰে

তলৰ পৰিস্থিতিসমূহৰ বাহিৰে আমি Googleৰ বাহিৰৰ কোম্পানী, প্ৰতিষ্ঠান অথবা ব্যক্তিৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰোঁ:

আপোনাৰ সন্মতিৰ সৈতে

আমি আপোনাৰ সন্মতি পালে Googleৰ বাহিৰত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিম। উদাহৰণস্বৰূপে, যদি আপুনি বুকিং সেৱাৰ জৰিয়তে আৰক্ষণ কৰিবলৈ Google Home ব্যৱহাৰ কৰে, তেন্তে আমি আপোনাৰ নাম অথবা ফ’ন নম্বৰ ৰেষ্টুৰেণ্টৰ সৈতে শ্বেয়াৰ কৰাৰ আগতে আপোনাৰ অনুমতি ল’ম। আমি লগতে আপোনাক আপুনি আপোনাৰ Google একাউণ্টৰ ডেটা এক্সেছ কৰিবলৈ অনুমতি প্ৰদান কৰা তৃতীয় পক্ষৰ এপ্‌ আৰু ছাইট পৰ্যালোচনা আৰু পৰিচালনা কৰিবলৈ নিয়ন্ত্ৰণ প্ৰদান কৰোঁ। আমি যিকোনো শ্বেয়াৰ কৰিবলৈ আপোনাৰ পৰা স্পষ্টভাৱে সন্মতি বিচাৰিম।

ড’মেইনৰ প্ৰশাসকৰ সৈতে

যদি আপুনি এজন শিক্ষাৰ্থী অথবা Google সেৱা ব্যৱহাৰ কৰা প্ৰতিষ্ঠান এটাৰ বাবে কাম কৰে, আপোনাৰ ড’মেইনৰ প্ৰশাসক আৰু আপোনাৰ একাউণ্ট পৰিচালনা কৰা পুনৰ বিক্ৰেতাসকলে আপোনাৰ Google একাউণ্টৰ এক্সেছ পাব। তেওঁলোকে এয়া কৰিব পাৰে:

  • আপোনাৰ ইমেইলৰ দৰে আপোনাৰ একাউণ্টত ষ্ট’ৰ কৰি থোৱা তথ্য এক্সেছ কৰা আৰু ৰখা
  • আপুনি ইনষ্টল কৰা এপৰ সংখ্যা আদিৰ দৰে আপোনাৰ একাউণ্ট সম্পৰ্কীয় পৰিসংখ্যা চোৱা
  • আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সলনি কৰা
  • আপোনাৰ একাউণ্টৰ এক্সেছ নিলম্বন অথবা বন্ধ কৰা
  • প্ৰযোজ্য আইন, বিধি, আইনী প্ৰক্ৰিয়া অথবা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধ মানি চলিবলৈ আপোনাৰ একাউণ্টৰ তথ্য লাভ কৰা
  • আপোনাৰ তথ্য অথবা গোপনীয়তাৰ ছেটিং মচা অথবা সম্পাদনা কৰাৰ সামৰ্থ্য প্ৰতিবন্ধিত কৰা

বাহ্যিক প্ৰক্ৰিয়াকৰণৰ বাবে

আমি আমাৰ নিৰ্দেশনাৰ ভিত্তিত আৰু আমাৰ গোপনীয়তাৰ নীতি আৰু অন্য যিকোনো উপযুক্ত গোপনীয়তা আৰু সুৰক্ষা ব্যৱস্থা মানি চলি আমাৰ আৰু অন্যান্য বিশ্বাসযোগ্য ব্যৱসায় অথবা ব্যক্তিক আমাৰ হৈ প্ৰক্ৰিয়াকৰণ কৰিবলৈ ব্যক্তিগত তথ্য প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে, আমি আমাৰ ডেটা কেন্দ্ৰসমূহ পৰিচালনা কৰাত সহায় কৰিবলৈ, আমাৰ প্ৰ’ডাক্ট আৰু সেৱাসমূহ প্ৰদান কৰিবলৈ, আমাৰ অভ্যন্তৰীণ ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ উন্নত কৰিবলৈ আৰু গ্ৰাহক আৰু ব্যৱহাৰকাৰীসকললৈ অতিৰিক্ত সমৰ্থন আগবঢ়াবলৈ সেৱা প্ৰদানকাৰীসকলক ব্যৱহাৰ কৰো। আমি জনসাধাৰণৰ সুৰক্ষাৰ বাবে YouTube ভিডিঅ’ৰ সমল পৰ্যালোচনা কৰাত সহায় কৰিবলৈ আৰু Googleৰ অডিঅ’ চিনাক্তকৰণৰ প্ৰযুক্তিসমূহ উন্নত কৰাত সহায় কৰিবলৈ ছেভ কৰি ৰখা ব্যৱহাৰকাৰীৰ অডিঅ’ৰ নমুনা বিশ্লেষণ আৰু শুনিবলৈও সেৱা প্ৰদানকাৰীসকলক ব্যৱহাৰ কৰো।

আইনী কাৰণৰ বাবে

আমি Googleৰ বাহিৰত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিম যদিহে আমি ভৰসা কৰিব পৰাকৈ বিশ্বাস কৰোঁ যে তথ্যখিনি এই কাৰণসমূহৰ বাবে সদৰী কৰাটো যুক্তিসংগতভাৱে প্ৰয়োজনীয়:

  • কোনো প্ৰযোজ্য আইন, বিধি, ৰ প্ৰতি সঁহাৰি কৰা। আমি আমাৰ স্বচ্ছতাৰ ৰিপ’ৰ্টত আমি চৰকাৰৰ পৰা লাভ কৰা অনুৰোধৰ সংখ্যা আৰু ধৰণ সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰোঁ।
  • সম্ভাব্য উলংঘনৰ তদন্তকে ধৰি প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী বলৱৎ কৰা।
  • প্ৰৱঞ্চনা, সুৰক্ষামূলক অথবা কাৰিকৰী সমস্যা চিনাক্ত, প্ৰতিৰোধ অথবা সমাধান কৰা।
  • Google, আমাৰ অথবা ৰাইজৰ অধিকাৰ, সম্পত্তি অথবা সুৰক্ষাৰ ক্ষতিৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰা।

আমি প্ৰকাশক, বিজ্ঞাপনদাতা, বিকাশকৰ্তা অথবা অধিকাৰ ধাৰকৰ দৰে আমাৰ অংশীদাৰসকলৰ সৈতে ৰাজহুৱাকৈ শ্বেয়াৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহ সাধাৰণতে ব্যৱহাৰ কৰাৰ লৈ আমি ৰাজহুৱাকৈ তথ্য শ্বেয়াৰ কৰোঁ। আমি লগতে ক তেওঁলোকৰ নিজৰ কুকি অথবা একেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিজ্ঞাপন দেখুৱাবলৈ তথা পৰিমাপ কৰিবলৈ আপোনাৰ ব্ৰাউজাৰ অথবা ডিভাইচৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ দিওঁ।

Google যদি কোনো একত্ৰীকৰণ, অধিগ্ৰহণ অথবা সম্পদৰ বিক্ৰীত জড়িত হয়, আমি আপোনাৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা নিশ্চিত কৰাটো অব্যাহত ৰাখিম আৰু ব্যক্তিগত তথ্য স্থানান্তৰ কৰাৰ অথবা অন্য কোনো গোপনীয়তাৰ নীতিৰ অধীন হোৱাৰ আগতে প্ৰভাৱিত ব্যৱহাৰকাৰীসকললৈ জাননী পঠিয়াম।

আপোনাৰ তথ্য সুৰক্ষিত ৰখা

আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈ আমি আমাৰ সেৱাসমূহত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলোঁ

Googleৰ আটাইবোৰ প্ৰ’ডাক্ট শক্তিশালী সুৰক্ষা সুবিধাৰ দ্বাৰা নিৰ্মিত যিয়ে অবিৰতভাৱে আপোনাৰ তথ্য সুৰক্ষিত কৰে। আমাৰ সেৱাসমূহ ৰক্ষণাবেক্ষণ দি আমি আহৰণ কৰা অন্তৰ্দৃষ্টিয়ে সুৰক্ষা সম্পৰ্কীয় ভাবুকিসমূহ চিনাক্ত কৰি সেয়া কেতিয়াও আপোনাৰ ওচৰ গৈ পাব নোৱৰাকৈ স্বয়ংক্ৰিয়ভাৱে অৱৰোধ কৰাত আমাক সহায় কৰে। আৰু আমি যদি বিপদাশংকা থকা এনে কোনো বিষয় চিনাক্ত কৰোঁ যাৰ বিষয়ে আপুনি জানিব লাগে বুলি আমি ভাবোঁ, আমি সেই বিষয়ে আপোনাক অৱগত কৰোঁ আৰু আপোনাক আগতকৈ ভালকৈ সুৰক্ষিত হৈ থাকিবলৈ কিছুমান পদক্ষেপ অনুসৰণ কৰাৰ নিৰ্দেশনা দি সহায় কৰোঁ।

নিম্নোল্লিখিতসমূহকে ধৰি আমাৰ ওচৰত থকা তথ্যৰ কৰ্তৃত্ববিহীন এক্সেছ, সালসলনি, সদৰীকৰণ অথবা বিনষ্টকৰণৰ পৰা আপোনাক আৰু Googleক সুৰক্ষা প্ৰদান কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ:

  • স্থানান্তৰ কৰি থকাৰ সময়ত আপোনাৰ ডেটা ব্যক্তিগত কৰি ৰাখিবলৈ আমি এনক্ৰিপশ্বন ব্যৱহাৰ কৰোঁ
  • আমি আপোনাৰ একাউণ্ট সুৰক্ষিত ৰখাত আপোনাক সহায় কৰিবলৈ সুৰক্ষিত ব্ৰাউজিং, সুৰক্ষা সম্পৰ্কীয় পৰীক্ষা আৰু দ্বি-স্তৰীয় সত্যাপনৰ দৰে বিভিন্ন প্ৰকাৰৰ সুৰক্ষা সুবিধা আগবঢ়াওঁ
  • আমি আমাৰ তথ্য সংগ্ৰহ কৰা, ষ্ট’ৰ কৰা আৰু প্ৰক্ৰিয়াকৰণ কৰাৰ ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰোঁ, য’ত আমাৰ ছিষ্টেমলৈ থকা কৰ্তৃত্ববিহীন এক্সেছ ৰোধ কৰিবলৈ থকা ভৌতিক সুৰক্ষা ব্যৱস্থাও অন্তৰ্ভুক্ত
  • আমি ব্যক্তিগত তথ্যৰ এক্সেছ সেইসকল Googleৰ কৰ্মচাৰী, ঠিকাদাৰ আৰু এজেণ্টকহে প্ৰদান কৰোঁ যিসকলক প্ৰক্ৰিয়াকৰণ কৰিবলৈ সেই তথ্যৰ আৱশ্যক হয়। এই এক্সেছ লাভ কৰা সকলো লোক কঠোৰ চুক্তিবদ্ধ গোপনীয়তাৰ বাধ্যবাধকতাৰ অধীন আৰু এই বাধ্যবাধকতা মানি চলাত বিফল হোৱা ব্যক্তিৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব পাৰে অথবা তেনে ব্যক্তিক বৰ্খাস্ত কৰা হ’ব পাৰে।

আপোনাৰ তথ্য ৰপ্তানি আৰু বিলোপ কৰা

আপুনি Google একাউণ্টৰ পৰা যিকোনো সময়তে আপোনাৰ তথ্যৰ এটা প্ৰতিলিপি ৰপ্তানি কৰিব পাৰে অথবা সেয়া মচিব পাৰে

যদি আপুনি আপোনাৰ Google একাউণ্টত থকা সমলৰ এটা বেকআপ ল’ব খোজে অথবা এই সমলখিনি Googleৰ বাহিৰৰ কোনো সেৱাত ব্যৱহাৰ কৰিব খোজে, তেন্তে সেইসমূহৰ এটা প্ৰতিলিপি ৰপ্তানি কৰিব পাৰে।

আপোনাৰ তথ্য মচিবলৈ আপুনি এয়া কৰিব পাৰে:

আপোনাৰ তথ্য ৰখা

আমি সংগ্ৰহ কৰা ডেটা সেয়া কি, আমি সেয়া কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু আপুনি আপোনাৰ ছেটিং কেনেকৈ কনফিগাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি বিভিন্ন সময় অৱধিৰ বাবে ৰাখোঁ:

  • কিছুমান ডেটা, যেনে- আপোনাৰ ব্যক্তিগত তথ্য অথবা আপুনি সৃষ্টি অথবা আপল’ড কৰা সমল, যেনে- ফট’ আৰু নথি আপুনি যেতিয়াই বিচাৰে তেতিয়াই মচিব পাৰে। আপুনি লগতে আপোনাৰ একাউণ্টত ছেভ হৈ থকা কাৰ্যকলাপৰ তথ্য মচিব পাৰে অথবা এক নিৰ্ধাৰিত সময়ৰ পাছত সেয়া স্বয়ংক্ৰিয়ভাৱে মচা যোৱাৰ সুবিধা বাছনি কৰিব পাৰে। আপুনি এই ডেটাখিনি আঁতৰাই নিদিয়া পৰ্যন্ত অথবা সেয়া আঁতৰি যোৱাৰ সুবিধা বাছনি নকৰা পৰ্যন্ত আমি সেয়া আপোনাৰ Google একাউণ্টত ৰাখিম।
  • ছাৰ্ভাৰ লগত থকা বিজ্ঞাপনৰ ডেটাৰ দৰে অন্য ডেটা এটা নিৰ্দিষ্ট সময়ৰ পাছত স্বয়ংক্ৰিয়ভাৱে মচি পেলোৱা হয় অথবা সেইবোৰৰ পৰিচয় অজ্ঞাত কৰা হয়।
  • আপুনি আমাৰ সেৱাসমূহ কিমান সঘনাই ব্যৱহাৰ কৰে সেই বিষয়ক তথ্যৰ দৰে কিছুমান ডেটা আপুনি আপোনাৰ Google একাউণ্ট মচি নেপেলোৱালৈকে আমি ৰাখোঁ।
  • আৰু বৈধ ব্যৱসায় অথবা সুৰক্ষা, প্ৰৱঞ্চনা আৰু অপব্যৱহাৰ প্ৰতিৰোধ অথবা বিত্তীয় ৰেকৰ্ড ৰখাৰ দৰে আইনী উদ্দেশ্যৰ বাবে প্ৰয়োজন হ’লে আমি দীঘলীয়া সময়ৰ বাবে কিছুমান তথ্য ৰাখোঁ।

আপুনি ডেটা মচিলে আপোনাৰ ডেটাখিনি আমাৰ ছাৰ্ভাৰৰ পৰা সুৰক্ষিত আৰু সম্পূৰ্ণভাৱে আঁতৰোৱাটো অথবা কেৱল পৰিচয় অজ্ঞাত হৈ থকা ৰূপতহে ৰাখি থোৱাটো নিশ্চিত কৰিবলৈ আমি মচাৰ সৈতে জড়িত এটা প্ৰক্ৰিয়া অনুসৰণ কৰোঁ। আমি নিশ্চিত কৰিবলৈ চেষ্টা কৰোঁ যে আমাৰ সেৱাসমূহে দুৰ্ঘটনাক্ৰমে অথবা ক্ষতিকাৰকভাৱে তথ্য মচি পেলোৱাৰ পৰা সুৰক্ষিত কৰে। ইয়াৰ বাবে আপুনি যেতিয়া কিবা মচে আৰু যেতিয়া আমাৰ সক্ৰিয় আৰু বেকআপ ছিষ্টেমৰ পৰা প্ৰতিলিপিসমূহ মচা হয় তাৰ মাজত পলম হ’ব পাৰে।

আপুনি Googleএ ডেটা ৰখাৰ সময় অৱধিৰ বিষয়ে অধিক পঢ়িব পাৰে, য’ত আপোনাৰ তথ্য মচিবলৈ আমাক কিমান সময় লাগে সেয়া অন্তৰ্ভুক্ত।

নিয়ামকৰ নিৰ্দেশাৱলী মানি চলা আৰু তেওঁলোকৰ সৈতে সহযোগিতা কৰা

আমি নিয়মিতভাৱে এই গোপনীয়তাৰ নীতি পৰ্যালোচনা কৰোঁ আৰু নিশ্চিত কৰোঁ যে আমি এই নীতি মানি আপোনাৰ তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰোঁ।

ডেটা স্থানান্তৰণ

আমি চলাই ৰাখোঁ আৰু আপোনাৰ তথ্য আপুনি বাস কৰা দেশৰ বাহিৰত থকা ছাৰ্ভাৰত প্ৰক্ৰিয়াকৰণ কৰা হ’ব পাৰে। ডেটা সুৰক্ষা আইন দেশ অনুসৰি ভিন্ন হয় আৰু তাৰে কিছুমানে অন্য দেশতকৈ অধিক সুৰক্ষা প্ৰদান কৰে। আপোনাৰ তথ্য ক’ত প্ৰক্ৰিয়াকৰণ কৰা হয় সেয়া নিৰ্বিশেষে আমি এই নীতিত বৰ্ণনা কৰা অনুসৰি একেই সুৰক্ষা প্ৰয়োগ কৰোঁ। আমি লগতে ডেটা স্থানান্তৰণৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট কিছুমান আইনী ফ্ৰে’মৱৰ্ক মানি চলোঁ।

আমি আনুষ্ঠানিক লিখিত অভিযোগ লাভ কৰিলে সেই অভিযোগটো দিয়া ব্যক্তিগৰাকীৰ সৈতে যোগাযোগ কৰি তাৰ সঁহাৰি জনাওঁ। আপোনাৰ সৈতে যোগাযোগ কৰি পোনপটীয়াকৈ সমাধান কৰিব নোৱৰা আপোনাৰ ডেটা স্থানান্তৰণ সম্পৰ্কীয় কোনো অভিযোগ সমাধান কৰিবলৈ আমি স্থানীয় ডেটাক সুৰক্ষা প্ৰদান কৰা কৰ্তৃপক্ষকে ধৰি উপযুক্ত নিয়ামক কৰ্তৃপক্ষৰ সৈতে কাম কৰোঁ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ আৱশ্যকতা

কিছুমান অনুসৰি নিৰ্দিষ্ট সদৰীকৰণৰ আৱশ্যক হয়।

Googleএ কিদৰে আপোনাৰ তথ্য নিয়ন্ত্ৰণ কৰে আপুনি সেয়া বুজি পোৱাত সহায় হ’বলৈ এই গোপনীয়তাৰ নীতিটো ডিজাইন কৰা হৈছে:

  • আমি Googleএ সংগ্ৰহ কৰা তথ্যত Googleএ সংগ্ৰহ কৰা তথ্যৰ শিতানসমূহ আৰু সেই তথ্যৰ উৎসসমূহৰ ব্যাখ্যা আগবঢ়াওঁ।
  • আমি Googleএ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰাৰ উদ্দেশ্যসমূহৰ বিষয়ে Googleএ ডেটা কিয় সংগ্ৰহ কৰেত ব্যাখ্যা কৰোঁ।
  • আমি আপোনাৰ তথ্য শ্বেয়াৰ কৰা শাখাত Googleএ কেতিয়া তথ্য সদৰী কৰিব পাৰে সেয়া ব্যাখ্যা কৰোঁ। Googleএ আপোনাৰ ব্যক্তিগত তথ্য বিক্ৰী নকৰে। Googleএ আপোনাৰ ব্যক্তিগত তথ্যও "শ্বেয়াৰ" নকৰে, কিয়নো সেই কাৰ্যটো কেলিফ’ৰ্নিয়া কনজিউমাৰ প্ৰাইভেচি এক্ট (CCPA)ত সংজ্ঞাবদ্ধ কৰা হৈছে।
  • Googleএ কিদৰে তথ্য ধৰি ৰাখে সেই বিষয়ে আমি আপোনাৰ তথ্য ধৰি ৰখা শাখাত ব্যাখ্যা কৰোঁ। Googleএ কিদৰে ডেটাৰ পৰিচয় অজ্ঞাত কৰে সেই বিষয়েও আপুনি অধিক জানিব পাৰে। তাত বৰ্ণনা কৰা অনুসৰি, আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰিবলৈ Googleএ যেতিয়া ডেটাৰ পৰিচয় অজ্ঞাত কৰে, সেই তথ্য পুনৰ চিনাক্ত কৰাত বাধা দিবলৈ আমি নীতি আৰু কাৰিকৰী ব্যৱস্থা বজাই ৰাখোঁ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ গোপনীয়তা আইনসমূহে Googleএ কিদৰে আপোনাৰ তথ্য সংগ্ৰহ, ব্যৱহাৰ আৰু সদৰী কৰে সেই বিষয়ক তথ্যৰ অনুৰোধ কৰাৰ অধিকাৰো প্ৰদান কৰে। আৰু সেইবিলাকে আপোনাক আপোনাৰ তথ্য এক্সেছ কৰাৰ আৰু কেতিয়াবা প’ৰ্টেবল ফৰ্মেটত আপোনাৰ তথ্য শুধৰোৱা আৰু Googleক সেই তথ্য মচি পেলাবলৈ অনুৰোধ কৰাৰ অধিকাৰ দিয়ে। এই আইনসমূহৰ অধিকাংশই কিছুমান বিশেষ ধৰণৰ প্ৰ’ফাইলিং আৰু লক্ষ্য নিৰ্ধাৰণ কৰা বিজ্ঞাপনৰ পৰা অপ্ট আউট কৰাৰ অধিকাৰো প্ৰদান কৰে। সেইবিলাকে এই গোপনীয়তাৰ অধিকাৰসমূহ পালন কৰাৰ বাবে বৈষম্যৰ বলি নহ’বলৈ অধিকাৰ প্ৰদান কৰে। তদুপৰি, CCPAএ স্বাস্থ্য সম্পৰ্কীয় ডেটাৰ দৰে কিছুমান বিশেষ ধৰণৰ তথ্য স্পৰ্শকাতৰ বুলি গণ্য কৰে; যেতিয়া ব্যৱহাৰকাৰীসকলে তেনে তথ্য প্ৰদান কৰে, Googleএ সেইবোৰ কেৱল CCPAএ অনুমোদন জনোৱা উদ্দেশ্যৰ বাবে, যেনে- আমাৰ ব্যৱহাৰকাৰীসকলে অনুৰোধ কৰা আৰু আশা কৰা সেৱাসমূহ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে।

ৱাশ্বিংটন মাই হেল্থ মাই ডেটা আইন আৰু নেৱাডা ছিনেট বিল ৩৭০এ ওপৰত থকা অধিকাৰসমূহৰ উপৰিও নিৰ্দিষ্ট কিছুমান অধিকাৰ প্ৰদান কৰে, যিবোৰ স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। আপুনি এই তথ্যখিনি প্ৰদান কৰিলে Googleএ সেইখিনি আপোনাৰ সন্মতিমৰ্মেহে প্ৰক্ৰিয়াকৰণ কৰে আৰু আপোনাক আপোনাৰ সন্মতি উঠাই ল’বলৈ দিয়ে।

আমি আপোনাৰ গোপনীয়তাৰ নিয়ন্ত্ৰণত Googleৰ সমগ্ৰ সেৱাত নিজৰ গোপনীয়তা আৰু ডেটা পৰিচালনা কৰিবলৈ আপোনাৰ ওচৰত থকা বিকল্পসমূহৰ ব্যাখ্যা আগবঢ়াওঁ। এই সঁজুলিসমূহে আপোনাক আপোনাৰ তথ্য এক্সেছ কৰিবলৈ, পৰ্যালোচনা কৰিবলৈ, আপডে’ট কৰিবলৈ আৰু মচিবলৈ দিয়াৰ লগতে তাৰ এটা প্ৰতিলিপি ৰপ্তানি আৰু ডাউনল’ড কৰিবলৈও দিয়ে। আপুনি লগতে মোৰ বিজ্ঞাপনৰ কেন্দ্ৰলৈ গৈ আপোনাক বিজ্ঞাপন দেখুৱাবলৈ আমি কি তথ্য ব্যৱহাৰ কৰোঁ সেয়া নিয়ন্ত্ৰণ কৰিব পাৰে অথবা ব্যক্তিগতকৃত বিজ্ঞাপন অফ কৰিব পাৰে।

আপুনি এই সঁজুলিসমূহ ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ Google একাউণ্টত ছাইন ইন কৰি থৈছে বুলি সত্যাপন কৰি আমি আপোনাৰ অনুৰোধটোৰ মান্যতা নিৰূপণ কৰিম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ গোপনীয়তা আইনসমূহৰ অধীনত থকা আপোনাৰ অধিকাৰসমূহ সম্পৰ্কে আপোনাৰ যদি কিবা প্ৰশ্ন অথবা অনুৰোধ আছে, আপুনি (অথবা আপোনাৰ কৰ্তৃত্বপ্ৰাপ্ত এজেণ্টে) Googleৰ সৈতে যোগাযোগ কৰিবও পাৰে। আৰু আপুনি কৰা অনুৰোধটোৰ ক্ষেত্ৰত দিয়া সিদ্ধান্তটোত যদি আপুনি সন্মত নহয়, তেন্তে আপুনি আমাৰ ইমেইলৰ সঁহাৰি জনাই Googleক এইটো পুনৰ বিবেচনা কৰিবলৈ ক’ব পাৰে।

আমি লগতে Googleএ CCPAৰ অনুৰোধ নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰোঁ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ কিছুমান গোপনীয়তা আইন অনুসৰি নিৰ্দিষ্ট শিতান ব্যৱহাৰ কৰি ডেটা পদ্ধতিসমূহৰ বিৱৰণ দিয়াৰ আৱশ্যক হয়। এই গোপনীয়তাৰ নীতিত থকা তথ্য শৃংখলাবদ্ধ কৰিবলৈ এই তালিকাখনে এই শিতানসমূহ ব্যৱহাৰ কৰে।

আমি সংগ্ৰহ কৰা তথ্যৰ শিতান

আপুনি ব্যৱহাৰ কৰি থকা ব্ৰাউজাৰ, এপ্লিকেশ্বন অথবা ডিভাইচৰ সৈতে সংযুক্ত হৈ থকা আপোনাৰ নাম আৰু পাছৱৰ্ড, ফ’ন নম্বৰ আৰু ঠিকনা আৰু লগতে ৰ দৰে চিনাক্তকৰ্তা আৰু একেধৰণৰ তথ্যYouTube Studioৰ দৰে কিছুমান Google সেৱাই অতিৰিক্ত সুবিধা ব্যৱহাৰ কৰিবৰ বাবে আপোনাৰ পৰিচয় সত্যাপন কৰিবলৈ মান্য আইডি (যেনে- পাছপ’ৰ্ট অথবা চালকৰ অনুজ্ঞাপত্ৰ) দাখিল কৰাৰ বিকল্প প্ৰদান কৰে।

জনগাঁথনিগত তথ্য, যেনে- আপোনাৰ বয়স, লিংগ আৰু ভাষা। আপুনি যদি YouTube সৃষ্টিকৰ্তাৰ ডেম’গ্ৰাফিকৰ দৰে ঐচ্ছিক সুবিধা ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়, আপুনি আপোনাৰ লিংগ পৰিচয় অথবা বৰ্ণ আৰু জাতিগত বৈশিষ্ট্যৰ দৰে অতিৰিক্ত তথ্যও প্ৰদান কৰিব পাৰে।

আপোনাৰ পৰিশোধ সম্পৰ্কীয় তথ্য আৰু আপুনি Googleৰ সেৱাসমূহত কৰা ক্ৰয়ৰ ইতিহাসৰ দৰে বাণিজ্যিক তথ্য

Googleৰ প্ৰ’ডাক্টৰ বিকাশ সম্পৰ্কীয় অধ্যয়নত পোৱা ফিংগাৰপ্ৰিণ্টৰ দৰে বায়’মেট্ৰিক তথ্য, যদিহে আপুনি সেয়া প্ৰদান কৰিবলৈ বাছনি কৰে।

ইণ্টাৰনেট, নেটৱৰ্ক আৰু অন্য কাৰ্যকলাপৰ তথ্য, যেনে- আপুনি সন্ধান কৰোঁতে ব্যৱহাৰ কৰা শব্দ; সমল আৰু বিজ্ঞাপনৰ সৈতে ভিউ আৰু ভাব-বিনিময়; আপুনি আপোনাৰ Google একাউণ্টৰ সৈতে ছিংক কৰা Chromeৰ ব্ৰাউজিং ইতিহাস; আমাৰ সেৱাসমূহৰ সৈতে হোৱা আপোনাৰ এপ্‌, ব্ৰাউজাৰ আৰু ডিভাইচৰ ভাব-বিনিময় বিষয়ক তথ্য (যেনে- IP ঠিকনা, ক্ৰেশ্ব ৰিপ’ৰ্ট আৰু ছিষ্টেমৰ কাৰ্যকলাপ); আৰু আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰা তৃতীয় পক্ষৰ ছাইট আৰু এপত কৰা কাৰ্যকলাপ। আপুনি মোৰ কাৰ্যকলাপত আপোনাৰ Google একাউণ্টত ষ্ট’ৰ হৈ থকা কাৰ্যকলাপ সম্পৰ্কীয় ডেটা পৰ্যালোচনা আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।

আপোনাৰ ডিভাইচ আৰু একাউণ্টৰ আংশিক ছেটিঙৰ ওপৰত ভিত্তি কৰি হয়তো GPS, IP ঠিকনাই নিৰ্ধাৰণ কৰা আৰু আপোনাৰ ডিভাইচৰ অথবা ডিভাইচৰ আশ-পাশৰ ছেন্সৰৰ পৰা পোৱা ডেটাৰ দৰে জিঅ’ল’কেশ্বনৰ ডেটা। এই ছেটিংসমূহৰ ওপৰত ভিত্তি কৰি ইয়াত সঠিক অৱস্থানৰ ডেটা, যেনে- নেভিগেশ্বন অথবা আপোনাৰ ফ’নৰ সন্ধান কৰাৰ দৰে Androidৰ সুবিধাৰ বাবে GPS ডেটা অন্তৰ্ভুক্ত হ’ব পাৰে। Googleএ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰাৰ বিষয়ে অধিক জানক।

ৰ দৰে অডিঅ’, ইলেক্ট্ৰনিক, ভিজুৱেল আৰু তেনে ধৰণৰ তথ্য

আপুনি যদি , ইমেইলৰ দৰে যোগাযোগ বিষয়ক ডেটা

যদিহে আপুনি প্ৰদান কৰিবলৈ বাছনি কৰে, স্বাস্থ্য-সম্বন্ধীয় সুবিধা প্ৰদান কৰা Googleৰ সেৱা, যেনে- Google Health Studies এপ্‌, Fitbit অথবা Pixel ডিভাইচসমূহ ব্যৱহাৰ কৰি থকাৰ সময়ছোৱাত আপোনাৰ মেডিকেল ইতিহাস, শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ সংকেত আৰু স্বাস্থ্য সম্পৰ্কীয় মেট্ৰিক্স (যেনে- তেজত শৰ্কৰাৰ স্তৰ) আৰু ৰ দৰে স্বাস্থ্য সম্পৰ্কীয় তথ্য

পেছাদাৰী, কৰ্মসংস্থান আৰু শিক্ষাৰ তথ্য, যেনে আপুনি প্ৰদান কৰা অথবা Google সেৱা ব্যৱহাৰ কৰি আপুনি অধ্যয়ন কৰা অথবা কাম কৰা প্ৰতিষ্ঠান এটাৰ জৰিয়তে ৰখা তথ্য।

আপুনি সৃষ্টি কৰা অথবা প্ৰদান কৰা অন্য তথ্য, যেনে- আপুনি সৃষ্টি কৰা, আপল’ড কৰা অথবা গ্ৰহণ কৰা সমল (যেনে- ফট’ আৰু ভিডিঅ’ অথবা ইমেইল, নথি আৰু স্প্ৰেডশ্বীট)। Google ডেশ্বব’ৰ্ডে আপোনাক নিৰ্দিষ্ট কিছুমান প্ৰ’ডাক্টৰ সৈতে জড়িত তথ্য পৰিচালনা কৰিবলৈ দিয়ে।

ওপৰৰ তথ্যখিনিৰ পৰা কৰা অনুমান, যেনে- আপোনাৰ বিজ্ঞাপনৰ আগ্ৰহৰ ধৰণ

তথ্য ব্যৱহাৰ অথবা সদৰী কৰিব পৰা ব্যৱসায়ৰ উদ্দেশ্য

সুৰক্ষা সম্পৰ্কীয় ভাবুকি, অপব্যৱহাৰ আৰু বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে নিৰাপত্তা প্ৰদান: Googleএ সুৰক্ষা সম্পৰ্কীয় ঘটনা চিনাক্ত কৰিবলৈ, ৰোধ কৰিবলৈ আৰু তাত সঁহাৰি দিবলৈ আৰু অন্য ক্ষতিকাৰক, প্ৰৱঞ্চনামূলক, প্ৰতাৰণামূলক অথবা বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে নিৰাপত্তা প্ৰদান কৰিবলৈ তথ্য ব্যৱহাৰ কৰে আৰু সেয়া সদৰী কৰিব পাৰে। উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহ সুৰক্ষিত কৰিবলৈ, Googleএ ক্ষতিকাৰক কাৰ্য সম্পাদন কৰা লোকসকলে হেক কৰা IP ঠিকনাসমূহৰ তথ্য লাভ কৰিব অথবা সদৰী কৰিব পাৰে।

অডিট আৰু জোখ-মাখ কৰা: আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰা হয় সেয়া বুজিবলৈ আৰু লগতে প্ৰকাশক, বিকাশক অথবা অধিকাৰ ধাৰকৰ দৰে আমাৰ অংশীদাৰসকলৰ বাধ্যবাধকতা পূৰ কৰিবলৈ বিশ্লেষণ আৰু জোখ-মাখৰ বাবে Googleএ তথ্য ব্যৱহাৰ কৰে। আমি অ-ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্য ৰাজহুৱাকৈ আৰু এই অংশীদাৰসকলৰ আগত সদৰী কৰিব পাৰোঁ, য’ত অডিটৰ উদ্দেশ্যে কৰা সদৰীকৰণো অন্তৰ্ভুক্ত।

আমাৰ সেৱাসমূহ চলাই ৰখা: আমাৰ সেৱাসমূহে বিচৰা ধৰণে কাম কৰি থকাটো নিশ্চিত কৰিবলৈ Googleএ তথ্য ব্যৱহাৰ কৰে, যেনে- অচলাৱস্থাৰ ট্ৰেক কৰা অথবা বাগ অথবা আপুনি আমাক অভিযোগ দিয়া অন্য সমস্যাৰ সমাধান কৰা।

গৱেষণা আৰু বিকাশ: আমাৰ সেৱা উন্নত কৰিবলৈ আৰু আমাৰ ব্যৱহাৰকাৰী আৰু ৰাইজক লাভান্বিত কৰা নতুন প্ৰ’ডাক্ট, সুবিধা আৰু প্ৰযুক্তি বিকাশ কৰিবলৈ Googleএ তথ্য ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, আমি Googleৰ AIৰ মডেলসমূহক প্ৰশিক্ষণ দিয়াত আৰু Google Translate, Geminiৰ এপ্‌ আৰু Cloud AIৰ সক্ষমতাৰ দৰে প্ৰ’ডাক্ট আৰু সুবিধা নিৰ্মাণ কৰাত সহায় কৰিবলৈ ৰাজহুৱাভাৱে উপলব্ধ তথ্য ব্যৱহাৰ কৰোঁ।

সেৱা প্ৰদানকাৰীৰ ব্যৱহাৰ: Googleএ সেৱা প্ৰদানকাৰীৰ সৈতে তথ্য শ্বেয়াৰ কৰে যাতে সেইসমূহে আমাৰ হৈ, আমাৰ গোপনীয়তাৰ নীতি মানি আৰু অন্য উপযুক্ত গোপনীয়তা আৰু সুৰক্ষা ব্যৱস্থা মানি চলি সেৱা প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে, আমি গ্ৰাহক সেৱা আগবঢ়োৱাত সহায় কৰিবলৈ সেৱা প্ৰদানকাৰীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ।

বিজ্ঞাপন: Googleএ বিজ্ঞাপন দেখুৱাবলৈ তথ্য প্ৰক্ৰিয়াকৰণ কৰে, য’ত অনলাইন চিনাক্তকৰ্তা, ব্ৰাউজিং আৰু সন্ধান সম্পৰ্কীয় কাৰ্যকলাপ আৰু আপোনাৰ অৱস্থান বিষয়ক তথ্য আৰু বিজ্ঞাপনদাতাৰ সৈতে হোৱা কথা-বাৰ্তা অন্তৰ্ভুক্ত। এইটোৱে Googleৰ সেৱাসমূহ আৰু আপুনি ব্যৱহাৰ কৰা বহুতো ৱেবছাইট আৰু সেৱা মাচুলবিহীন কৰি ৰাখে। মোৰ বিজ্ঞাপনৰ কেন্দ্ৰত থকা আপোনাৰ বিজ্ঞাপনৰ ছেটিঙলৈ গৈ আপোনাক বিজ্ঞাপন দেখুৱাবলৈ আমি কি তথ্য ব্যৱহাৰ কৰোঁ সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে।

আইনী কাৰণ: Googleএ প্ৰযোজ্য আইন অথবা নিয়ম পালন কৰিবলৈও তথ্য ব্যৱহাৰ কৰে আৰু আইন বলৱৎকৰণকে ধৰি আইনী প্ৰক্ৰিয়া অথবা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধৰ সঁহাৰিমৰ্মে তথ্য সদৰী কৰিব পাৰে। আমি আমাৰ স্বচ্ছতাৰ ৰিপ’ৰ্টত আমি চৰকাৰৰ পৰা লাভ কৰা অনুৰোধৰ সংখ্যা আৰু ধৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰোঁ।

সেইসমূহ পক্ষ যাৰ সৈতে হয়তো তথ্য সদৰী কৰা হৈছে

আপোনাৰ তথ্য শ্বেয়াৰ কৰিবলৈ আপুনি বাছনি কৰা অন্য লোক, যেনে- নথি অথবা ফট’, YouTubeৰ ভিডিঅ’ অথবা মন্তব্য অথবা Fitbitৰ সামাজিক সুবিধা আৰু তৃতীয় পক্ষৰ এপ্লিকেশ্বনৰ জৰিয়তে লাভ কৰা স্বাস্থ্য সম্পৰ্কীয় তথ্য।

আপোনাৰ সন্মতি থকা তৃতীয় পক্ষ, যেনে- Googleৰ সেৱাৰ সৈতে একত্ৰিত হোৱা সেৱা। আপুনি আপোনাৰ Google একাউণ্টত থকা ডেটা এক্সেছ কৰিব পৰা তৃতীয় পক্ষৰ এপ্‌ আৰু ছাইটসমূহ পৰ্যালোচনা আৰু পৰিচালনা কৰিব পাৰে। Googleএ কেতিয়া আপোনাৰ তথ্য শ্বেয়াৰ কৰে সেই বিষয়ে অধিক তথ্য চাওক।

সেৱা প্ৰদানকাৰী, বিশ্বাসী ব্যৱসায় অথবা ব্যক্তি যিয়ে Googleৰ হৈ, আমাৰ নিৰ্দেশৰ ভিত্তিত আৰু আমাৰ গোপনীয়তাৰ নীতি আৰু অন্য কোনো উপযুক্ত গোপনীয়তা আৰু সুৰক্ষা ব্যৱস্থা মানি চলি তথ্য প্ৰক্ৰিয়াকৰণ কৰে।

ড’মেইনৰ প্ৰশাসক, যদি আপুনি Google সেৱা ব্যৱহাৰ কৰা কোনো প্ৰতিষ্ঠানত অধ্যয়ন অথবা কাম কৰে।

আপোনাৰ তথ্য শ্বেয়াৰ কৰাত বৰ্ণনা কৰা আইনী কাৰণৰ বাবে আইন বলৱৎকৰণ অথবা অন্য তৃতীয় পক্ষ

এই নীতিটোৰ বিষয়ে

এই নীতি প্ৰযোজ্য হ’লে

এই গোপনীয়তাৰ নীতিটো Google LLC আৰু ইয়াৰ য়ে প্ৰদান কৰা আটাইবোৰ সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য, য’ত YouTube, Android আৰু বিজ্ঞাপন সেৱাৰ দৰে তৃতীয়-পক্ষৰ ছাইটত প্ৰদান কৰা সেৱা অন্তৰ্ভুক্ত। এই গোপনীয়তাৰ নীতিটো ইয়াত অন্তৰ্ভুক্ত নোহোৱা পৃথক গোপনীয়তাৰ নীতি থকা সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

এই গোপনীয়তাৰ নীতিটো নিম্নোক্তসমূহত প্ৰযোজ্য নহয়:

  • আমাৰ সেৱাসমূহৰ বিজ্ঞাপন দিয়া অন্য কোম্পানী আৰু প্ৰতিষ্ঠানৰ তথ্যৰ পদ্ধতি
  • অন্য কোম্পানী অথবা ব্যক্তিয়ে আগবঢ়োৱা সেৱাসমূহ, তেওঁলোকে আগবঢ়োৱা প্ৰ’ডাক্ট অথবা ছাইটসমূহ অন্তৰ্ভুক্ত কৰি যিয়ে নীতি প্ৰযোজ্য হোৱা Google সেৱাসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে অথবা সন্ধানৰ ফলাফলত আপোনাক দেখুওৱা প্ৰ’ডাক্ট অথবা ছাইটসমূহ অথবা আমাৰ সেৱাসমূহৰ পৰা লিংক কৰা প্ৰ’ডাক্ট অথবা ছাইট অন্তৰ্ভুক্ত কৰিব পাৰে

এই নীতিটোত হোৱা সালসলনি

আমি সময়ে সময়ে এই গোপনীয়তাৰ নীতিটো সলনি কৰোঁ। আমি আপোনাৰ স্পষ্ট সন্মতি অবিহনে এই গোপনীয়তাৰ নীতিটোৰ অধীনত আপোনাৰ অধিকাৰসমূহ হ্ৰাস নকৰোঁ। আমি সদায়েই শেহতীয়া সালসলনিসমূহ প্ৰকাশ হোৱাৰ তাৰিখটো সূচাওঁ আৰু আপুনি পৰ্যালোচনা কৰিবলৈ আৰ্কাইভ কৰা সংস্কৰণসমূহৰ এক্সেছ প্ৰদান কৰোঁ। যদি সালসলনিসমূহ উল্লেখযোগ্য হয়, আমি এখন অধিক বিশিষ্ট জাননী প্ৰদান কৰিম (য’ত, নিৰ্দিষ্ট কিছুমান সেৱাৰ বাবে গোপনীয়তাৰ নীতিৰ সালসলনিৰ বাবে দিয়া ইমেইল জাননী অন্তৰ্ভুক্ত)।

সম্পৰ্কিত গোপনীয়তা অনুশীলনসমূহ

Googleৰ নিৰ্দিষ্ট কিছুমান সেৱা

নিম্নলিখিত গোপনীয়তাৰ জাননীসমূহে কিছুমান Google সেৱাৰ বিষয়ে অতিৰিক্ত তথ্য প্ৰদান কৰে:

যদি আপুনি Google Workspace অথবা Google Cloudৰ প্লেটফৰ্ম ব্যৱহাৰ কৰা কোনো প্ৰতিষ্ঠানৰ এগৰাকী সদস্য, এই সেৱাসমূহে কেনেকৈ আপোনাৰ ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰ কৰে সেয়াGoogle Cloudৰ গোপনীয়তাৰ জাননীৰ পৰা জানক।

অন্য সহায়ক সমল

তলৰ লিংকসমূহে আমাৰ পদ্ধতি আৰু গোপনীয়তাৰ ছেটিঙৰ বিষয়ে অধিক জানিবলৈ আপোনাৰ বাবে উপযোগী উৎসসমূহ হাইলাইট কৰে।

মুখ্য চৰ্তাৱলী

Affiliates

An affiliate is an entity that belongs to the Google group of companies, including the following companies that provide consumer services in the EU: Google Ireland Limited, Google Commerce Ltd, Google Payment Corp, and Google Dialer Inc. Learn more about the companies providing business services in the EU.

Algorithm

A process or set of rules followed by a computer in performing problem-solving operations.

Application data cache

An application data cache is a data repository on a device. It can, for example, enable a web application to run without an internet connection and improve the performance of the application by enabling faster loading of content.

Browser web storage

Browser web storage enables websites to store data in a browser on a device. When used in "local storage" mode, it enables data to be stored across sessions. This makes data retrievable even after a browser has been closed and reopened. One technology that facilitates web storage is HTML 5.

Cookies

A cookie is a small file containing a string of characters that is sent to your computer when you visit a website. When you visit the site again, the cookie allows that site to recognize your browser. Cookies may store user preferences and other information. You can configure your browser to refuse all cookies or to indicate when a cookie is being sent. However, some website features or services may not function properly without cookies. Learn more about how Google uses cookies and how Google uses data, including cookies, when you use our partners' sites or apps.

Device

A device is a computer that can be used to access Google services. For example, desktop computers, tablets, smart speakers, and smartphones are all considered devices.

Google Account

You may access some of our services by signing up for a Google Account and providing us with some personal information (typically your name, email address, and a password). This account information is used to authenticate you when you access Google services and protect your account from unauthorized access by others. You can edit or delete your account at any time through your Google Account settings.

IP ঠিকনা

ইণ্টাৰনেটৰ সৈতে সংযুক্ত প্ৰতিটো ডিভাইচক এটা নম্বৰ আবণ্টন কৰা হয়, যিটোক ইণ্টাৰনেট প্ৰ’ট’কল (IP) ঠিকনা হিচাপে জনা যায়। এই নম্বৰবোৰ সাধাৰণতে ভৌগোলিক খণ্ড অনুসৰি আবণ্টন কৰা হয়। এটা আইপি ঠিকনা প্ৰায়ে এটা ডিভাইচে যি অৱস্থানৰ পৰা ইণ্টাৰনেটৰ সৈতে সংযোগ কৰে সেই অৱস্থান চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। আমি অৱস্থান সম্পৰ্কীয় তথ্য কিদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক জানক।

Non-personally identifiable information

This is information that is recorded about users so that it no longer reflects or references an individually-identifiable user.

Personal information

This is information that you provide to us which personally identifies you, such as your name, email address, or billing information, or other data that can be reasonably linked to such information by Google, such as information we associate with your Google Account.

Pixel tag

A pixel tag is a type of technology placed on a website or within the body of an email for the purpose of tracking certain activity, such as views of a website or when an email is opened. Pixel tags are often used in combination with cookies.

Referrer URL

A Referrer URL (Uniform Resource Locator) is information transmitted to a destination webpage by a web browser, typically when you click a link to that page. The Referrer URL contains the URL of the last webpage the browser visited.

Sensitive personal information

This is a particular category of personal information relating to topics such as confidential medical facts, racial or ethnic origins, political or religious beliefs, or sexuality.

Server logs

Like most websites, our servers automatically record the page requests made when you visit our sites. These “server logs” typically include your web request, Internet Protocol address, browser type, browser language, the date and time of your request, and one or more cookies that may uniquely identify your browser.

A typical log entry for a search for “cars” looks like this:

123.45.67.89 - 25/Mar/2003 10:15:32 -
http://www.google.com/search?q=cars -
Chrome 112; OS X 10.15.7 -
740674ce2123e969
  • 123.45.67.89 is the Internet Protocol address assigned to the user by the user’s ISP. Depending on the user’s service, a different address may be assigned to the user by their service provider each time they connect to the Internet.
  • 25/Mar/2003 10:15:32 is the date and time of the query.
  • http://www.google.com/search?q=cars is the requested URL, including the search query.
  • Chrome 112; OS X 10.15.7 is the browser and operating system being used.
  • 740674ce2123a969 is the unique cookie ID assigned to this particular computer the first time it visited Google. (Cookies can be deleted by users. If the user has deleted the cookie from the computer since the last time they’ve visited Google, then it will be the unique cookie ID assigned to their device the next time they visit Google from that particular device).

Unique identifiers

A unique identifier is a string of characters that can be used to uniquely identify a browser, app, or device. Different identifiers vary in how permanent they are, whether they can be reset by users, and how they can be accessed.

Unique identifiers can be used for various purposes, including security and fraud detection, syncing services such as your email inbox, remembering your preferences, and providing personalized advertising. For example, unique identifiers stored in cookies help sites display content in your browser in your preferred language. You can configure your browser to refuse all cookies or to indicate when a cookie is being sent. Learn more about how Google uses cookies.

On other platforms besides browsers, unique identifiers are used to recognize a specific device or app on that device. For example, a unique identifier such as the Advertising ID is used to provide relevant advertising on Android devices, and can be managed in your device’s settings. Unique identifiers may also be incorporated into a device by its manufacturer (sometimes called a universally unique ID or UUID), such as the IMEI-number of a mobile phone. For example, a device’s unique identifier can be used to customize our service to your device or analyze device issues related to our services.

অতিৰিক্ত প্ৰসংগ

অনলাইনত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ লোকসকল

উদাহৰণস্বৰূপে, যেতিয়া আপুনি লিখা ইমেইলৰ To, Cc অথবা Bcc ক্ষেত্ৰকেইখনত এটা ঠিকনা টাইপ কৰে, Gmailএ আপুনি সঘনাই যোগাযোগ কৰা লোকসকলৰ ওপৰত ভিত্তি কৰি ঠিকনাৰ পৰামৰ্শ দিব।

অন্য ছাইট আৰু এপত আপুনি কৰা কাৰ্যকলাপ

এই কাৰ্যকলাপ আপোনাৰ Google সেৱাসমূহৰ ব্যৱহাৰৰ পৰা আহিব পাৰে, যেনে- Chromeৰ সৈতে আপোনাৰ একাউণ্ট ছিংক কৰাৰ পৰা অথবা Googleৰ সৈতে অংশীদাৰ হোৱা ছাইট আৰু এপ্‌ আপুনি চোৱাৰ পৰা। বহুতো ৱেবছাইট আৰু এপে নিজৰ সমল আৰু সেৱা উন্নত কৰিবলৈ Googleৰ অংশীদাৰ হয়। উদাহৰণস্বৰূপে, কোনো ৱেবছাইটে আমাৰ বিজ্ঞাপন সেৱা (যেনে- AdSense) অথবা বিশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি (যেনে- Google Analytics) ব্যৱহাৰ কৰিব পাৰে অথবা সেইটোৱে অন্য সমল (যেনে- YouTubeৰ ভিডিঅ’) এম্বেড কৰিব পাৰে। এই সেৱাসমূহে Googleৰ সৈতে আপোনাৰ কাৰ্যকলাপ সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰে আৰু আপোনাৰ একাউণ্টৰ ছেটিং আৰু ব্যৱহৃত প্ৰ’ডাক্টৰ ওপৰত নিৰ্ভৰ কৰি (উদাহৰণস্বৰূপে, কোনো অংশীদাৰে আমাৰ বিজ্ঞাপন সেৱাসমূহৰ সৈতে Google Analytics ব্যৱহাৰ কৰিলে) এই ডেটাখিনি আপোনাৰ ব্যক্তিগত তথ্যৰ সৈতে জড়িত কৰা হ’ব পাৰে।

যেতিয়া আপুনি আমাৰ অংশীদাৰৰ ছাইট অথবা এপ্ ব্যৱহাৰ কৰে, তেতিয়া Googleএ অৱস্থান সম্পৰ্কীয় তথ্য কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে অধিক জানক

অন্য ব্যৱহাৰকাৰী

উদাহৰণস্বৰূপে, অপব্যৱহাৰ ৰোধ কৰিবলৈ আৰু আমাৰ অনলাইন সমল সঞ্চালনা কৰাৰ পদ্ধতি স্বচ্ছ কৰিবলৈ আৰু উত্তৰদায়িত্ব সুদৃঢ় কৰিবলৈ, Googleএ আমাৰ সেৱাসমূহৰ পৰা সমল আঁতৰোৱাৰ অনুৰোধৰ বিষয়ে তথ্য Lumenৰ সৈতে শ্বেয়াৰ কৰে, যিয়ে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ অধিকাৰসমূহ বুজাত সহায়ক হোৱা গৱেষণা কৰাটো সুচল কৰিবলৈ এই অনুৰোধসমূহ সংগ্ৰহ আৰু বিশ্লেষণ কৰে। অধিক জানক

অপব্যৱহাৰ চিনাক্ত কৰা

When we detect spam, malware, illegal content (including child sexual abuse and exploitation material), and other forms of abuse on our systems in violation of our policies, we may disable your account or take other appropriate action. In certain circumstances, we may also report the violation to appropriate authorities.

অপব্যৱহাৰৰ বিৰুদ্ধে সুৰক্ষা দিয়া

উদাহৰণস্বৰূপে, সুৰক্ষাজনিত ভাবুকি বিষয়ক তথ্যই আমি আপোনাৰ একাউণ্ট হেক কৰা হৈছে বুলি ভাবিলে আপোনাক অৱগত কৰাত আমাক সহায় কৰিব পাৰে (যিটো সময়ত আমি আপোনাক আপোনাৰ একাউণ্টটো সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাত সহায় কৰিব পাৰোঁ)।

অন্যান্য প্ৰযুক্তি আৰু যোগাযোগ কোম্পানীৰ দৰে, Googleএ নিয়মীয়াকৈ বিশ্বজুৰি চৰকাৰ আৰু আদালতৰ পৰা ব্যৱহাৰকাৰীৰ তথ্য সদৰী কৰিবলৈ অনুৰোধ লাভ কৰে। Googleৰ সৈতে আপুনি ষ্ট’ৰ কৰা ডেটাৰ গোপনীয়তা আৰু সুৰক্ষাৰ প্ৰতি দেখুওৱা সন্মানে এই আইনী অনুৰোধসমূহ পালন কৰাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীক আধাৰিত কৰে। আমাৰ আইনী দলে প্ৰকাৰ নিৰ্বিশেষে প্ৰতিটো অনুৰোধ পৰ্যালোচনা কৰে আৰু আমি অত্যাধিক বিস্তৃত যেন লগা অথবা সঠিক প্ৰক্ৰিয়া অনুসৰণ নকৰা কোনো অনুৰোধ সঘনাই অগ্ৰাহ্য কৰোঁ। আমাৰ স্বচ্ছতাৰ ৰিপ’ৰ্টত অধিক জানক।

আপুনি আটাইতকৈ উপযোগী বুলি বিবেচনা কৰিব পৰা বিজ্ঞাপন

উদাহৰণস্বৰূপে, যদি আপুনি YouTubeত বেকিঙৰ বিষয়ে ভিডিঅ’ চায়, তেন্তে ৱেব ব্ৰাউজ কৰাৰ সময়ত বেকিঙৰ সৈতে জড়িত অধিক বিজ্ঞাপন দেখা পাব পাৰে। আমি আপোনাৰ আনুমানিক অৱস্থান নিৰ্ণয় কৰিবলৈ আপোনাৰ আইপি ঠিকনাও ব্যৱহাৰ কৰিব পাৰোঁ, যাতে আমি আপোনাক ওচৰৰ পিজ্জা ডেলিভাৰী সেৱাৰ বিজ্ঞাপন দিব পাৰোঁ যদি আপুনি “পিজ্জা” বুলি সন্ধান কৰে। Googleৰ বিজ্ঞাপনৰ বিষয়ে আৰু আপুনি বিশেষ এটা বিজ্ঞাপন কিয় দেখা পাব পাৰে সেই বিষয়ে অধিক জানক।

আপুনি ঘৰ আৰু কৰ্মস্থানৰ দৰে লেবেল লগোৱা ঠাই

আপুনি আপোনাৰ Google একাউণ্টত এনেকুৱা ঠাই ছেভ কৰিবলৈ বিচাৰিব পাৰে যিবোৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, যেনে- আপোনাৰ ঘৰ বা আপোনাৰ কৰ্মস্থান। আপুনি যদি আপোনাৰ ঘৰ বা কৰ্মস্থানৰ ঠিকনা ছেট কৰে, সেইসমূহ আপুনি অধিক সহজে কাম কৰাত, যেনে- আপোনাৰ ঘৰ বা কৰ্মস্থানলৈ যোৱাৰ দিক্-নিৰ্দেশনা লাভ কৰাত বা তাৰ ওচৰৰ ঠাইৰ ফলাফল লাভ কৰাত আপোনাক সহায় কৰিবলৈ আৰু বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰা হ’ব পাৰে।

আপুনি আপোনাৰ Google একাউণ্টত আপোনাৰ ঘৰ অথবা কৰ্মস্থানৰ ঠিকনা যিকোনো সময়তে সম্পাদনা অথবা মচিব পাৰে।

আপোনাৰ ডিভাইচৰ কাষত থকা বস্তু সম্পৰ্কীয় তথ্য

যদি আপুনি Androidত Google অৱস্থান সেৱা ব্যৱহাৰ কৰে, আমি আপোনাৰ অৱস্থানৰ ওপৰত নিৰ্ভৰশীল Google Mapsৰ দৰে এপ্‌সমূহৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰোঁ। যদি আপুনি Google অৱস্থান সেৱা ব্যৱহাৰ কৰে, আপোনাৰ ডিভাইচে সেইটোৰ অৱস্থান, ছেন্সৰসমূহ (যেনে- এক্সেলেৰ’মিটাৰ) আৰু নিকটৱৰ্তী চেলৰ টাৱাৰ আৰু ৱাই-ফাই এক্সেছ পইণ্টসমূহ (যেনে- MAC ঠিকনা আৰু ছিগনেলৰ শক্তি)ৰ বিষয়ে তথ্য Googleলৈ প্ৰেৰণ কৰে। এই আটাইবোৰ কথাই আপোনাৰ অৱস্থান নিৰ্ণয় কৰাত সহায় কৰে। আপুনি Google অৱস্থান সেৱা সক্ষম কৰিবলৈ আপোনাৰ ডিভাইচৰ ছেটিং ব্যৱহাৰ কৰিব পাৰে। অধিক জানক

আপোনাৰ ডিভাইচৰ ছেন্সৰৰ ডেটা

আপোনাৰ ডিভাইচত ছেন্সৰ থাকিব পাৰে যিবিলাক আপোনাৰ অৱস্থান আৰু গতিবিধি ভালদৰে বুজিবলৈ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, আপোনাৰ গতিবেগ নিৰ্ণয় কৰিবলৈ এক্সেলেৰ’মিটাৰ আৰু আপোনাৰ যাত্ৰাৰ দিশ নিৰ্ণয় কৰিবলৈ জাইৰোস্ক’প ব্যৱহাৰ কৰিব পাৰি। আমি অৱস্থান সম্পৰ্কীয় তথ্য কিদৰে ব্যৱহাৰ কৰোঁ সেই বিষয়ে অধিক জানক।

আপোনাৰ শাৰীৰিক অথবা মানসিক স্বাস্থ্যৰ সৈতে জড়িত অন্য একেধৰণৰ তথ্য

আপুনি যদি Fitbit, Pixel Watch, Nest অথবা Google Fitৰ দৰে আমি প্ৰদান কৰা সুস্থতা সম্পৰ্কীয় প্ৰ’ডাক্ট আৰু এপ্‌ ব্যৱহাৰ কৰে, আমি আপুনি প্ৰদান কৰা ডেটা, যেনে- আপোনাৰ উচ্চতা আৰু ওজন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰোঁ। আমি এইসমূহ এপ্‌ আৰু ডিভাইচৰ পৰাও তথ্য সংগ্ৰহ কৰোঁ, যেনে- আপোনাৰ শোৱাৰ আৰ্হি, হৃদস্পন্দনৰ হাৰ, ছালৰ তাপমান, খৰচ হোৱা কেল’ৰী আৰু খোজৰ সংখ্যা।

আপোনাৰ Google একাউণ্টৰ সৈতে ছিংক কৰা

আপোনাৰ Chrome ব্ৰাউজিঙৰ ইতিহাস কেৱল আপোনাৰ একাউণ্টত ছেভ কৰা হয়, যদিহে আপুনি আপোনাৰ Google একাউণ্টৰ সৈতে Chrome ছিংক কৰাৰ সুবিধা সক্ষম কৰিছে। অধিক জানক

আমাৰ সমগ্ৰ সেৱাত আমি সংগ্ৰহ কৰা তথ্য ব্যৱহাৰ কৰা

আপোনাৰ উপলব্ধ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, আমি আমাৰ সমগ্ৰ সেৱাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য আমি কেনেদৰে ব্যৱহাৰ কৰো তাৰ কিছুমান উদাহৰণ হ’ল:

  • আপুনি যেতিয়া আপোনাৰ Google একাউণ্টত ছাইন ইন কৰি থয় আৰু Googleত সন্ধান কৰে, আপুনি ৰাজহুৱা ৱেবৰ পৰা সন্ধানৰ ফলাফলৰ লগতে Gmail অথবা Google Calendarৰ দৰে অন্য Googleৰ প্ৰ’ডাক্টত থকা সমলৰ পৰা প্ৰাসংগিক তথ্য চাব পাৰে। ইয়াৰ ভিতৰত আপোনাৰ অনাগত ফ্লাইটৰ স্থিতি, ৰেষ্টুৰেণ্ট আৰু হোটেল আৰক্ষণ অথবা আপোনাৰ ফট’ৰ দৰে বস্তুও থাকিব পাৰে। অধিক জানক
  • যদি আপুনি কাৰোবাৰ সৈতে Gmailৰ জৰিয়তে যোগাযোগ কৰিছে আৰু তেওঁক Google Doc অথবা Google Calendarৰ কোনো অনুষ্ঠানত যোগ দিবলৈ বিচাৰে, তেন্তে আপুনি তেওঁলোকৰ নাম টাইপ কৰিবলৈ আৰম্ভ কৰিলে Googleএ তেওঁলোকৰ ইমেইল ঠিকনা স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ কৰি সেই কাম কৰাটো সহজ কৰি তোলে। এই সুবিধাটোৱে আপোনাৰ চিনাকি মানুহৰ সৈতে বস্তু শ্বেয়াৰ কৰাটো সহজ কৰি তোলে। অধিক জানক
  • Google এপে আপোনাৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক ব্যক্তিগতকৃত সমল দেখুৱাবলৈ আপুনি অন্য Google প্ৰ’ডাক্টত ষ্ট’ৰ কৰা ডেটা ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপত ষ্ট’ৰ কৰি থোৱা সন্ধান আছে, তেন্তে Google এপে আপোনাক আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপোনাৰ আগ্ৰহৰ লগত মিলা বাতৰিৰ প্ৰবন্ধ আৰু খেলৰ স্ক’ৰৰ দৰে অন্যান্য তথ্য দেখুৱাব পাৰে।
  • যদি আপুনি আপোনাৰ Google একাউণ্টটো আপোনাৰ Google Homeৰ সৈতে সংযোগ কৰে, তেন্তে আপুনি আপোনাৰ তথ্য পৰিচালনা কৰিব আৰু Google Assistantৰ জৰিয়তে বিভিন্ন কাম সম্পন্ন কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি Google Calendarত অনুষ্ঠান যোগ দিব পাৰে অথবা দিনটোৰ বাবে আপোনাৰ সময়সূচী পাব পাৰে, আপোনাৰ অনাগত ফ্লাইটৰ স্থিতিৰ আপডে’ট বিচাৰিব পাৰে অথবা গাড়ী চলাই থাকোঁতে পোৱা দিক্-নিৰ্দেশনাৰ দৰে তথ্য আপোনাৰ ফ’নলৈ প্ৰেৰণ কৰিব পাৰে। অধিক জানক
  • যদি আপুনি EUৰ এগৰাকী ব্যৱহাৰকাৰী, সেৱাসমূহ লিংক কৰাৰ ক্ষেত্ৰত আপুনি লোৱা সিদ্ধান্তই আমাৰ সমগ্ৰ সেৱাত কিছুমান নিৰ্দিষ্ট Google সেৱাই ডেটা কেনেদৰে ব্যৱহাৰ কৰিব পাৰে তাক প্ৰভাৱিত কৰিব।

আমাৰ সেৱা প্ৰদান কৰা

আমাৰ সেৱাসমূহ প্ৰদান কৰিবলৈ আমি আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ উদাহৰণ হৈছে:

  • কোনো YouTube ভিডিঅ’ ল’ড কৰাৰ দৰে আপুনি অনুৰোধ কৰা তথ্য আপোনালৈ প্ৰেৰণ কৰিবলৈ আমি আপোনাৰ ডিভাইচক আবণ্টন কৰা আইপি ঠিকনা ব্যৱহাৰ কৰোঁ
  • আপোনাক আপোনাৰ Google একাউণ্ট এক্সেছ কৰিব পৰা ব্যক্তি হিচাপে বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ কৰাত আমাক সহায় কৰিবলৈ আমি আপোনাৰ ডিভাইচত থকা কুকিত ষ্ট’ৰ কৰা অদ্বিতীয় চিনাক্তকাৰী ব্যৱহাৰ কৰোঁ
  • আপুনি Google Photosত আপল’ড কৰা ফট’ আৰু ভিডিঅ’সমূহ আপুনি শ্বেয়াৰ কৰিব পৰা এলবাম, ক’লাজ আৰু অন্য সৃষ্টিশীল বস্তু সৃষ্টি কৰাত আপোনাক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। অধিক জানক
  • আপুনি পোৱা বিমান নিশ্চিতকৰণ সম্পৰ্কীয় ইমেইল এটা আপোনাৰ Gmailত ওলোৱা "চেক-ইন" বুটাম এটা সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হ’ব পাৰে
  • যেতিয়া আপুনি আমাৰ পৰা সেৱা অথবা ভৌতিক সামগ্ৰী ক্ৰয় কৰে, আপুনি আমাক আপোনাৰ শ্বিপিঙৰ ঠিকনা অথবা ডেলিভাৰ কৰাৰ বিষয়ে দিয়া নিৰ্দেশনাৰ দৰে তথ্য প্ৰদান কৰিব পাৰে। আমি এই তথ্যসমূহ প্ৰক্ৰিয়াকৰণ, পূৰণ আৰু আপোনাৰ অৰ্ডাৰ ডেলিভাৰ কৰা আৰু আপুনি ক্ৰয় কৰা প্ৰ’ডাক্ট অথবা সেৱাৰ সন্দৰ্ভত সহায় কৰাৰ দৰে বস্তুৰ বাবে ব্যৱহাৰ কৰোঁ।

আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰা তৃতীয় পক্ষৰ ছাইট আৰু এপত কৰা কাৰ্যকলাপ

বিজ্ঞাপন আৰু বিশ্লেষণাত্মক পৰিসংখ্যাৰ দৰে Google সেৱাসমূহ একত্ৰিত কৰা ৱেবছাইট আৰু এপ্‌সমূহে আমাৰ সৈতে তথ্য শ্বেয়াৰ কৰে।

আপুনি ব্যৱহাৰ কৰা ব্ৰাউজাৰ অথবা ব্ৰাউজাৰ ম’ড নিৰ্বিশেষে এই তথ্য সংগ্ৰহ কৰা হয়। উদাহৰণস্বৰূপে, যদিও Chromeত ইনক’গনিট’ ম’ডে আপোনাৰ ডিভাইচ ব্যৱহাৰ কৰা অন্য লোকৰ পৰা আপোনাৰ ব্ৰাউজিং ব্যক্তিগত কৰি ৰখাত সহায় কৰিব পাৰে, তৃতীয় পক্ষৰ ছাইট আৰু আমাৰ সেৱাসমূহ একত্ৰিত কৰা এপ্‌সমূহে আপুনি সেইবোৰলৈ যাওঁতে Googleৰ সৈতে তথ্য শ্বেয়াৰ কৰিব পাৰে।

আপুনি Google সেৱা ব্যৱহাৰ কৰা ছাইট আৰু এপ্‌সমূহলৈ যাওঁতে অথবা ভাব-বিনিময় কৰোঁতে শ্বেয়াৰ কৰা তথ্য নিয়ন্ত্ৰণ কৰাৰ কিছুমান উপায়ৰ বিষয়ে অধিক জানিব পাৰে

আমাৰ সেৱাসমূহে বিচৰা ধৰণে কাম কৰি থকাটো নিশ্চিত কৰা

উদাহৰণস্বৰূপে, সমস্যাসমূহ বিচাৰিবলৈ আমি আমাৰ ছিষ্টেমসমূহ অবিৰতভাৱে নিৰীক্ষণ কৰোঁ। আৰু যদি আমি এটা নিৰ্দিষ্ট সুবিধাত কিবা ভুল বিচাৰি পাওঁ, সমস্যাটো আৰম্ভ হোৱাৰ আগতে সংগ্ৰহ কৰা কাৰ্যকলাপৰ তথ্য পৰ্যালোচনা কৰাটোৱে আমাক বস্তুবোৰ অধিক দ্ৰুততাৰে ঠিক কৰিবলৈ দিয়ে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ গোপনীয়তা আইন

এই আইনসমূহত এয়া অন্তৰ্ভুক্ত:

  • কেলিফ’ৰ্নিয়া কনজিউমাৰ প্ৰাইভেচি এক্ট (CCPA);
  • ভাৰ্জিনিয়া ডেটা সুৰক্ষা আইন (VCDPA);
  • কলৰাড’ গোপনীয়তা আইন (CPA);
  • কনেটিকাটৰ ব্যক্তিগত ডেটা বিষয়ক গোপনীয়তা আৰু অনলাইন নিৰীক্ষণ সম্পৰ্কীয় আইন (CTDPA), আৰু
  • ইউটাহৰ উপভোক্তাৰ গোপনীয়তা আইন (UCPA)
  • ৱাশ্বিংটনৰ মাই হেল্থ মাই ডেটা (MHDM) আইন
  • নেৱাডা ছিনেট বিল ৩৭০
  • ফ্ল’ৰিডাৰ অধিকাৰ সম্পৰ্কীয় ডিজিটেল বিধেয়ক (FDBR)
  • টেক্সাছৰ ডেটা বিষয়ক গোপনীয়তা আৰু সুৰক্ষা আইন (TDPSA)
  • অৰেগনৰ উপভোক্তাৰ গোপনীয়তা আইন (UCPA)
  • মণ্টানাৰ উপভোক্তাৰ ডেটা বিষয়ক গোপনীয়তা আইন (MTCDPA)
  • New Jersey Senate Bill 332
  • New Hampshire Senate Bill 255
  • Nebraska Data Privacy Act (NEDPA)
  • Iowa Consumer Data Protection Act (IACDPA)
  • Delaware Personal Data Privacy Act (DPDPA)
  • Tennessee Information Protection Act (TIPA)
  • Minnesota Consumer Data Privacy Act (MNCDPA)
  • Maryland Online Data Privacy Act of 2024 (MDODPA)
  • ইণ্ডিয়ানাৰ উপভোক্তাৰ ডেটা সুৰক্ষা আইন (INCDPA)
  • কেণ্টাকীৰ উপভোক্তাৰ ডেটা সুৰক্ষা আইন (KCDPA)
  • ৰ’ড আইলেণ্ডৰ ডেটাৰ স্বচ্ছতা আৰু গোপনীয়তা সুৰক্ষা আইন (RIDTPPA)

উন্নতি সাধন কৰা

উদাহৰণস্বৰূপে, লোকসকলে আমাৰ সেৱাসমূহৰ সৈতে কেনেদৰে ভাব-বিনিময় কৰে সেয়া বিশ্লেষণ কৰিবলৈ আমি কুকি ব্যৱহাৰ কৰোঁ। আৰু সেই বিশ্লেষণে আমাক উন্নত প্ৰ’ডাক্ট তৈয়াৰ কৰাত সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, ই আমাক এই কথা জনাত সহায় কৰিব পাৰে যে লোকসকলক এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাত বহুত সময় লাগে অথবা তেওঁলোকে কোনো পদক্ষেপ সম্পূৰ্ণ কৰাত আচলতে অসুবিধা পায়। তাৰ পাছত আমি সেই সুবিধাটো পুনৰ ডিজাইন কৰিব পাৰোঁ আৰু সকলোৰে বাবে প্ৰ’ডাক্টটো উন্নত কৰিব পাৰোঁ।

কল কৰিবলৈ আৰু গ্ৰহণ কৰিবলৈ অথবা বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰা সেৱা

এই সেৱাসমূহৰ উদাহৰণত এইসমূহ অন্তৰ্ভুক্ত:

  • Google Voice, কল কৰা আৰু পোৱা, পাঠ বাৰ্তা পঠিওৱা আৰু ভইচমেইল পৰিচালনা কৰাৰ বাবে
  • Google Meet, ভিডিঅ’ কল কৰা আৰু পোৱাৰ বাবে
  • Gmail, ইমেইল পঠিওৱা আৰু পোৱাৰ বাবে
  • Google Chat, বাৰ্তা পঠিওৱা আৰু পোৱাৰ বাবে
  • Google Duo, ভিডিঅ’ কল কৰা আৰু পোৱা আৰু বাৰ্তা পঠিওৱা আৰু পোৱাৰ বাবে
  • Google Fi, ফ’নৰ এটা আঁচনিৰ বাবে

উদাহৰণস্বৰূপে, যেতিয়া আপুনি আপোনাৰ Google একাউণ্টত ছাইন ইন কৰে আৰু ৱেব আৰু এপৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণ সক্ষম কৰে, আপুনি পূৰ্বৰ সন্ধান আৰু অন্য Google সেৱাসমূহত কৰা আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি অধিক প্ৰাসংগিক সন্ধান ফলাফল পাব পাৰে। আপুনি ইয়াত অধিক জানিব পাৰে। আপুনি আনকি ছাইন আউট কৰি থ’লেও আপুনি কাষ্টমাইজ কৰা সন্ধানৰ ফলাফল পাব পাৰে। যদি আপুনি এই স্তৰৰ সন্ধানৰ কাষ্টমাইজেশ্বন নিবিচাৰে, আপুনি ব্যক্তিগতভাৱে সন্ধান আৰু ব্ৰাউজ কৰিব পাৰে অথবা ছাইন আউট কৰি থোৱা অৱস্থাত সন্ধান কাষ্টমাইজ কৰাৰ সুবিধাটো অফ কৰিব পাৰে।

যেতিয়া বহুসংখ্যক লোকে কিবা সন্ধান কৰিবলৈ আৰম্ভ কৰে, ই সেই সময়ত নিৰ্দিষ্ট ট্ৰেণ্ডৰ বিষয়ে উপযোগী তথ্য প্ৰদান কৰিব পাৰে। Google Trendsএ এটা নিৰ্দিষ্ট সময়ত সন্ধানৰ জনপ্ৰিয়তা অনুমান কৰিবলৈ Googleত কৰা ৱেব সন্ধানৰ নমুনা লয় আৰু সেই ফলাফলবোৰ একত্ৰিত চৰ্তাৱলীত ৰাজহুৱাভাৱে শ্বেয়াৰ কৰে। অধিক জানক

ডিভাইচ

উদাহৰণস্বৰূপে, আপুনি এপ্ এটা ইনষ্টল কৰিবলৈ অথবা Google Playৰ পৰা ক্ৰয় কৰা চলচ্চিত্ৰ এখন চাবলৈ আপুনি কোনটো ডিভাইচ ব্যৱহাৰ কৰিব বিচাৰে সেই বিষয়ে সিদ্ধান্ত কৰাত আপোনাক সহায় কৰিবলৈ আমি আপোনাৰ ডিভাইচৰ পৰা তথ্য ব্যৱহাৰ কৰিব পাৰোঁ। আমি আপোনাৰ একাউণ্টটো সুৰক্ষিত কৰাত সহায় কৰিবলৈও এই তথ্য ব্যৱহাৰ কৰোঁ।

Google Analytics প্ৰথম পক্ষৰ কুকিৰ ওপৰত নিৰ্ভৰশীল। Google Analyticsৰ গ্ৰাহকে ছেট কৰা কুকিবোৰ হৈছে প্ৰথম পক্ষৰ কুকি। আমাৰ ছিষ্টেমসমূহ ব্যৱহাৰ কৰি, Google Analyticsৰ জৰিয়তে সৃষ্টি কৰা তথ্য Google Analyticsৰ গ্ৰাহক আৰু Googleএ তৃতীয় পক্ষৰ কুকিৰ সৈতে সংযোগ কৰিব পাৰে যিবোৰ অন্য ৱেবছাইট চোৱাৰ সৈতে জড়িত। উদাহৰণস্বৰূপে, এগৰাকী বিজ্ঞাপনদাতাই অধিক প্ৰাসংগিক বিজ্ঞাপন সৃষ্টি কৰিবলৈ অথবা ইয়াৰ ট্ৰেফিক অধিক গভীৰভাৱে বিশ্লেষণ কৰিবলৈ তেওঁৰ Google Analyticsৰ ডেটা ব্যৱহাৰ কৰিবলৈ বিচাৰিব পাৰে। অধিক জানক

তৃতীয় পক্ষ

উদাহৰণস্বৰূপে, আমি অধিকাৰ ধাৰকসকলক তেওঁলোকৰ সমল আমাৰ সেৱাসমূহত কেনেদৰে ব্যৱহাৰ কৰা হৈছিল সেই বিষয়ে পৰিসংখ্যা ব্যৱহাৰ কৰাৰ ৰিপ’ৰ্ট দিবলৈ আপোনাৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ। যদি মানুহে আপোনাৰ নামটো সন্ধান কৰে আৰু আমি আপোনাৰ বিষয়ে ৰাজহুৱাভাৱে উপলব্ধ তথ্য থকা ছাইটবোৰৰ বাবে সন্ধানৰ ফলাফল প্ৰদৰ্শন কৰোঁ, তেন্তে আমি আপোনাৰ তথ্যও প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ।

বিজ্ঞাপনত ব্যৱহাৰ কৰা প্ৰযুক্তিৰ বিষয়ে অধিক জানক

তেওঁলোকৰ হৈ বিজ্ঞাপন আৰু গৱেষণা সেৱা প্ৰদান কৰা

উদাহৰণস্বৰূপে, বণিকসকলে তেওঁলোকৰ লয়েল্টী-কাৰ্ড প্ৰ’গ্ৰামৰ পৰা ডেটা আপল’ড কৰিব পাৰে যাতে তেওঁলোকে সন্ধান বা শ্বপিঙৰ ফলাফলত লয়েল্টীৰ তথ্য অন্তৰ্ভুক্ত কৰিব পাৰে বা তেওঁলোকৰ বিজ্ঞাপনৰ প্ৰচাৰাভিযানৰ পাৰদৰ্শিতা ভালদৰে বুজিব পাৰে। আমি বিজ্ঞাপনদাতাসকলক কেৱল একত্ৰিত কৰা ৰিপ’ৰ্ট প্ৰদান কৰোঁ যিয়ে কোনো ব্যক্তি বিশেষৰ বিষয়ে তথ্য প্ৰকাশ নকৰে।

নিৰ্দিষ্ট অংশীদাৰ

উদাহৰণস্বৰূপে, আমি YouTube সৃষ্টিকৰ্তা আৰু বিজ্ঞাপনদাতাসকলক তেওঁলোকৰ YouTube ভিডিঅ’ অথবা বিজ্ঞাপনৰ দৰ্শকৰ বিষয়ে জানিবলৈ কুকি অথবা একে ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি জোখ-মাখ কৰা কোম্পানীসমূহৰ সৈতে কাম কৰিবলৈ অনুমতি দিওঁ। আন এটা উদাহৰণ হৈছে আমাৰ শ্বপিং পৃষ্ঠাসমূহত থকা ব্যৱসায়ীসকল, যিসকলে কিমান বেলেগ বেলেগ লোকে তেওঁলোকৰ প্ৰ’ডাক্টৰ সূচী দেখিছে বুজিবলৈ কুকি ব্যৱহাৰ কৰে। এই অংশীদাৰসকল আৰু তেওঁলোকে আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে অধিক জানক

নিশ্চিত আৰু উন্নত কৰা

উদাহৰণস্বৰূপে, আমি আমাৰ বিজ্ঞাপনসমূহৰ পাৰদৰ্শিতা উন্নত কৰিবলৈ মানুহে বিজ্ঞাপনৰ সৈতে কেনেদৰে ভাব-বিনিময় কৰে সেয়া বিশ্লেষণ কৰোঁ।

পৰিশোধৰ তথ্য

উদাহৰণস্বৰূপে, যদি আপুনি আপোনাৰ Google একাউণ্টত ক্ৰেডিট কাৰ্ড অথবা অন্য পৰিশোধ পদ্ধতি যোগ দিয়ে, তেন্তে আপুনি সেইটো Play Storeত থকা এপৰ দৰে আমাৰ সমগ্ৰ সেৱাত বস্তু কিনিবলৈ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ পৰিশোধৰ প্ৰক্ৰিয়াকৰণত সহায় কৰিবলৈ আমি অন্য তথ্যও বিচাৰিব পাৰোঁ, যেনে- ব্যৱসায়িক কৰৰ আইডি। কিছুমান ক্ষেত্ৰত, আমি আপোনাৰ পৰিচয় সত্যাপন কৰাৰ আৱশ্যকো হ’ব পাৰে আৰু এই কাম কৰিবলৈ আপোনাৰ পৰা তথ্য বিচাৰিব পাৰোঁ।

আপুনি বয়সৰ প্ৰয়োজনীয়তা পূৰণ কৰেনে নাই সেই কথা সত্যাপন কৰিবলৈও আমি পৰিশোধৰ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ, উদাহৰণস্বৰূপে- যদি আপুনি আপোনাৰ জন্মদিনটো ভুলকৈ দিয়ে যিয়ে এই কথা সূচায় যে আপুনি এটা Google একাউণ্ট ৰাখিবলৈ পৰ্যাপ্ত বয়সৰ নহয়। অধিক জানক

ফ’ন নম্বৰ

যদি আপুনি আপোনাৰ একাউণ্টত আপোনাৰ ফ’ন নম্বৰ যোগ দিয়ে, আপোনাৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি সেইটো সমগ্ৰ Google সেৱাসমূহত বিভিন্ন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, আপোনাৰ ফ’ন নম্বৰটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ পাছৱৰ্ড পাহৰিলে আপোনাৰ একাউণ্ট এক্সেছ কৰাত সহায় কৰিব পাৰি, লোকসকলক আপোনাক বিচাৰি উলিওৱা আৰু আপোনাৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব পাৰি আৰু আপুনি দেখা বিজ্ঞাপনসমূহ আপোনাৰ বাবে অধিক প্ৰাসংগিক কৰি তুলিব পাৰি। অধিক জানক

বিশ্বজুৰি ছাৰ্ভাৰসমূহ

উদাহৰণস্বৰূপে, আমি আমাৰ প্ৰ’ডাক্টসমূহ ব্যৱহাৰকাৰীসকলৰ বাবে অবিৰতভাৱে উপলব্ধ ৰখাত সহায় কৰিবলৈ সমগ্ৰ বিশ্বত অৱস্থিত ডেটা কেন্দ্ৰসমূহ পৰিচালনা কৰোঁ।

ব্যক্তিগতকৃত বিজ্ঞাপন

বিজ্ঞাপনদাতাৰ পৰা পোৱা তথ্যৰ ভিত্তিতো আপুনি ব্যক্তিগতকৃত বিজ্ঞাপন দেখা পাব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি কোনো বিজ্ঞাপনদাতাৰ ৱেবছাইটত কিবা কিনিছে, তেওঁলোকে আপুনি তেওঁলোকৰ ছাইট চোৱা সম্পৰ্কীয় তথ্য আপোনাক বিজ্ঞাপন দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে। অধিক জানক

ভইচ আৰু অডিঅ’ৰ তথ্য

উদাহৰণস্বৰূপে, আপুনি Google Search, Assistant আৰু Mapsৰ সৈতে ভাব-বিনিময় কৰোঁতে, Googleএ আপোনাৰ Google একাউণ্টত অডিঅ’ ৰেকৰ্ডিং ছেভ কৰাটো বিচাৰেনে নাই বাছনি কৰক। যেতিয়া আপোনাৰ ডিভাইচে “Hey Google”ৰ দৰে এটা অডিঅ’ সক্রিয় কৰাৰ নিৰ্দেশনা চিনাক্ত কৰে, Googleএ আপোনাৰ কণ্ঠধ্বনি আৰু অডিঅ’ আৰু সক্ৰিয়কৰণৰ পূৰ্বৰ কেইছেকেণ্ডমান সময় ৰেকৰ্ড কৰে। অধিক জানক

ৰাইজ

উদাহৰণস্বৰূপে, আমি Googleৰ সমল আঁতৰোৱাৰ নীতি অথবা প্ৰযোজ্য আইন অনুসৰি আমাৰ সেৱাসমূহৰ পৰা সমল আঁতৰাবলৈ কৰা অনুৰোধৰ বিষয়ে তথ্যৰ প্ৰক্ৰিয়াকৰণ কৰোঁ। এই কাৰ্য এনে অনুৰোধৰ মূল্যায়ন কৰিবলৈ আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ, উত্তৰদায়িত্ব সুদৃঢ় কৰিবলৈ আৰু এই ব্যৱস্থাসমূহৰ অপব্যৱহাৰ আৰু জালিয়াতি ৰোধ কৰিবলৈ কৰা হয়।

ৰাজহুৱাভাৱে উপলব্ধ উৎস

উদাহৰণস্বৰূপে, আমি Googleৰ AIৰ মডেলসমূহক প্ৰশিক্ষণ দিয়াত আৰু Google Translate, Geminiৰ এপ্‌ আৰু Cloud AIৰ সক্ষমতাৰ দৰে সুবিধা নিৰ্মাণ কৰাত সহায় কৰিবলৈ অনলাইন অথবা আন ৰাজহুৱা উৎসৰ পৰা ৰাজহুৱাভাৱে উপলব্ধ তথ্য সংগ্ৰহ কৰিব পাৰোঁ। অথবা যদি আপোনাৰ ব্যৱসায়ৰ তথ্য কোনো ৱেবছাইটত দেখা যায়, আমি ইয়াক Google সেৱাত ইণ্ডেক্স আৰু প্ৰদৰ্শন কৰিব পাৰোঁ।

সংবেদনশীল শ্ৰেণী

আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন প্ৰদৰ্শন কৰোঁতে, আমি আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপোনাৰ ভাল লাগিব পৰা বিষয়বস্তু ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, আপুনি "ৰন্ধন আৰু পাকবিধি" অথবা "বিমানেৰে ভ্ৰমণ"ৰ দৰে বিষয়ৰ বিজ্ঞাপন দেখিব পাৰে। আমি জাতি, ধৰ্ম, যৌনাচাৰ অথবা স্বাস্থ্যৰ দৰে স্পৰ্শকাতৰ শিতানৰ ওপৰত ভিত্তি কৰি বিষয়বস্তু ব্যৱহাৰ নকৰোঁ অথবা ব্যক্তিগতকৃত বিজ্ঞাপন প্ৰদৰ্শন নকৰোঁ। আমাৰ সেৱা ব্যৱহাৰ কৰা বিজ্ঞাপনদাতাসকলৰ বাবে একে প্ৰয়োজনীয়তা ৰাখোঁ।

সঠিকভাৱে কাম কৰিবলৈ কুকিৰ ওপৰত নিৰ্ভৰ কৰা

উদাহৰণস্বৰূপে, আমি ‘lbcs’ নামৰ এটা কুকি ব্যৱহাৰ কৰোঁ, যিটোৱে একেটা ব্ৰাউজাৰতে বহুতো Google Docs খোলাটো সম্ভৱ কৰে। এই কুকিটো অৱৰোধ কৰা কাৰ্যই Google Docsএ আশা কৰা ধৰণে কাম কৰাত বাধা দিব। অধিক জানক

সমল আৰু বিজ্ঞাপনৰ সৈতে ভিউ আৰু ভাব-বিনিময়

উদাহৰণস্বৰূপে, আমি বিজ্ঞাপনৰ ভিউ আৰু বিজ্ঞাপনৰ সৈতে কৰা ভাব-বিনিময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ, যাতে আমি বিজ্ঞাপনদাতাসকলক আমি তেওঁলোকৰ বিজ্ঞাপনটো কোনো পৃষ্ঠাত দেখুৱালোঁনে নাই আৰু বিজ্ঞাপনটো কোনো দৰ্শকে দেখা পাইছিলনে নাই এনেধৰণৰ তথ্য জনাবলৈ একত্ৰিত কৰা ৰিপ’ৰ্ট প্ৰদান কৰিব পাৰোঁ। আমি অন্য ভাব-বিনিময়ো জুখিব পাৰোঁ, যেনে- আপুনি আপোনাৰ মাউছ কেনেকৈ এটা বিজ্ঞাপনৰ ওপৰত লৰচৰ কৰে অথবা আপুনি বিজ্ঞাপনটো প্ৰদৰ্শিত হোৱা পৃষ্ঠাখনৰ সৈতে ভাব-বিনিময় কৰেনে নাই।

সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা

আমাৰ সেৱাসমূহ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি ৰখাত সহায় কৰিবলৈ আমি আপোনাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ কিছুমান উদাহৰণ হ’ল:

  • স্বয়ংক্ৰিয় অপব্যৱহাৰৰ পৰা সুৰক্ষিত কৰিবলৈ আইপি ঠিকনা আৰু কুকিৰ ডেটা সংগ্ৰহ আৰু বিশ্লেষণ কৰা। এই অপব্যৱহাৰে বহুতো ৰূপ লয়, যেনে Gmail ব্যৱহাৰকাৰীলৈ স্পাম পঠিওৱা, বিজ্ঞাপনত প্ৰৱঞ্চনাৰে ক্লিক কৰি বিজ্ঞাপনদাতাৰ পৰা ধন চুৰি কৰা অথবা ডিষ্ট্ৰিবিউটেড ডিনায়েল অফ ছাৰ্ভিচ (DDoS) আক্ৰমণ লঞ্চ কৰি সমল চেঞ্চৰ কৰা।
  • Gmailৰ “একাউণ্টৰ অন্তিম কাৰ্যকলাপ” সুবিধাটোৱে কোনোবাই আপোনাৰ অজ্ঞাতে আপোনাৰ ইমেইল এক্সেছ কৰিছে নেকি আৰু কেতিয়া কৰিছে সেই কথা জনাত আপোনাক সহায় কৰিব পাৰে। এই সুবিধাটোৱে আপোনাক Gmailত শেহতীয়াকৈ কৰা কাৰ্যকলাপৰ বিষয়ে তথ্য দেখুৱায়, যেনে- আপোনাৰ মেইল এক্সেছ কৰা আইপি ঠিকনা, সংশ্লিষ্ট অৱস্থান আৰু এক্সেছ কৰাৰ তাৰিখ আৰু সময়। অধিক জানক

Google এপ্‌সমূহৰ সৈতে Android ডিভাইচ

Google এপ্‌সমূহ অন্তৰ্ভুক্ত হৈ থকা Android ডিভাইচসমূহত Google অথবা আমাৰ কোনো অংশীদাৰে বিক্ৰী কৰা ডিভাইচসমূহ অন্তৰ্ভুক্ত আৰু ইয়াত ফ’ন, কেমেৰা, বাহন, পৰিধানযোগ্য, আৰু টেলিভিশ্বন অন্তৰ্ভুক্ত। এই ডিভাইচসমূহে Google Play সেৱাসমূহ আৰু আগতে ইনষ্টল কৰি থোৱা অন্যান্য এপ্‌সমূহ ব্যৱহাৰ কৰে, য’ত Gmail, Maps, আপোনাৰ ফ’নটোৰ কেমেৰা আৰু ফ’ন ডায়েলাৰ, কথনৰ-পৰা-পাঠৰ ৰূপান্তৰণ, কীব’ৰ্ডৰ ইনপুট আৰু সুৰক্ষা সুবিধাসমূহৰ দৰে সেৱাসমূহ অন্তৰ্ভুক্ত কৰে। Google Play সেৱাৰ বিষয়ে অধিক জানক।

Google সেৱাত কৰা কাৰ্যকলাপ

আপুনি যদি আপোনাৰ Google একাউণ্টত ছাইন ইন কৰি থয় আৰু ৱেব আৰু এপৰ কাৰ্যকলাপ অন কৰা থাকে, Googleৰ ছাইট, এপ্‌ আৰু সেৱাত থকা আপোনাৰ কাৰ্যকলাপৰ ডেটা আপোনাৰ একাউণ্টৰ ৱেব আৰু এপৰ কাৰ্যকলাপত ছেভ কৰা হ’ব পাৰে। কিছুমান কাৰ্যকলাপত আপুনি Googleৰ সেৱাটো ব্যৱহাৰ কৰি থকা অৱস্থাত উপস্থিত থকা সাধাৰণ অঞ্চলটোৰ তথ্যও অন্তৰ্ভুক্ত হ’ব পাৰে। আপুনি কোনো সাধাৰণ অঞ্চল ব্যৱহাৰ কৰি কোনো বস্তুৰ সন্ধান কৰিলে আপোনাৰ সন্ধানটোৱে অতি কমেও ৩ বৰ্গ কি:মি: ঠাই ব্যৱহাৰ কৰিব অথবা অঞ্চলটোৱে অতি কমেও ১০০০ গৰাকী লোকৰ অৱস্থানক প্ৰতিনিধিত্ব নকৰালৈকে সেয়া বিস্তাৰ কৰিব। এইটোৱে আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰাত সহায় কৰে।

কিছু ক্ষেত্ৰত, আপোনাৰ সন্ধানৰ বাবে এক প্ৰাসংগিক অৱস্থানৰ অনুমান কৰিবলৈ আপুনি পূৰ্বতে যিখন ঠাইৰ পৰা সন্ধান কৰিছিল সেই ঠাইখন ব্যৱহাৰ কৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, আপুনি চেলছিত থকা সময়ত কফিৰ দোকানৰ সন্ধান কৰিলে, ভৱিষ্যতৰ সন্ধানসমূহত Googleএ চেলছিৰ বাবে ফলাফল দেখুৱাব পাৰে।

আপুনি মোৰ কাৰ্যকলাপত আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপ চাব আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।

Googleৰ নিৰ্দিষ্ট কিছুমান সেৱা

উদাহৰণস্বৰূপে, আপুনি Bloggerৰ পৰা আপোনাৰ ব্লগ অথবা Google Sitesৰ পৰা আপোনাৰ মালিকীস্বত্ব থকা কোনো Google Site মচিব পাৰে। লগতে আপুনি Play Storeৰ এপ্‌, গে’ম আৰু অন্য সমলৰ ওপৰত কৰা আপোনাৰ পৰ্যালোচনাসমূহ মচিব পাৰে।

Googleৰ সৈতে অংশীদাৰ হোৱা

বিজ্ঞাপন দেখুৱাবলৈ Googleৰ সৈতে অংশীদাৰ হোৱা ২ নিযুতৰো অধিক Googleৰ বাহিৰৰ ৱেবছাইট আৰু এপ্ আছে। অধিক জানক

এটা নতুন টেবত খোলে(ফুটন’ট খোলে)
  • Afrikaans
  • Bahasa Indonesia
  • Bahasa Melayu
  • Català
  • Čeština
  • Dansk
  • Deutsch
  • Eesti
  • English
  • English (India)
  • English (United Kingdom)
  • Español
  • Español (Latinoamérica)
  • Euskara
  • Filipino
  • Français
  • Français (Canada)
  • Gaeilge
  • Galego
  • Hrvatski
  • Isizulu
  • Íslenska
  • Italiano
  • Kiswahili
  • Latviešu
  • Lietuvių
  • Magyar
  • Malti
  • Nederlands
  • Norsk
  • Polski
  • Português (Brasil)
  • Português (Portugal)
  • Română
  • Slovenčina
  • Slovenščina
  • Srpski
  • Suomi
  • Svenska
  • Tiếng Việt
  • Türkçe
  • অসমীয়া
  • Ελληνικά
  • Български
  • ଓଡିଆ
  • Русский
  • Српски
  • Українська
  • ‫עברית‬
  • ‫اردو‬
  • ‫العربية‬
  • ‫فارسی‬
  • አማርኛ
  • मराठी
  • हिन्दी
  • বাংলা
  • ગુજરાતી
  • தமிழ்
  • తెలుగు
  • ಕನ್ನಡ
  • മലയാളം
  • ไทย
  • 한국어
  • 中文 (香港)
  • 中文(简体中文)
  • 中文(繁體中文)
  • 日本語
Google apps
Main menu