Privacy & Terms
Privacy & Terms

পাতনি

Googleৰ উদ্দেশ্য হৈছে সমগ্ৰ পৃথিৱীৰ তথ্য শৃংখলাবদ্ধ কৰা আৰু সেয়া সাৰ্বজনীনভাৱে সুলভ আৰু সহায়ক কৰি তোলা। সেই উদ্দেশ্যত অৱস্থানৰ তথ্যই এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গাড়ী চলাই থাকোঁতে পোৱা দিক্‌-নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি, আপোনাৰ সন্ধানৰ ফলাফলত আপোনাৰ ওচৰৰ বস্তু অন্তৰ্ভুক্ত থকাটো নিশ্চিত কৰা, ৰেষ্টুৰেণ্ট এখন সাধাৰণতে ব্যস্ত থাকিলে আপোনাক দেখুওৱালৈকে, অৱস্থানৰ তথ্যই সমগ্ৰ Googleত আপোনাৰ অভিজ্ঞতাসমূহ অধিক প্ৰাসংগিক আৰু সহায়ক কৰিব পাৰে।

লগতে অৱস্থানৰ তথ্যই সঠিক ভাষাত ৱেবছাইট এটা প্ৰদান কৰা অথবা Googleৰ সেৱাসমূহ সুৰক্ষিত ৰখাত সহায় কৰাৰ দৰে কিছুমান মূল প্ৰ’ডাক্টৰ কাৰ্যক্ষমতাত সহায় কৰে।

Googleৰ গোপনীয়তাৰ নীতিয়ে আপুনি Googleৰ প্ৰ’ডাক্ট আৰু সেৱা ব্যৱহাৰ কৰিলে ই অৱস্থানৰ তথ্যকে ধৰি কিদৰে ডেটা ব্যৱহাৰ কৰে তাৰ বৰ্ণনা দিয়ে। এই পৃষ্ঠাখনে Googleএ ব্যৱহাৰ কৰা অৱস্থানৰ তথ্য আৰু এয়া ব্যৱহাৰ কৰা হ’ব পৰা ধৰণসমূহ আপুনি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়ে অতিৰিক্ত সবিশেষ প্ৰদান কৰে। ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে কিছুমান ডেটা পদ্ধতি ভিন্ন হ’ব পাৰে। Googleৰ শিশুৰ বাবে Family Linkৰ জৰিয়তে পৰিচালনা কৰা Google একাউণ্ট আৰু প্ৰ’ফাইলৰ বাবে থকা গোপনীয়তাৰ জাননী আৰু Googleৰ কিশোৰ-কিশোৰীৰ গোপনীয়তা সম্পৰ্কীয় নিৰ্দেশনাত অধিক জানক।

Googleএ অৱস্থান সম্পৰ্কীয় তথ্য কিদৰে ব্যৱহাৰ কৰে?

ব্যৱহাৰ কৰি থকা সেৱা অথবা সুবিধা আৰু মানুহৰ ডিভাইচ আৰু একাউণ্ট ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি Googleএ অৱস্থান সম্পৰ্কীয় তথ্য কিদৰে ব্যৱহাৰ কৰে। এয়া হৈছে Googleএ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰিব পৰা কিছুমান মুখ্য উপায়।

অভিজ্ঞতাবোৰ উপযোগী কৰিবলৈ

লোকসকলে Googleৰ প্ৰ’ডাক্টসমূহৰ সৈতে ভাব-বিনিময় কৰিলে তেওঁলোকক স্থানীয়ভাৱে প্ৰাসংগিক আৰু দ্ৰুত সন্ধানৰ ফলাফল প্ৰদান কৰা, লোকসকলৰ নিত্য-যাত্ৰাৰ বাবে ট্ৰেফিকৰ অনুমান আগবঢ়োৱা আৰু নিৰ্দিষ্ট লোকৰ ক্ষেত্ৰত খাপ খোৱা পৰামৰ্শ আগবঢ়োৱাৰ দৰে সহায়ক সেৱা প্ৰদান কৰিবলৈ Googleএ অৱস্থানৰ তথ্য ব্যৱহাৰ অথবা ছেভ কৰিব পাৰে। উদাহৰণস্বৰূপে, কোনো লোকে চলচ্চিত্ৰৰ সময়ৰ সন্ধান কৰিলে তেওঁ নিজৰ ওচৰ-পাজৰৰ চিনেমা হলত চলচ্চিত্ৰ চোৱাৰ সম্ভাৱনা আছে, অন্য চহৰত নহয়। Google Mapsত অৱস্থানৰ তথ্যই লোকসকলক মেপত তেওঁলোকৰ ঠাই বিচাৰি পোৱাত আৰু তেওঁলোক যাবলৈ বিচৰা ঠাইলৈ নেভিগে’ট কৰাত সহায় কৰে।

লোকসকলক তেওঁলোক যোৱা ঠাইসমূহ মনত ৰখাত সহায় কৰিবলৈ

টাইমলাইনৰ জৰিয়তে লোকসকলে এৰি অহা সময়লৈ ঘূৰি যাব পাৰে আৰু নিজৰ ছাইন ইন কৰি থোৱা ডিভাইচটো লৈ যোৱা ঠাইবোৰৰ কথা মনত পেলাব পাৰে। টাইমলাইন হৈছে Google একাউণ্টৰ এটা ছেটিং যিয়ে আপোনাৰ প্ৰতিটো ডিভাইচত আপুনি ভ্ৰমণ কৰা ঠাই আৰু যোৱা পথৰ এখন মেপ সৃষ্টি কৰে। আপুনি টাইমলাইন ব্যৱহাৰ কৰিব বিচাৰিলে আপোনাৰ ডিভাইচৰ সঠিক অৱস্থানসমূহ এখন ব্যক্তিগত মেপত নিয়মীয়াকৈ ছেভ হয়, আনকি আপোনাৰ Google এপ্‌সমূহ খোলা নথকা অৱস্থাতো। এই তথ্যখিনি টাইমলাইনত যিকোনো সময়তে চাব আৰু মচিব পাৰি।

লোকসকলক দ্ৰুতভাৱে বস্তু বিচাৰি পোৱাত আৰু অধিক সহায়ক ফলাফল পোৱাত সহায় কৰিবলৈ

উদাহৰণস্বৰূপে, Search সেৱাৰ ইতিহাস হৈছে এটা Google একাউণ্টৰ ছেটিং যিয়ে ছাইন ইন কৰি থোৱা ব্যৱহাৰকাৰীসকলক Search, Maps আৰু Shoppingৰ দৰে সেৱাসমূহৰ পৰা কাৰ্যকলাপ আৰু অৱস্থানৰ দৰে জড়িত হৈ থকা তথ্য ছেভ কৰিবলৈ দিয়ে। Search সেৱাত আপোনাৰ ব্যক্তিগতকৃত চুপাৰিছৰ ছেটিং অন কৰা থাকিলে, এই সেৱাসমূহে আপুনি পূৰ্বতে যি সাধাৰণ অঞ্চলৰ পৰা সন্ধান কৰিছিল সেই অঞ্চলটোৰ সৈতে প্ৰাসংগিক হোৱা ফলাফল, যুগুত কৰা ফীড আৰু AIৰ সঁহাৰি প্ৰদান কৰিব পাৰে।

অধিক প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ

আপোনাৰ অৱস্থানৰ তথ্যই Googleক আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰাত সহায় কৰিব পাৰে। যেতিয়া আপুনি “মোৰ ওচৰৰ জোতাৰ দোকান”ৰ দৰে কিবা সন্ধান কৰে, আপোনাৰ ওচৰৰ জোতা দোকানৰ বিজ্ঞাপন আপোনাক দেখুৱাবলৈ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিব পাৰি। অথবা ধৰি লওক যে আপুনি পোহনীয়া জন্তুৰ বীমাৰ সন্ধান কৰি আছে, বিজ্ঞাপনদাতাসকলে বিভিন্ন অঞ্চলত বিভিন্ন লাভালাভ দেখুৱাব পাৰে। বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ অৱস্থানৰ তথ্য কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে অধিক জানক

অভিজ্ঞতাসমূহ অধিক সুৰক্ষিত কৰিবলৈ

Googleএ আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখিবলৈ অস্বাভাৱিক কাৰ্যকলাপ ধৰা পেলোৱা বা নতুন চহৰৰ পৰা ছাইন-ইন কৰাটো চিনাক্ত কৰাৰ দৰে কিছুমান মৌলিক সেৱা প্ৰদান কৰিবলৈ আপোনাৰ অৱস্থানৰ বিষয়ে তথ্য ব্যৱহাৰ কৰে।

পৰিচয় অজ্ঞাত কৰি ৰখা সম্প্ৰদায়ৰ ট্ৰেণ্ড, অনুমান প্ৰদৰ্শন কৰিবলৈ আৰু গৱেষণাৰ বাবে

গৱেষণাৰ বাবে আৰু সম্প্ৰদায়ৰ ট্ৰেণ্ডসমূহ দেখুৱাবলৈ Googleএ একত্ৰিত বেনামী অৱস্থানৰ তথ্যও ব্যৱহাৰ কৰে।

অৱস্থানৰ তথ্য ব্যৱহাৰ কৰাৰ অধিক উপায় চাবলৈ, Googleৰ গোপনীয়তাৰ নীতিলৈ যাওক।

মোৰ Android ডিভাইচ আৰু এপ্‌সমূহত অৱস্থানে কেনেদৰে কাম কৰে?

আপুনি আপোনাৰ ডিভাইচৰ অৱস্থানৰ পৰা স্থানীয় সন্ধানৰ ফলাফল, নিত্য যাত্ৰাৰ পূৰ্বানুমান পাব পাৰে আৰু ওচৰৰ ৰেষ্টুৰেণ্ট বিচাৰিব পাৰে। আপোনাৰ ম’বাইল ফ’ন অথবা টেবলেটৰ বাবে Android ডিভাইচৰ ছেটিঙে আপোনাক আপোনাৰ ডিভাইচত অৱস্থান সেৱাসমূহে অৱস্থান অনুমান কৰে নে নাই আৰু লগতে আপোনাৰ ডিভাইচৰ নিৰ্দিষ্ট এপ্‌ আৰু সেৱাসমূহে সেই ডিভাইচৰ অৱস্থান ব্যৱহাৰ কৰিব পাৰে নে নাই নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়ে।

এপ্‌সমূহে কৰা ডিভাইচৰ অৱস্থানৰ তথ্যৰ ব্যৱহাৰ আপুনি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰে

আপুনি কোনবোৰ এপৰ আপোনাৰ Android ডিভাইচৰ ছেটিঙত ডিভাইচৰ অৱস্থান ব্যৱহাৰ কৰাৰ অনুমতি আছে সেয়া নিয়ন্ত্ৰণ কৰিব পাৰে। ছেটিঙত আপোনাৰ নিয়ন্ত্ৰণ আছে, যিয়ে আপোনাক এপ্‌টোৱে সঠিক অথবা আনুমানিক অৱস্থান এক্সেছ কৰিব পাৰে নে নাই বাছনি কৰিবলৈ দিয়ে। আমি নিয়ন্ত্ৰণ যোগ দিছোঁ, যিয়ে এপ্‌ এটাই যিকোনো সময়তে ডিভাইচৰ অৱস্থান এক্সেছ কৰিব পাৰে নে নাই সেই বিষয়ে সিদ্ধান্ত ল’বলৈ আপোনাক অনুমতি দিয়ে, কেৱল এপ্‌টো ব্যৱহাৰ হৈ থাকোঁতে, যদি এপ্‌টোৱে প্ৰতিবাৰ সুধিব লগা হয় অথবা কেতিয়াও নহয়। এই ছেটিং আৰু নিয়ন্ত্ৰণৰ উপলব্ধতা আপোনাৰ ডিভাইচটো কোনটো Androidৰ সংস্কৰণত চলি আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। অধিক জানক

ডিভাইচৰ অৱস্থানে কিদৰে কাম কৰে

আপোনাৰ ডিভাইচৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Android ডিভাইচবোৰে বিভিন্ন ইনপুট ব্যৱহাৰ কৰি অৱস্থান অনুমান কৰে, যাৰ ভিতৰত আছে GPS, ছেন্সৰ (যেনে - এক্সেলেৰ’মিটাৰ, জাইৰোস্ক’প, মেগনেট’মিটাৰ আৰু বেৰ’মিটাৰ), ম’বাইল নেটৱৰ্ক ছিগনেল আৰু ৱাই-ফাই ছিগনেল। এই ইনপুটবোৰ সম্ভৱ আটাইতকৈ সঠিক অৱস্থান অনুমান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, যিটো প্ৰয়োজনীয় অনুমতি থকা ডিভাইচৰ এপ্‌ আৰু সেৱাসমূহক প্ৰদান কৰা হয়। আপোনাৰ Android ডিভাইচৰ অৱস্থানৰ ছেটিঙৰ বিষয়ে অধিক জানক

ম’বাইল আৰু ৱাই-ফাই নেটৱৰ্ক ছিগনেলে Androidক ডিভাইচৰ অৱস্থান অনুমান কৰাত সহায় কৰিব পাৰে, বিশেষকৈ এনে পৰিৱেশত য’ত GPS ছিগনেল উপলব্ধ অথবা সঠিক নহয়, ঘন নগৰ অঞ্চলত অথবা ঘৰৰ ভিতৰত থাকিলে। Google অৱস্থানৰ সঠিকতা (GLA, যি Google অৱস্থান সেৱা বুলিও জনা যায়) হৈছে ডিভাইচৰ অৱস্থানৰ অনুমান উন্নত কৰিবলৈ এই ছিগনেলবোৰ ব্যৱহাৰ কৰা এটা Google সেৱা।

এই অধিক সঠিক অৱস্থান প্ৰদান কৰিবলৈ, অন কৰিলে, GLAয়ে সময়ে সময়ে আপোনাৰ Android ডিভাইচৰ পৰা অৱস্থানৰ তথ্য সংগ্ৰহ কৰে—যাৰ ভিতৰত আছে GPS আৰু ৱাই-ফাই এক্সেছ পইণ্ট, ম’বাইল নেটৱৰ্ক আৰু ডিভাইচৰ ছেন্সৰৰ বিষয়ে তথ্য—কোনো নিৰ্দিষ্ট ব্যক্তিৰ সৈতে জড়িত নথকা অস্থায়ী ঘূৰ্ণনশীল ডিভাইচ চিনাক্তকাৰী ব্যৱহাৰ কৰি। ৱাই-ফাই এক্সেছ পইণ্ট আৰু ম’বাইল নেটৱৰ্ক টাৱাৰৰ সমূহীয়া উৎসৰ পৰা মেপ নিৰ্মাণ কৰি, GLAয়ে অৱস্থানৰ সঠিকতা উন্নত কৰিবলৈ আৰু অৱস্থান-আধাৰিত সেৱা প্ৰদান কৰিবলৈ এই তথ্য ব্যৱহাৰ কৰে।

আপুনি আপোনাৰ Android ডিভাইচৰ অৱস্থানৰ ছেটিঙত যিকোনো সময়তে GLA অফ কৰিব পাৰে। GLA অফ থাকিলেও আপোনাৰ Android ডিভাইচৰ অৱস্থানে কাম কৰি থাকিব আৰু ডিভাইচৰ অৱস্থান অনুমান কৰিবলৈ ডিভাইচটোৱে কেৱল GPS আৰু ডিভাইচ ছেন্সৰৰ ওপৰত নিৰ্ভৰ কৰিব।

Googleএ মোৰ অৱস্থানৰ বিষয়ে কেনেকৈ জানে?

আপুনি ব্যৱহাৰ কৰি থকা প্ৰ’ডাক্ট আৰু আপুনি বাছনি কৰা ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Googleএ আপুনি ব্যৱহাৰ কৰা কিছুমান সেৱা আৰু প্ৰ’ডাক্ট অধিক সহায়ক কৰাত সহায় কৰিবলৈ বিভিন্ন ধৰণৰ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিব পাৰে।

এই অৱস্থানৰ তথ্য ৰিয়েল-টাইমৰ ছিগনেল, যেনে - আপোনাৰ IP ঠিকনা অথবা ডিভাইচৰ পৰা আৰু লগতে Googleৰ ছাইট আৰু সেৱাত আপোনাৰ ছেভ কৰা কাৰ্যকলাপৰ পৰা আহিব পাৰে। এয়া হৈছে Googleএ আপোনাৰ অৱস্থানৰ বিষয়ে তথ্য পোৱাৰ মুখ্য উপায়সমূহ।

আপোনাৰ IP ঠিকনাৰ পৰা

ইণ্টাৰনেট প্ৰট’কল ঠিকনা বুলিও কোৱা হোৱা, IP ঠিকনা হৈছে এটা নম্বৰ যিটো আপোনাৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে আপোনাৰ কম্পিউটাৰ অথবা ডিভাইচত আবণ্টন দিয়ে। আপোনাৰ ডিভাইচ আৰু আপুনি ব্যৱহাৰ কৰা ৱেবছাইট আৰু সেৱাৰ মাজত সংযোগ স্থাপন কৰিবলৈ IP ঠিকনা ব্যৱহাৰ কৰা হয়।

আন বহুতো ইণ্টাৰনেট সেৱাৰ দৰে, Googleএ কিছুমান মৌলিক সেৱা প্ৰদান কৰিবলৈ আপুনি থকা সাধাৰণ অঞ্চলৰ বিষয়ে তথ্য ব্যৱহাৰ কৰিব পাৰে—প্ৰাসংগিক ফলাফল, যেনে যেতিয়া কোনোবাই এতিয়া সময় কিমান বুলি সুধি সন্ধান কৰে অথবা নতুন চহৰ এখনৰ পৰা ছাইন-ইন কৰাৰ দৰে অস্বাভাৱিক কাৰ্যকলাপ চিনাক্ত কৰি আপোনাৰ একাউণ্ট সুৰক্ষিত কৰি ৰখা।

মনত ৰাখিব: ইণ্টাৰনেট ট্ৰেফিক প্ৰেৰণ কৰিবলৈ আৰু পাবলৈ ডিভাইচবোৰক এটা IP ঠিকনাৰ প্ৰয়োজন। IP ঠিকনা মোটামুটি ভূগোলৰ ওপৰত আধাৰিত। ইয়াৰ অৰ্থ হৈছে যে আপুনি ব্যৱহাৰ কৰা যিকোনো এপ্‌, সেৱা অথবা ৱেবছাইটে, যাৰ ভিতৰত google.com আছে, আপোনাৰ IP ঠিকনাৰ পৰা আপোনাৰ সাধাৰণ অঞ্চলৰ বিষয়ে কিছু তথ্য অনুমান আৰু ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব পাৰে।

আপোনাৰ ছেভ হৈ থকা কাৰ্যকলাপৰ পৰা

আপুনি যদি আপোনাৰ Google একাউণ্টত ছাইন ইন কৰি থয় আৰু Search সেৱাৰ ইতিহাস আৰু ৱেব আৰু এপৰ কাৰ্যকলাপৰ দৰে কিছুমান ইতিহাসৰ নিয়ন্ত্ৰণ অন কৰা থাকে, Googleৰ ছাইট, এপ্‌ আৰু সেৱাত থকা আপোনাৰ কাৰ্যকলাপৰ ডেটা আপোনাৰ Google একাউণ্টত ইতিহাস হিচাপে ছেভ কৰা হ’ব পাৰে। কিছুমান কাৰ্যকলাপত আপুনি Google সেৱাটো ব্যৱহাৰ কৰি থকা অৱস্থাত উপস্থিত থকা সাধাৰণ অঞ্চলটোৰ তথ্যও অন্তৰ্ভুক্ত হ’ব পাৰে। আপুনি কোনো সাধাৰণ অঞ্চল ব্যৱহাৰ কৰি কোনো বস্তুৰ সন্ধান কৰিলে আপোনাৰ সন্ধানটোৱে অতি কমেও ৩ বৰ্গ কি:মি: ঠাই ব্যৱহাৰ কৰিব বা অঞ্চলটোৱে অতি কমেও ১০০০ গৰাকী লোকৰ অৱস্থানক প্ৰতিনিধিত্ব নকৰালৈকে সেয়া বিস্তাৰ কৰিব। এইটোৱে আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰাত সহায় কৰে।

কিছু ক্ষেত্ৰত, আপোনাৰ সন্ধানৰ বাবে এক প্ৰাসংগিক অৱস্থানৰ অনুমান কৰিবলৈ আপুনি পূৰ্বতে যিখন ঠাইৰ পৰা সন্ধান কৰিছিল সেই ঠাইখন ব্যৱহাৰ কৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, আপুনি চেলছিত থকা সময়ত কফিৰ দোকানৰ সন্ধান কৰিলে, ভৱিষ্যতৰ সন্ধানসমূহত Googleএ চেলছিৰ বাবে ফলাফল দেখুৱাব পাৰে।

আপুনি মোৰ কাৰ্যকলাপত কাৰ্যকলাপৰ ডেটা কেনেকৈ আপোনাৰ Google একাউণ্টত ছেভ কৰা হয় সেয়া চাব আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।

যদি আপুনি আপোনাৰ Google একাউণ্টত ছাইন ইন কৰি থোৱা নাই, অধিক প্ৰাসংগিক ফলাফল আৰু চুপাৰিছ প্ৰদান কৰাত সহায় কৰিবলৈ আপুনি ব্যৱহাৰ কৰি থকা ডিভাইচৰ পৰা পূৰ্বৱৰ্তী সন্ধানবোৰৰ বাবে Googleএ কিছু অৱস্থানৰ তথ্য ষ্ট’ৰ কৰিব পাৰে। যদি আপুনি সন্ধান সুবিধাৰ কাষ্টমাইজেশ্বন অফ কৰে, Googleএ আপোনাৰ অৱস্থান অনুমান কৰিবলৈ পূৰ্বৱৰ্তী সন্ধান সম্পৰ্কীয় কাৰ্যকলাপ ব্যৱহাৰ নকৰিব। ব্যক্তিগতভাৱে কেনেদৰে সন্ধান আৰু ব্ৰাউজ কৰিব লাগে সেই বিষয়ে অধিক জানক।

আপুনি ছেভ কৰা ঘৰ অথবা কৰ্মস্থানৰ ঠিকনাৰ পৰা

আপুনি আপোনাৰ Google একাউণ্টত এনেকুৱা ঠাই ছেভ কৰিব বিচাৰিব পাৰে যিবোৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, যেনে- আপোনাৰ ঘৰ বা আপোনাৰ কৰ্মস্থান। আপুনি যদি আপোনাৰ ঘৰ বা কৰ্মস্থানৰ ঠিকনা ছেট কৰে, সেইসমূহ আপুনি অধিক সহজে কাম কৰাত, যেনে- আপোনাৰ ঘৰ বা কৰ্মস্থানলৈ যোৱাৰ দিক্-নিৰ্দেশনা লাভ কৰাত বা তাৰ ওচৰৰ ঠাইৰ ফলাফল লাভ কৰাত আপোনাক সহায় কৰিবলৈ আৰু বিজ্ঞাপনৰ উদ্দেশ্যত ব্যৱহাৰ কৰা হ’ব পাৰে।

আপুনি আপোনাৰ Google Accountৰ পৰা আপোনাৰ ঘৰ অথবা কৰ্মস্থানৰ ঠিকনা যিকোনো সময়তে সম্পাদনা অথবা মচিব পাৰে।

আপোনাৰ ডিভাইচৰ পৰা

Google এপ্‌সমূহে আপোনাৰ ডিভাইচৰ পৰা কিদৰে অৱস্থান ব্যৱহাৰ কৰে

ডিভাইচবোৰত ছেটিং অথবা অনুমতি আছে, যাক আপুনি Search আৰু Mapsৰ দৰে Google’ৰ এপ্‌সমূহকে ধৰি এপ্‌সমূহত আপোনাৰ সঠিক অৱস্থান উপলব্ধ নে নাই নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। দিক্-নিৰ্দেশনা দিবলৈ অথবা ওচৰৰ সন্ধানৰ ফলাফলবোৰ উপযোগী কৰাত আপোনাক সহায় কৰিবলৈ Google Mapsৰ দৰে এপ্‌সমূহত এই ধৰণৰ সঠিক অৱস্থান উপযোগী। উদাহৰণস্বৰূপে, সঠিক অৱস্থান ছেটিং অথবা অনুমতি অন থাকিলে আপুনি স্থানীয় স্থান আৰু বতৰৰ তথ্যৰ দৰে বস্তুৰ বাবে অধিক প্ৰাসংগিক সন্ধানৰ ফলাফল পাব।

iOS আৰু Android উভয়ৰে এপৰ অৱস্থান সম্পৰ্কীয় অনুমতিৰ এনেকুৱা ছেটিং আছে যিবোৰ আপুনি অন অথবা অফ কৰিব পাৰে। অৱস্থান-আধাৰিত সুবিধা আৰু সেৱা প্ৰদান কৰিবলৈ আপুনি এপ্‌সমূহক আপোনাৰ অৱস্থান ব্যৱহাৰ কৰিবলৈ দিব পাৰে। মনত ৰাখিব যে কেতিয়াবা এপ্‌সমূহে সাময়িকভাৱে আপোনাৰ সঠিক অৱস্থান ষ্ট’ৰ কৰাৰ দৰকাৰ হয়, যাতে সেইসমূহে আপোনাক দ্ৰুতভাৱে সহায়ক ফলাফল প্ৰদান কৰিব পাৰে অথবা অৱস্থান আপডে’ট কৰি থকাৰ আৱশ্যকতা এৰাই চলি বেটাৰী ৰাহি কৰিব পাৰে।

আপুনি Find My Deviceৰ দৰে কিছুমান এপ্‌ ব্যৱহাৰ কৰিলে আৰু অৱস্থান শ্বেয়াৰ কৰাৰ সুবিধাৰ দৰে নিৰ্দিষ্ট কিছুমান সুবিধা ব্যৱহাৰ কৰিবলৈ বিচাৰিলে সেইসমূহে নেপথ্যত আপোনাৰ ডিভাইচৰ অৱস্থান এক্সেছ কৰে।

আপোনাৰ Android ডিভাইচত অৱস্থানে কেনেদৰে কাম কৰে সেই বিষয়ে অধিক তথ্যৰ বাবে, ইয়াত চাওক।

মোৰ Google একাউণ্টত টাইমলাইন, Search সেৱাৰ ইতিহাস আৰু ৱেব আৰু এপৰ কাৰ্যকলাপ কেনেদৰে ছেভ কৰা হয়?

টাইমলাইন আৰু ৱেব আৰু এপৰ কাৰ্যকলাপ

টাইমলাইন, ৱেব আৰু এপৰ কাৰ্যকলাপ আৰু Search সেৱাৰ ইতিহাস হৈছে Google একাউণ্টৰ ছেটিং যিয়ে ব্যৱহাৰকাৰীসকলক কাৰ্যকলাপ আৰু অৱস্থানৰ দৰে সম্পৰ্কিত তথ্য ছেভ কৰিবলৈ দিয়ে। এয়া হৈছে প্ৰত্যেকটোৰ এক ৰূপৰেখা। মনত ৰাখিব যে অন্যান্য সুবিধা বা প্ৰ’ডাক্টসমূহেও অৱস্থান সম্পৰ্কীয় তথ্য সংগ্ৰহ বা ষ্ট'ৰ কৰিব পাৰে।

টাইমলাইন

আপুনি টাইমলাইন অন কৰিলে ই আপোনাৰ প্ৰতিটো ছাইন ইন কৰি থোৱা ডিভাইচত এখন ব্যক্তিগত মেপ সৃষ্টি কৰিব যিয়ে আপুনি ভ্ৰমণ কৰা ঠাই আৰু যোৱা পথ তথা আপুনি কৰা যাত্ৰাসমূহ মনত পেলোৱাত সহায় কৰে।

টাইমলাইন ডিফ’ল্ট হিচাপে অফ কৰা থাকে। আপুনি টাইমলাইন অন কৰিলে আপুনি ছাইন ইন কৰি থোৱা প্ৰতিটো যোগ্য ম’বাইল ডিভাইচত আপোনাৰ ডিভাইচৰ সঠিক অৱস্থান নিয়মীয়াকৈ ছেভ কৰা হয়। এই ডিভাইচৰ অৱস্থানবোৰ আপোনাৰ টাইমলাইন নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়, আনকি Google এপ্‌সমূহ ব্যৱহাৰ নকৰিলেও।

Googleৰ অভিজ্ঞতা সকলোৰে বাবে অধিক উপযোগী কৰি তুলিবলৈ টাইমলাইনৰ ডেটা এইবোৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি

  • একত্ৰিত কৰা অৱস্থানৰ ডেটাৰ আধাৰত সম্প্ৰদায়ৰ ট্ৰেণ্ড, যেনে- জনপ্ৰিয় সময় আৰু পৰিবহণৰ ভিৰ দেখুওৱা
  • প্ৰৱঞ্চনা আৰু অপব্যৱহাৰ চিনাক্ত আৰু প্ৰতিৰোধ কৰিবলৈ
  • বিজ্ঞাপনৰ প্ৰ’ডাক্টসমূহকে ধৰি Google সেৱাসমূহ উন্নত কৰা আৰু প্ৰদান কৰা

আপোনাৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, বিজ্ঞাপনৰ সৈতে কৰা ভাব-বিনিময়কে ধৰি আপুনি আপোনাৰ একাউণ্টত ইতিহাস হিচাপে ছেভ কৰা কাৰ্যকলাপ টাইমলাইনৰ ডেটাৰ সৈতেও সংযুক্ত কৰা হ’ব পাৰে যাতে লোকসকলে ষ্ট’ৰলৈ অহাৰ সম্ভাৱনা অনুমান কৰাত নিকটৱৰ্তী ব্যৱসায়সমূহৰ সহায় হয়। ব্যৱসায়ৰ সৈতে কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ কৰা নহয়।

আপোনাৰ টাইমলাইনে Google Mapsত আপোনাৰ নিত্য যাত্ৰাৰ বিষয়ে জাননী প্ৰেৰণ কৰাৰ দৰে আপোনাৰ Googleৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰাতো সহায় কৰিব পাৰে।

আপুনি যিকোনো সময়তে আপোনাৰ টাইমলাইনত ছেভ কৰা বস্তুবোৰ পৰ্যালোচনা কৰিব, সম্পাদনা কৰিব আৰু মচিব পাৰে। আপুনি টাইমলাইন অন কৰিছেনে নাই চাবলৈ আপোনাৰ মোৰ কাৰ্যকলাপলৈ যাওক। তাত, আপুনি আপোনাৰ টাইমলাইনৰ ছেটিংসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব।

টাইমলাইনৰ ছেটিঙৰ অংশ হিচাপে আপোনাৰ সঠিক অৱস্থান কিমান সঘনাই সংগ্ৰহ কৰা হয় সেই ক্ষেত্ৰত ভিন্নতা থাকে। উদাহৰণস্বৰূপে, যদি আপুনি Google Mapsত নেভিগেশ্বন ব্যৱহাৰ কৰি আছে, এয়া প্ৰতি মিনিটত একাধিকবাৰ সংগ্ৰহ কৰা হ’ব পাৰে। কিন্তু যদি আপুনি আপোনাৰ ফ’নটো সক্ৰিয়ভাৱে ব্যৱহাৰ কৰি থকা নাই, সেয়া প্ৰতি কেইঘণ্টামানত এবাৰ হ’ব পাৰে।

টাইমলাইনৰ ডেটা কিমান সময়লৈ ছেভ হৈ থাকে সেয়া নিৰ্ভৰ কৰে আপোনাৰ ছেটিঙৰ ওপৰত—আপুনি এই ডেটাখিনি ৩, ১৮ বা ৩৬ মাহ পুৰণি হ’লে সেইখিনি স্বয়ংক্ৰিয়ভাৱে মচা যোৱাৰ বা আপুনি নমচা পৰ্যন্ত সেয়া ৰাখি থোৱাৰ সিদ্ধান্ত ল’ব পাৰে। আপুনি ইয়াক মোৰ কাৰ্যকলাপত যিকোনো সময়তে সলনি কৰিব পাৰে।

মনত ৰাখিব

আপুনি যদি টাইমলাইন অফ কৰে

  • আপুনি ছেভ কৰা পূৰ্বৰ আটাইবোৰ টাইমলাইনৰ ডেটা আপুনি নমচা পৰ্যন্ত Googleএ ষ্ট’ৰ কৰি ৰাখিব বা আপোনাৰ স্বয়ংক্ৰিয়ভাৱে মচা যোৱাৰ ছেটিঙৰ অংশ হিচাপে আপুনি বাছনি কৰা এছোৱা সময়ৰ পাছত সেয়া মচা যাব।
  • টাইমলাইন অফ কৰিলে Search সেৱাৰ ইতিহাস আৰু ৱেব আৰু এপৰ কাৰ্যকলাপৰ দৰে অন্য কাৰ্যকলাপৰ নিয়ন্ত্ৰণ বা Googleৰ অন্য প্ৰ’ডাক্টে আপোনাৰ IP ঠিকনাৰ দৰে তথ্যৰ ওপৰত ভিত্তি কৰি কিদৰে অৱস্থান সম্পৰ্কীয় তথ্য ছেভ বা ব্যৱহাৰ কৰে তেনে ধৰণৰ কথাৰ ওপৰত প্ৰভাৱ নপৰে। আপোনাৰ তথাপি এনেকুৱা ছেটিং থাকিব পাৰে যিয়ে অৱস্থান সম্পৰ্কীয় তথ্য ছেভ কৰে।

আপুনি টাইমলাইন অন কৰিছেনে নাই চাবলৈ আপোনাৰ মোৰ কাৰ্যকলাপলৈ যাওক। অধিক জানক

Search সেৱাৰ ইতিহাস

আপুনি ছাইন ইন কৰি থ’লে, Search সেৱাৰ ইতিহাসে Search, Maps, Shopping, Hotels, Flights, Translate আৰু Newsৰ দৰে সেৱাসমূহত কৰা কাৰ্যকলাপ আপোনাৰ Google একাউণ্টত ছেভ কৰে। ইতিহাসত আপোনাৰ সন্ধান, আপুনি Google Mapsত চোৱা ঠাই, আপুনি Flights আৰু Hotelsৰ জৰিয়তে বুক কৰা ভ্ৰমণ, আপুনি সন্ধান কৰা বস্তু বা প্ৰ’ডাক্ট, আপুনি ক্লিক কৰা বিজ্ঞাপন আৰু আপুনি Search সেৱাৰ জৰিয়তে চোৱা ৱেবছাইটৰ তথ্যৰ দৰে বস্তু অন্তৰ্ভুক্ত। ইয়াত আপোনাৰ ভাব-বিনিময়ৰ পৰা পোৱা সম্পৰ্কিত মিডিয়াও (যেনে- প্ৰতিচ্ছবি, ফাইল আৰু অডিঅ’) অন্তৰ্ভুক্ত।

আপোনাৰ ইতিহাসত আপোনাৰ ডিভাইচৰ সাধাৰণ অঞ্চল আৰু IP ঠিকনাৰ পৰা পোৱা আপোনাৰ অৱস্থানৰ বিষয়ে তথ্যও অন্তৰ্ভুক্ত হ’ব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি বতৰৰ তথ্য সন্ধান কৰে আৰু আপোনাৰ ডিভাইচৰ পৰা প্ৰেৰণ কৰা এটা অৱস্থানৰ বাবে ফলাফল লাভ কৰে, আপুনি সন্ধান কৰাৰ সময়ত আপোনাৰ ডিভাইচটো থকা সাধাৰণ অঞ্চলকে ধৰি এই কাৰ্যকলাপটো আপোনাৰ Search সেৱাৰ ইতিহাসত ছেভ কৰা হয়। আপোনাৰ ডিভাইচে প্ৰেৰণ কৰা সঠিক অৱস্থানটো ষ্ট’ৰ কৰা নহয়, কেৱল অৱস্থানৰ সাধাৰণ অঞ্চলটোহে ষ্ট’ৰ কৰা হয়। ভৱিষ্যতৰ সন্ধানত Googleক অধিক প্ৰাসংগিক অৱস্থান নিৰ্ধাৰণ কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰিব পৰা, ছেভ কৰি থোৱা অৱস্থান IP ঠিকনা বা আপোনাৰ ডিভাইচৰ পৰা আহিব পাৰে। এই ছেভ কৰা অৱস্থানৰ মেটাডেটা ৩০ দিনৰ পাছত আপোনাৰ Search সেৱাৰ ইতিহাসৰ পৰা স্বয়ংক্ৰিয়ভাৱে মচা হয়।

Google সেৱাসমূহত আপোনাৰ অভিজ্ঞতা যুগুত কৰিবলৈ Search সেৱাৰ ইতিহাস ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, আপোনাৰ ইতিহাস ছেভ কৰাটোৱে আপোনাক পূৰ্বৰ সন্ধানসমূহ পুনৰ চাবলৈ, AI ম’ড বা Mapsক সোধকৰ সৈতে পূৰ্বৰ বাৰ্তালাপ পুনৰ আৰম্ভ কৰিবলৈ বা পূৰ্বৰ সন্ধানৰ ওপৰত ভিত্তি কৰি স্বয়ংক্ৰিয়ভাৱে পূৰ হোৱাৰ পৰামৰ্শ লাভ কৰাত সহায় কৰে। আপোনাৰ ব্যক্তিগতকৰণৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Search সেৱাসমূহত বা Googleৰ অন্য সেৱাসমূহত আপোনাক ব্যক্তিগতকৃত চুপাৰিছ আৰু অভিজ্ঞতা প্ৰদান কৰিবলৈ Search সেৱাৰ ইতিহাসৰ ডেটা ব্যৱহাৰ কৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি আপোনাৰ ব্যক্তিগতকৃত চুপাৰিছৰ ছেটিং অন থাকে, Search সেৱাসমূহে আপোনাৰ Search সেৱাৰ ইতিহাস আৰু অৱস্থানৰ দৰে জড়িত তথ্যকে ধৰি আপোনাৰ Google একাউণ্টত থকা তথ্যৰ ভিত্তিত আপোনাৰ বাবে ব্যক্তিগতকৃত ফলাফল, যুগুত কৰা ফীড আৰু AIৰ সঁহাৰি প্ৰদান কৰিব পাৰে। ইয়াৰ অৰ্থ হৈছে আপুনি পূৰ্বতে সন্ধান কৰা কোনো সাধাৰণ অৱস্থানৰ বাবে প্ৰাসংগিক ফলাফল দেখা পাব পাৰে। আপোনাৰ বিজ্ঞাপনৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈও Search সেৱাৰ ইতিহাস ব্যৱহাৰ কৰা হ’ব পাৰে। আপুনি আপোনাৰ একাউণ্টত ছাইন ইন কৰি থ’লে Search সেৱাৰ ইতিহাসে আপোনাৰ সমগ্ৰ ডিভাইচত কাম কৰিব।

আপুনি মোৰ কাৰ্যকলাপলৈ গৈ আপোনাৰ Search সেৱাৰ ইতিহাসৰ সৈতে ছেভ হৈ থকা অৱস্থান আৰু অন্যান্য তথ্য পৰ্যালোচনা কৰিব আৰু মচিব পাৰে বা সেয়া অফ কৰিব পাৰে। এই ছেটিংটো অফ কৰা থাকিলে, Search সেৱাৰ পৰা নতুন কাৰ্যকলাপ আপোনাৰ Google একাউণ্টত থকা Search সেৱাৰ ইতিহাসত ছেভ কৰা নহ’ব।

মনত ৰাখিব

আপুনি Search সেৱাৰ ইতিহাস অফ কৰিলে

  • আপোনাৰ তথাপি ছেভ হৈ থকা কাৰ্যকলাপ থাকিব পাৰে যিবোৰ আপুনি নমচা পৰ্যন্ত ব্যৱহাৰ কৰা হ’ব পাৰে। এয়া আপুনি যিকোনো সময়তে মচিব পাৰে। আপোনাৰ ছেভ হৈ থকা অৱস্থানৰ তথ্য তথাপি ৩০ দিনৰ পাছত স্বয়ংক্ৰিয়ভাৱে মচা যায়।
  • Search সেৱাৰ ইতিহাস অফ কৰিলে টাইমলাইনৰ দৰে অন্য ছেটিঙে কিদৰে অৱস্থান সম্পৰ্কীয় তথ্য ছেভ বা ব্যৱহাৰ কৰে তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। অন্য ছেটিঙৰ অংশ হিচাপে আপোনাৰ তথাপি IP ঠিকনাকে ধৰি অন্য ধৰণৰ অৱস্থান সম্পৰ্কীয় তথ্য ছেভ কৰা থাকিব পাৰে।

আপোনাৰ Search সেৱাৰ ইতিহাস অন কৰা আছে নে নাই চাবলৈ, মোৰ কাৰ্যকলাপলৈ যাওক।

ৱেব আৰু এপৰ কাৰ্যকলাপ

Google Assistant, Google Store আৰু Google TVৰ দৰে Googleৰ কিছুমান সেৱাত আপোনাৰ অভিজ্ঞতা অধিক ব্যক্তিগতকৃত কৰিবলৈ ৱেব আৰু এপৰ কাৰ্যকলাপৰ ডেটা ব্যৱহাৰ কৰা হয়। আপোনাৰ বিজ্ঞাপনৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈও এয়া ব্যৱহাৰ কৰা হ’ব পাৰে। আপুনি আপোনাৰ একাউণ্টত ছাইন ইন কৰি থ’লে ৱেব আৰু এপৰ কাৰ্যকলাপে আপোনাৰ সমগ্ৰ ডিভাইচত কাম কৰিব।

ৱেব আৰু এপৰ কাৰ্যকলাপ অন কৰা থাকিলে, Googleএ আপোনাৰ একাউণ্টৰ ৱেব আৰু এপৰ কাৰ্যকলাপত আপুনি সমগ্ৰ Google সেৱাত কৰা কাৰ্যকলাপ সম্পৰ্কীয় ডেটা ছেভ কৰিব। এইটোত জড়িত তথ্যও অন্তৰ্ভুক্ত, যেনে- আপুনি Googleৰ কোনো সেৱা ব্যৱহাৰ কৰা সাধাৰণ অঞ্চল।

উদাহৰণস্বৰূপে, যদি আপুনি Google Assistantৰ পৰা বতৰৰ তথ্য বিচাৰে আৰু আপোনাৰ ডিভাইচৰ পৰা প্ৰেৰণ কৰা অৱস্থানৰ ফলাফল লাভ কৰে, তেন্তে আপুনি তথ্য বিচাৰোঁতে আপোনাৰ ডিভাইচটো থকা সাধাৰণ অঞ্চলকে ধৰি এই কাৰ্যকলাপটো আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপত ছেভ কৰা হয়। আপোনাৰ ডিভাইচে প্ৰেৰণ কৰা সঠিক অৱস্থানটো ষ্ট’ৰ কৰা নহয়, কেৱল অৱস্থানৰ সাধাৰণ অঞ্চলটোহে ষ্ট’ৰ কৰা হয়। ভৱিষ্যতৰ ভাব-বিনিময়ত Googleক অধিক প্ৰাসংগিক অৱস্থান নিৰ্ধাৰণ কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰিব পৰা, ছেভ কৰি থোৱা অৱস্থান IP ঠিকনা বা আপোনাৰ ডিভাইচৰ পৰা আহিব পাৰে। এই ছেভ কৰা অৱস্থানটো ৩০ দিনৰ পাছত আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপৰ পৰা স্বয়ংক্ৰিয়ভাৱে মচা হয়।

ৱেব আৰু এপৰ কাৰ্যকলাপৰ ডেটাই Googleক আপোনাৰ বাবে প্ৰাসংগিক সাধাৰণ অঞ্চলৰ বিষয়ে বুজি পোৱাত সহায় কৰে আৰু আপুনি Google Assistantৰ সৈতে ভাব-বিনিময় কৰাৰ দৰে কোনো কাৰ্য কৰিলে তাত সেই অঞ্চলসমূহৰ ফলাফল অন্তৰ্ভুক্ত হয়।

আপুনি আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপৰ সৈতে ছেভ কৰা অৱস্থান আৰু অন্যান্য তথ্য পৰ্যালোচনা কৰিব আৰু মচিব পাৰে বা মোৰ কাৰ্যকলাপলৈ গৈ ইয়াক অফ কৰিব পাৰে। এই ছেটিংটো অফ থাকিলে, নতুন কাৰ্যকলাপ আপোনাৰ Google একাউণ্টত থকা আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপত ছেভ কৰা নহ’ব।

মনত ৰাখিব

আপুনি ৱেব আৰু এপৰ কাৰ্যকলাপ অফ কৰিলে

  • আপোনাৰ তথাপি ছেভ হৈ থকা কাৰ্যকলাপ থাকিব পাৰে যিবোৰ আপুনি নমচা পৰ্যন্ত ব্যৱহাৰ কৰা হ’ব পাৰে। এয়া আপুনি যিকোনো সময়তে মচিব পাৰে। আপোনাৰ ছেভ হৈ থকা অৱস্থানৰ তথ্য তথাপি ৩০ দিনৰ পাছত স্বয়ংক্ৰিয়ভাৱে মচা যায়।
  • ৱেব আৰু এপৰ কাৰ্যকলাপ অফ কৰিলে টাইমলাইনৰ দৰে অন্য ছেটিঙে কিদৰে অৱস্থানৰ তথ্য ছেভ বা ব্যৱহাৰ কৰে তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে। অন্য ছেটিঙৰ অংশ হিচাপে আপোনাৰ IP ঠিকনাকে ধৰি অন্য ধৰণৰ অৱস্থানৰ তথ্য তথাপি ছেভ কৰা থাকিব পাৰে।

আপোনাৰ ৱেব আৰু এপৰ কাৰ্যকলাপ অন কৰা আছে নে নাই সেয়া চাবলৈ, মোৰ কাৰ্যকলাপলৈ যাওক।

Googleএ ছদ্মনামযুক্ত অথবা পৰিচয় অজ্ঞাত কৰি ৰখা অৱস্থানৰ তথ্য কেনেদৰে ব্যৱহাৰ কৰে?

Googleএ মানুহৰ গোপনীয়তা বৃদ্ধিত সহায় কৰিবলৈ পৰিচয় অজ্ঞাত কৰি ৰখা আৰু ছদ্মনামযুক্ত অৱস্থানৰ তথ্য ব্যৱহাৰ কৰে। পৰিচয় অজ্ঞাত কৰি ৰখা তথ্য সাধাৰণতে কোনো ব্যক্তিৰ সৈতে সম্পৰ্কিত কৰিব নোৱাৰি। ছদ্মনামযুক্ত তথ্য নম্বৰৰ এটা ষ্ট্ৰিঙৰ দৰে এক অদ্বিতীয় চিনাক্তকাৰীৰ সৈতে বান্ধি ৰখা হ’ব পাৰে, ব্যক্তি এজনৰ একাউণ্ট, নাম অথবা ইমেইল ঠিকনাৰ দৰে অধিক ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্যৰ সলনি। Googleএ পৰিচয় অজ্ঞাত কৰি ৰখা আৰু ছদ্মনামযুক্ত অৱস্থানৰ তথ্য ইয়াৰ প্র’ডাক্ট আৰু সেৱা বিজ্ঞাপন অথবা ট্ৰেণ্ডৰ দৰে উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

ব্যৱহাৰকাৰীসকলে অৱস্থানৰ তথ্যৰ সৈতে লিংক হৈ থকা নিৰ্দিষ্ট কিছুমান ছদ্মনামী চিনাক্তকাৰী ৰিছেট কৰিব পাৰে। উদাহৰণস্বৰূপে, লোকসকলে তেওঁলোকৰ Android ডিভাইচত বিজ্ঞাপন ID ৰিছেট কৰি নিৰ্দিষ্ট কিছুমান ছদ্মনামী চিনাক্তকাৰী ৰিছেট কৰিব পাৰে। তদুপৰি, ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ডিভাইচত অৱস্থান আধাৰিত সেৱা আৰু সঠিকতা উন্নত কৰিবলৈ ব্যৱহাৰ কৰা ডিভাইচৰ ছেটিং, জিএলএকে ধৰি ব্যৱহাৰকাৰীৰ গোপনীয়তা উন্নত কৰিবলৈ Googleএ স্বয়ংক্ৰিয়ভাৱে নিৰ্দিষ্ট কিছুমান ছদ্মনামী চিনাক্তকাৰী ৰিছেট কৰে।

পৃথকে, Googleএ পৰিচয় অজ্ঞাত কৰি ৰখা অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, মানুহে ৰেষ্টুৰেণ্ট অথবা পাৰ্কৰ দৰে Google Mapsৰ স্থানত টিপিব পাৰে আৰু এটা এলেকাৰ সেই স্থানবোৰৰ ট্ৰেণ্ড চাব পাৰে। ট্ৰেণ্ড বনাবলৈ ব্যৱহাৰ কৰা অৱস্থানৰ তথ্য, যেনে জনপ্ৰিয় সময়, এজন ব্যক্তি চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। যদি Googleৰ ওচৰত সঠিক আৰু পৰিচয় অজ্ঞাত কৰি ৰখা ব্যস্ততাৰ তথ্য প্ৰদান কৰিবলৈ পৰ্যাপ্ত তথ্য নাই, এয়া Googleত প্ৰদৰ্শিত নহয়।

Googleএ ছাইন আউট হৈ যোৱা লোকসকলক তেওঁলোকৰ ব্ৰাউজাৰ অথবা ডিভাইচৰ সৈতে জড়িত তথ্য পৰিচালনা কৰাৰ অন্য পদ্ধতিও প্ৰদান কৰে, য’ত Search কাষ্টমাইজ কৰাৰ ছেটিং, YouTubeৰ ছেটিং আৰু বিজ্ঞাপনৰ ছেটিং অন্তৰ্ভুক্ত। অধিক জানক

Googleৰ গোপনীয়তাৰ নীতিত Googleএ কৰা অৱস্থানৰ তথ্যৰ ব্যৱহাৰৰ বিষয়ে অধিক জানক। Googleএ সংগ্ৰহ কৰা ডেটা কিদৰে ৰাখি থয় আৰু Googleএ কিদৰে ডেটা বেনামী কৰে সেই বিষয়ে অধিক জানক।

Googleএ অৱস্থান তথ্য কিমান সময়ৰ বাবে ৰাখে?

Googleৰ গোপনীয়তাৰ নীতিয়ে ব্যৱহাৰকাৰীৰ ডেটা আমি কিদৰে ৰাখি থওঁ সেই সম্পৰ্কে বৰ্ণনা কৰে, য’ত Googleএ সংগ্ৰহ কৰা অৱস্থানৰ তথ্যও অন্তৰ্ভুক্ত। অৱস্থানৰ তথ্য কি, সেয়া কিদৰে ব্যৱহাৰ কৰা হয় আৰু লোকসকলে নিজৰ ছেটিং কিদৰে কনফিগাৰ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি অৱস্থানৰ তথ্য ভিন্ন সময়ত সংগ্ৰহ কৰা হ’ব পাৰে।

আপুনি কিছুমান অৱস্থানৰ তথ্য নমচালৈকে এয়া আপোনাৰ Google একাউণ্টৰ সৈতে ছেভ কৰা হয়

  • ডেটা ধৰি ৰখা আৰু মচি পেলোৱাটো নিয়ন্ত্ৰণ কৰা: Search সেৱাৰ ইতিহাস, টাইমলাইন আৰু ৱেব আৰু এপৰ কাৰ্যকলাপকে ধৰি Googleৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণত স্বয়ংক্ৰিয়ভাৱে মচাৰ বিকল্প আছে, যিয়ে আপোনাক এক নিৰ্দিষ্ট সময়ৰ পাছত, যেনে- ৩, ১৮ বা ৩৬ মাহৰ পাছত স্বয়ংক্ৰিয়ভাৱে ডেটা মচিবলৈ দিয়ে। আপুনি মোৰ কাৰ্যকলাপলৈ গৈয়ো এই ডেটাখিনি চাব পাৰে আৰু আপোনাৰ অগ্ৰাধিকাৰ অনুসৰি নিৰ্দিষ্ট কিছুমান কাৰ্যকলাপ বা ডেটাৰ সমষ্টি মচিব পাৰে। আপুনি যিকোনো সময়তে এই ছেটিংসমূহ সংশোধন কৰিব বা আপোনাৰ স্বয়ংক্ৰিয়ভাৱে মচাৰ বিকল্প সলনি কৰিব পাৰে।
  • অৱস্থানৰ তথ্য ছেভ কৰা: Google প্ৰ’ডাক্ট অথবা সেৱাৰ ওপৰত নিৰ্ভৰ কৰি, অৱস্থানৰ তথ্য আপোনাৰ Google একাউণ্টত ছেভ কৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, আপুনি Photosত অৱস্থান টেগ কৰিব পাৰে অথবা Mapsত এটা ঘৰ অথবা কৰ্মস্থানৰ ঠিকনা যোগ দিব পাৰে। আপুনি এই অৱস্থানৰ তথ্য মচিব পাৰে।

আপুনি ডেটা মচিলে Googleএ আপোনাৰ একাউণ্টৰ পৰা সেয়া সুৰক্ষিতভাৱে আৰু সম্পূৰ্ণৰূপে মচি পেলাবলৈ এটা নীতি অনুসৰণ কৰে যাতে সেই ডেটাখিনি পুনৰুদ্ধাৰ কৰা আৰু সম্ভৱ নহয়। প্ৰথমে, আপুনি মচি পেলোৱা কাৰ্যকলাপটো ভিউৰ পৰা আঁতৰোৱা হয় আৰু আপোনাৰ Googleৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ সেয়া আৰু ব্যৱহাৰ কৰা নহয়। তাৰ পাছত, Googleএ Googleৰ ষ্ট’ৰেজ ছিষ্টেমৰ পৰা ডেটা সুৰক্ষিতভাৱে আৰু সম্পূৰ্ণৰূপে মচাৰ বাবে প্ৰস্তুত কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰে। Googleএ সংগ্ৰহ কৰে ডেটা কিদৰে ধৰি ৰাখে সেই বিষয়ে অধিক জানক।

নিৰ্দিষ্ট এক সময়ৰ পাছত ম্যাদ উকলি যোৱা তথ্য

অন্যান্য অৱস্থানৰ তথ্যৰ বাবে Googleএ কেনেদৰে ডেটা ৰাখেত বৰ্ণনা কৰা অনুসৰি, কেতিয়াবা এনে সময় থাকে যেতিয়া—মেনুৱেলী মচাৰ পৰিৱৰ্তে—Googleএ ডেটা মচাৰ আগতে এটা নিৰ্দিষ্ট সময়ৰ বাবে ষ্ট’ৰ কৰে। ডেটা সুৰক্ষিতভাৱে আৰু সম্পূৰ্ণৰূপে মচিবলৈ লগা সময়ৰ পৰিমাণ ডেটাৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে, উদাহৰণস্বৰূপে:

  • Googleএ ৯ মাহৰ পাছত IP ঠিকনাটোৰ অংশ আৰু ১৮ মাহৰ পাছত কুকিৰ তথ্য আঁতৰাই ছাৰ্ভাৰ লগত বিজ্ঞাপনৰ ডেটাৰ পৰিচয় অজ্ঞাত ৰাখে।
  • Google deletes IP-based location and device location from your Search Services History and Web & App Activity after 30 days.

সীমিত উদ্দেশ্যৰ বাবে বৰ্ধিত সময়ৰ কাৰণে ৰখা তথ্য

Googleৰ গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা অনুসৰি, "বৈধ ব্যৱসায় অথবা সুৰক্ষা, প্ৰৱঞ্চনা আৰু অপব্যৱহাৰ প্ৰতিৰোধ অথবা বিত্তীয় ৰেকৰ্ড ৰখাৰ দৰে আইনী উদ্দেশ্যৰ বাবে প্ৰয়োজন হ’লে আমি দীঘলীয়া সময়ৰ বাবে কিছুমান ডেটা ৰাখিম।" আমাৰ ডেটা সংৰক্ষণৰ পদ্ধতিৰ বিষয়ে অধিক জানক

বিজ্ঞাপনৰ বাবে অৱস্থানৰ তথ্য কেনেদৰে ব্যৱহাৰ কৰা হয়?

আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰাত সহায় কৰিবলৈ

আপুনি দেখা বিজ্ঞাপনবোৰ আপোনাৰ অৱস্থানৰ তথ্যৰ ওপৰত আধাৰিত হ’ব পাৰে। সাধাৰণতে, Googleত বিজ্ঞাপনবোৰে সেইবোৰ প্ৰদৰ্শিত হোৱা প্ৰ’ডাক্টৰ দৰে একে প্ৰকাৰৰ অৱস্থানৰ তথ্য ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, আপোনাৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি, Searchৰ বিজ্ঞাপন আৰু Googleৰ অন্য পৃষ্ঠসমূহ আপোনাৰ ডিভাইচৰ অৱস্থান, আপোনাৰ IP ঠিকনা, পূৰ্বৱৰ্তী কাৰ্যকলাপ অথবা আপোনাৰ Google একাউণ্টৰ পৰা পোৱা আপোনাৰ ঘৰ আৰু কৰ্মস্থানৰ ঠিকনাৰ ওপৰত আধাৰিত হ’ব পাৰে। তদুপৰি, আপোনাৰ দেশ অথবা আপুনি আগ্ৰহ প্ৰকাশ কৰা কোনো সাধাৰণ অঞ্চলৰ অনুমান কৰিবলৈ মেটাডেটা (যেনে - ব্ৰাউজাৰৰ সময় মণ্ডল, ড’মেইন, পৃষ্ঠাৰ সমল, ব্ৰাউজাৰৰ ধৰণ, পৃষ্ঠাৰ ভাষা) ব্যৱহাৰ কৰা হ’ব পাৰে। আপোনাৰ IP ঠিকনা, ভিপিএন, প্ৰ’ক্সি সেৱা অথবা নেটৱৰ্কৰ অন্য তথ্যৰ পৰা আমি লাভ কৰা অৱস্থানৰ ছিগনেলৰ উপৰিও আমি এই মেটাডেটাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ।

অৱস্থানৰ তথ্য ব্যৱহাৰ কৰিলে আপুনি দেখা পোৱা বিজ্ঞাপনসমূহ আপুনি থকা অঞ্চলটোৰ বাবে অথবা আপোনাৰ কাৰণে প্ৰাসংগিক অঞ্চলসমূহৰ বাবে অধিক প্ৰাসংগিক কৰি তোলাত সহায় হয়। উদাহৰণস্বৰূপে, যদি আপোনাৰ ডিভাইচৰ অৱস্থান সম্পৰ্কীয় ছেটিং অন কৰা হয় আৰু আপুনি Googleত আপোনাৰ ওচৰ-পাজৰৰ ৰেষ্টুৰেণ্টৰ সন্ধান কৰে, তেন্তে আপোনাক আপোনাৰ ওচৰ-পাজৰে থকা ৰেষ্টুৰেণ্টৰ বিজ্ঞাপন দেখুৱাবলৈ আপোনাৰ বৰ্তমানৰ ডিভাইচৰ অৱস্থান ব্যৱহাৰ কৰা হ’ব পাৰে। Googleত দেখুওৱা বিজ্ঞাপনৰ অংশ হিচাপে, ওচৰ-পাজৰৰ ব্যৱসায়ৰ দূৰত্ব দেখুৱাবলৈও আপোনাৰ অৱস্থান ব্যৱহাৰ কৰা হ’ব পাৰে।

Googleএ আপোনাক অধিক উপযোগী বিজ্ঞাপন দেখুৱাবলৈ আপোনাৰ আগৰ ব্ৰাউজিং বা এপৰ কাৰ্যকলাপ (যেনে- আপোনাৰ সন্ধান, ৱেবছাইটলৈ যোৱা বা আপুনি YouTubeত চোৱা ভিডিঅ’সমূহ) আৰু Search সেৱাৰ ইতিহাস আৰু ৱেব আৰু এপৰ কাৰ্যকলাপৰ দৰে কিছুমান কাৰ্যকলাপৰ ছেটিঙত আপোনাৰ ইতিহাসৰ অংশ হিচাপে ছেভ কৰা সাধাৰণ অঞ্চলো ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি Googleত ওচৰতে গাখীৰ ক’ত কিনিবলৈ পোৱা যায় বুলি সন্ধান কৰে, আপুনি আপোনাৰ বাছ বা ৰে’লৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত সঘনাই Google Search ব্ৰাউজ কৰা সাধাৰণ অঞ্চলত গেলামালৰ দোকানৰ বিজ্ঞাপন দেখিব পাৰে।

বিজ্ঞাপনদাতাসকলে কেৱল সাধাৰণ অঞ্চলৰ, যেনে- সেইসমূহৰ ব্যৱসায়ৰ ওচৰ-পাজৰৰ দেশ, চহৰ অথবা অঞ্চলৰ বিজ্ঞাপনকহে উদ্দেশ্য কৰি ল’ব পাৰে।

আমাৰ Display Networkৰ অতিৰিক্ত তথ্যৰ বাবে সহায় কেন্দ্ৰলৈ যাওক।

বিজ্ঞাপনদাতাসকলক কাৰ্যদক্ষতা জোখাত সহায় কৰিবলৈ

Google সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰা হয় সেয়া বুজিবলৈ বিশ্লেষণাত্মক পৰিসংখ্যা আৰু জোখ-মাখ লাভ কৰাৰ বাবেও Googleএ অৱস্থান সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰিব পাৰে। ​উদাহৰণস্বৰূপে: আপোনাৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি Googleএ বিজ্ঞাপনৰ ফলত বিজ্ঞাপনদাতাসমূহৰ ষ্ট’ৰলৈ কিমান লোক আহে তাৰ বিষয়ে বিজ্ঞাপনদাতাসকলক এটা মোটামুটি ধাৰণা কৰাত সহায় কৰিবলৈ টাইমলাইনৰ পৰা অৱস্থানৰ ডেটা ব্যৱহাৰ কৰিব পাৰে। এয়া কৰিবলৈ, Googleএ আপুনি আপোনাৰ একাউণ্টত ইতিহাস হিচাপে ছেভ কৰা কাৰ্যকলাপ, যেনে- বিজ্ঞাপনৰ সৈতে কৰা ভাব-বিনিময়ক বিজ্ঞাপনদাতাৰ ষ্ট’ৰৰ সৈতে সম্পৰ্কিত টাইমলাইনৰ ডেটাৰ সৈতে সংযুক্ত কৰে। বিজ্ঞাপনদাতাৰ সৈতে কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ কৰা নহয়।

Googleৰ প্ৰ’ডাক্ট আৰু সেৱা উন্নত কৰিবলৈ

Googleএ নিজৰ বিজ্ঞাপন দেখুওৱা প্ৰ’ডাক্ট উন্নত কৰিবলৈও অৱস্থানৰ তথ্য ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, আপোনাৰ একাউণ্টত ছেভ হৈ থকা প্ৰাসংগিক কাৰ্যকলাপৰ বাবে থকা সাধাৰণ অঞ্চলকে ধৰি আপুনি ভাব-বিনিময় কৰা বিজ্ঞাপন সম্পৰ্কীয় ডেটা স্মাৰ্ট বিডিঙৰ সঁজুলিসমূহ উন্নত কৰা মেচিন শিক্ষণৰ মডেলসমূহ একত্ৰিত আৰু ব্যৱহাৰ কৰা হ’ব পাৰে। আপোনাৰ একাউণ্টৰ ডেটা বিজ্ঞাপনদাতাৰ সৈতে শ্বেয়াৰ কৰা নহয়।

বিজ্ঞাপন দেখুৱাবলৈ মোৰ অৱস্থানৰ তথ্য কেনেদৰে ব্যৱহাৰ কৰা হয় সেয়া মই কেনেদৰে নিয়ন্ত্ৰণ কৰিম?

মোৰ বিজ্ঞাপনৰ কেন্দ্ৰত থকা আপুনি Google এপ্‌ ব্যৱহাৰ কৰা অঞ্চল শীৰ্ষক নিয়ন্ত্ৰণটো এক্সেছ কৰি আপুনি কোনবোৰ বিজ্ঞাপন দেখা পায় সেয়া প্ৰভাৱিত কৰিবলৈ আপুনি পূৰ্বতে Google ছাইট আৰু এপ্‌ ব্যৱহাৰ কৰা আপোনাৰ সাধাৰণ অঞ্চলসমূহ কিদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া নিয়ন্ত্ৰণ কৰিব পাৰে।

যেতিয়া আপুনি Google ব্যৱহাৰ কৰা অঞ্চলবোৰ অন থাকে

বিজ্ঞাপনৰ ব্যক্তিগতকৰণ আৰু আপুনি Google ব্যৱহাৰ কৰা অঞ্চলসমূহ অন কৰা থাকিলে, Googleএ Search সেৱাৰ ইতিহাস আৰু ৱেব আৰু এপৰ কাৰ্যকলাপৰ দৰে কাৰ্যকলাপৰ ছেটিঙত আপোনাৰ ইতিহাসৰ সৈতে ছেভ হৈ থকা Google ছাইট আৰু এপ্‌ ব্যৱহাৰ কৰা আপোনাৰ সাধাৰণ অঞ্চলসমূহৰ সৈতে সম্পৰ্কিত ডেটা ব্যৱহাৰ কৰি আপোনাৰ বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিব।

যেতিয়া আপুনি Google ব্যৱহাৰ কৰা অঞ্চলবোৰ অফ থাকে

When Ads Personalization or Areas where you’ve used Google are turned off, Google doesn’t personalize your ads based on the data related to the general areas where you’ve used Google sites and apps that is saved with your history in activity settings, like Search Services History and Web & App Activity. Even when Areas where you’ve used Google is turned off, you may still see ads based on your current location and places you’ve set as your home and work in your Google Account.

ইয়াৰ উপৰিও, আপুনি ছাইন আউট কৰিলে, Googleএ তেতিয়াও আপোনাৰ ডিভাইচ আৰু এপৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ আপোনাৰ IP ঠিকনাৰ পৰা অথবা আপোনাৰ ডিভাইচৰ পৰা আপোনাৰ বৰ্তমানৰ অৱস্থান ব্যৱহাৰ কৰিব পাৰে।

আপুনি ছাইন আউট কৰাৰ সময়ত ব্যক্তিগতকৃত বিজ্ঞাপন কেনেদৰে অন আৰু অফ কৰিব লাগে সেই বিষয়ে অতিৰিক্ত তথ্যৰ বাবে, ইয়াত চাওক।

এটা নতুন টেবত খোলে(ফুটন’ট খোলে)
  • Afrikaans
  • Bahasa Indonesia
  • Bahasa Melayu
  • Català
  • Čeština
  • Dansk
  • Deutsch
  • Eesti
  • English
  • English (India)
  • English (United Kingdom)
  • Español
  • Español (Latinoamérica)
  • Euskara
  • Filipino
  • Français
  • Français (Canada)
  • Gaeilge
  • Galego
  • Hrvatski
  • Isizulu
  • Íslenska
  • Italiano
  • Kiswahili
  • Latviešu
  • Lietuvių
  • Magyar
  • Malti
  • Nederlands
  • Norsk
  • Polski
  • Português (Brasil)
  • Português (Portugal)
  • Română
  • Slovenčina
  • Slovenščina
  • Srpski
  • Suomi
  • Svenska
  • Tiếng Việt
  • Türkçe
  • অসমীয়া
  • Ελληνικά
  • Български
  • ଓଡିଆ
  • Русский
  • Српски
  • Українська
  • ‫עברית‬
  • ‫اردو‬
  • ‫العربية‬
  • ‫فارسی‬
  • አማርኛ
  • मराठी
  • हिन्दी
  • বাংলা
  • ગુજરાતી
  • தமிழ்
  • తెలుగు
  • ಕನ್ನಡ
  • മലയാളം
  • ไทย
  • 한국어
  • 中文 (香港)
  • 中文(简体中文)
  • 中文(繁體中文)
  • 日本語
Google apps
Main menu