কিশোৰ-কিশোৰীৰ গোপনীয়তা সম্পৰ্কীয় নিৰ্দেশনা
Googleত আপোনাৰ গোপনীয়তা
ইয়াত আপুনি গোপনীয়তাৰ বিষয়ে আমাক প্ৰায়েই সোধা হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ পাব পাৰে, যেনে- ডেটা কি? লগতে, যদি আপুনি অধিক জানিব বিচাৰে, গোপনীয়তাৰ নীতি চাওক।
আপোনাৰ অৱস্থান
Googleএ মোৰ অৱস্থান জানে নেকি?
আপুনি যেতিয়াই ইণ্টাৰনেট ব্যৱহাৰ কৰে তেতিয়াই এপ্ আৰু ছাইটসমূহে আপুনি ক’ত আছে তাৰ এটা মোটামুটি ধাৰণা কৰিব পাৰে আৰু Googleৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহয়। আপোনাৰ ডিভাইচৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি Googleএ আপোনাৰ সঠিক অৱস্থানো জানিব পাৰে। (মোৰ অৱস্থান কিমান সঠিক? চাওক)
আপুনি যেতিয়া Search, Maps বা Google Assistantত, অৰ্থাৎ Googleত সন্ধান, আপোনাক অধিক সহায়ক ফলাফল প্ৰদান কৰিবলৈ আপোনাৰ বৰ্তমানৰ অৱস্থান ব্যৱহাৰ কৰা হ’ব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি ৰেষ্টুৰেণ্টৰ সন্ধান কৰে, তেন্তে আপুনি য’ত আছে সেই ঠাইৰ ওচৰত থকা ৰেষ্টুৰেণ্টৰ উল্লেখ থকা ফলাফলবোৰ হয়তো আটাইতকৈ সহায়ক ফলাফল হ’ব।
আপুনি কেনেকৈ আপোনাৰ অৱস্থান পৰিচালনা কৰিব পাৰে চাওক
মই কেনেকৈ অৱস্থান অন আৰু অফ কৰিব পাৰোঁ?
আপুনি Googleত সন্ধান কৰিলে, Googleএ আপুনি যিটো সাধাৰণ অঞ্চলৰ পৰা সন্ধান কৰি আছে সেয়া সদায় অনুমান কৰিব। ইণ্টাৰনেটৰ সৈতে সংযোগ হোৱা আপুনি ব্যৱহাৰ কৰা যিকোনো এপ্ বা ৱেবছাইটৰ দৰেই, Googleএও আপোনাৰ ডিভাইচৰ IP ঠিকনাৰ ওপৰত ভিত্তি কৰি আপোনাৰ অৱস্থান অনুমান কৰিব পাৰে। অধিক জানিবলৈ, Googleএ মই ক’ত আছোঁ কেনেকৈ জানে? চাওক
Google ব্যৱহাৰ কৰাৰ সময়ত আপোনাৰ সঠিক অৱস্থান পঠিয়াব নে নাই সেয়া বাছনি কৰিবলৈ, আপুনি গাইগুটীয়া এপ্, ছাইট আৰু আপোনাৰ ডিভাইচৰ বাবে অৱস্থানৰ অনুমতি অন বা অফ কৰি ল’ব পাৰে।
আপুনি যদি আপোনাৰ ঘৰ বা কৰ্মস্থানৰ ঠিকনা ছেট কৰে আৰু Googleএ অনুমান কৰে যে আপুনি ঘৰত বা কৰ্মস্থানত আছে, তেন্তে আপোনাৰ সন্ধানৰ বাবে সঠিক ঠিকনাটো ব্যৱহাৰ কৰা হ’ব।
মোৰ অৱস্থান কিমান সঠিক?
আপোনাৰ সাধাৰণ অঞ্চল
আপুনি Googleত সন্ধান কৰিলে, Googleএ আপুনি যিটো সাধাৰণ অঞ্চলৰ পৰা সন্ধান কৰি আছে সেয়া সদায় অনুমান কৰিব। এইদৰে Googleএ আপোনাক প্ৰাসংগিক ফলাফল দেখুৱাব পাৰে আৰু কোনো নতুন চহৰৰ পৰা ছাইন ইন কৰাৰ দৰে অস্বাভাৱিক কাৰ্যকলাপ চিনাক্ত কৰি আপোনাৰ একাউণ্টটো সুৰক্ষিত কৰি ৰাখিব পাৰে।
আপোনাৰ সন্ধানৰ সাধাৰণ অঞ্চলটোৰ পৰা আপোনাক যাতে চিনাক্ত কৰিব পৰা নাযায়, তাৰ বাবে সাধাৰণ অঞ্চল এটা ৩ বৰ্গ কিলোমিটাৰতকৈও ডাঙৰ হয় আৰু তাত অতি কমেও ১,০০০ গৰাকী ব্যৱহাৰকাৰী থাকে, যাৰ ফলত আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰি ৰখাত সহায় হয়।
আপোনাৰ সঠিক অৱস্থান
যদি আপুনি অনুমতি দিয়ে, Googleএ আপোনাৰ সঠিক অৱস্থান ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, “মোৰ ওচৰত থকা আইচক্ৰীমৰ দোকান”ৰ দৰে সন্ধানৰ বাবে আটাইতকৈ প্ৰাসংগিক ফলাফল দেখুৱাবলৈ বা কোনো দোকানলৈ খোজকাঢ়ি যাবলৈ প্ৰতিটো আলি-কেঁকুৰিসহ দিক্-নিৰ্দেশনা দিবলৈ Googleক আপোনাৰ সঠিক অৱস্থানৰ প্ৰয়োজন হয়।
সঠিক অৱস্থান মানে আপুনি ঠিক য’ত আছে, যেনে- কোনো নিৰ্দিষ্ট ঠিকনা।
Googleএ মোৰ অৱস্থানৰ বিষয়ে কেনেকৈ জানে?
আপোনাৰ অৱস্থান বিভিন্ন উৎসৰ পৰা আহে আৰু সেইবোৰ একেলগে ব্যৱহাৰ কৰি আপুনি ক’ত আছে সেয়া অনুমান কৰা হয়।
আপোনাৰ ডিভাইচৰ IP ঠিকনা
ফ’ন নম্বৰৰ অঞ্চলৰ ক’ডসমূহৰ দৰেই, IP ঠিকনাসমূহো মোটামুটিভাৱে ভৌগোলিক অৱস্থানৰ ওপৰত আধাৰিত। ইয়াৰ অৰ্থ হৈছে, আপোনাৰ IP ঠিকনাৰ বাবে google.comকে ধৰি আপুনি ব্যৱহাৰ কৰা যিকোনো এপ্ বা ৱেবছাইটে আপুনি থকা সাধাৰণ অঞ্চলটোৰ এটা ধাৰণা কৰিব পাৰে। আপোনাৰ ডিভাইচৰ IP ঠিকনা আপোনাৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে আপোনাৰ ডিভাইচত আবণ্টন কৰে আৰু সেইটো ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ বাবে আৱশ্যকীয়।
আপোনাৰ ডিভাইচৰ অৱস্থান
আপুনি যদি কোনো Google এপ্ বা ছাইটক আপোনাৰ ডিভাইচৰ অৱস্থান ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে, তেন্তে আপুনি ক’ত আছে সেয়া বুজাত সহায় কৰিবলৈ সেই তথ্য ব্যৱহাৰ কৰিব পাৰি। প্ৰায় আটাইবোৰ ডিভাইচৰে অ’পাৰেটিং ছিষ্টেমত অৱস্থানৰ এটা ছেটিং বিল্ট ইন হিচাপে থাকে, যিটো সাধাৰণতে ছেটিঙত পোৱা যায়।
Googleত আপোনাৰ কাৰ্যকলাপ
Googleএ আপুনি পূৰ্বে Googleত কৰা সন্ধানৰ ভিত্তিত আপুনি থকা সাধাৰণ অঞ্চলটো অনুমান কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি প্ৰায়ে মুম্বাইত পিজ্জাৰ সন্ধান কৰে, তেন্তে আপুনি মুম্বাইৰে ফলাফল চাব বিচাৰিব বুলি ধৰি লোৱা হয়।
আপোনাৰ লেবেলযুক্ত ঠাই
আপুনি যদি আপোনাৰ ঘৰ বা কৰ্মস্থানৰ ঠিকনা ছেট কৰে, তেন্তে আপুনি ক’ত আছে সেইটো অনুমান কৰিবলৈ Googleএ সেইসমূহ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি আপোনাৰ ঘৰৰ ঠিকনা ছেট কৰে আৰু আপোনাৰ IP ঠিকনা, পূৰ্বৰ কাৰ্যকলাপ বা অৱস্থান সম্পৰ্কীয় তথ্যৰ অন্য উৎসই সূচায় যে আপুনি হয়তো আপোনাৰ ঘৰৰ ওচৰত আছে, তেন্তে আপুনি ক’ত আছে তাৰ এটা অনুমান হিচাপে আমি আপোনাৰ ঘৰৰ অৱস্থানটো ব্যৱহাৰ কৰিম।
মোৰ অৱস্থান কোনে চাব পাৰে?
এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি Googleৰ অৱস্থান শ্বেয়াৰ কৰাৰ সুবিধা ব্যৱহাৰ কৰে, তেন্তে আপুনি Google সেৱাসমূহৰ জৰিয়তে আপোনাৰ বন্ধু আৰু পৰিয়ালৰ সৈতে নিজৰ ৰিয়েল-টাইমৰ অৱস্থান শ্বেয়াৰ কৰিব পাৰে।
আপুনি আপোনাৰ অৱস্থান শ্বেয়াৰ কৰি আছে নেকি পৰীক্ষা কৰক
অৱস্থান শ্বেয়াৰ কৰাৰ সুবিধাটো ডিফ’ল্ট হিচাপে অফ কৰা থাকে। আপুনি যদি আপোনাৰ ৰিয়েল-টাইমৰ অৱস্থান শ্বেয়াৰ কৰিব বিচাৰে, তেন্তে আপুনি কাৰ সৈতে আৰু কিমান সময়ৰ বাবে অৱস্থানটো শ্বেয়াৰ কৰিব বিচাৰে সেয়া বাছনি কৰি নিশ্চিত কৰিব লাগিব। আপুনি যিকোনো সময়তে আপোনাৰ অৱস্থান শ্বেয়াৰ কৰাটো বন্ধ কৰিব পাৰে।
Googleত শ্বেয়াৰ কৰা
মই Googleত শ্বেয়াৰ কৰিলে অন্য লোকে কি দেখা পাব পাৰে?
Google সেৱাসমূহত অন্য লোকে আপোনাৰ বিষয়ে কি দেখিবলৈ পাব, সেয়া নিৰ্ভৰ কৰিব আপুনি কি আৰু কেনেকৈ শ্বেয়াৰ কৰে তাৰ ওপৰত:
ৰাজহুৱাকৈ শ্বেয়াৰ কৰা
আপুনি যদি Google Mapsৰ দৰে এপ্সমূহত অৱদান আগবঢ়ায়, তেন্তে আন লোকে আপোনাৰ নাম আৰু ছবি দেখিবলৈ পাব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি আপোনাৰ প্ৰিয় আইচক্ৰীমৰ দোকানখনক মূল্যাংকন কৰে, তেন্তে আন লোকে Google Mapsত সেই দোকানখন বিচাৰিলে আপোনাৰ মূল্যাংকন, নাম আৰু ছবি দেখিবলৈ পাব পাৰে।
ব্যক্তিগতভাৱে শ্বেয়াৰ কৰা
আপুনি যদি আনৰ সৈতে ফট’, ভিডিঅ’ আৰু নথিৰ দৰে বস্তু শ্বেয়াৰ কৰে, তেন্তে আপুনি যি শ্বেয়াৰ কৰিছে তাৰ লগতে আপোনাৰ নাম আৰু ছবিও সেই ব্যক্তিগৰাকীৰ বাবে দৃশ্যমান হয়।
আনৰ সৈতে কিবা বস্তু শ্বেয়াৰ কৰাৰ আগতে ভালদৰে ভাবি লওক আৰু আপুনি কি পৰ্যায়ৰ এক্সেছ দিবলৈ লৈছে সেয়া বুজি লওক। উদাহৰণস্বৰূপে, Google Driveৰ ফ’ল্ডাৰ বা Google Photosৰ এলবামৰ দৰে বস্তুৰ এক্সেছ কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিলে, আপুনি তাত নতুনকৈ কিবা যোগ দিলে তেওঁলোকে সেইসমূহৰ এক্সেছ পাই থাকিব।
ফট’, ভিডিঅ’ আৰু নথিৰ দৰে মই শ্বেয়াৰ কৰা বস্তু কোনে চাব পাৰে?
আপুনি ব্যৱহাৰ কৰা Google সেৱাসমূহত আপুনি বিচাৰিলে অন্য লোকৰ সৈতে নিৰ্দিষ্ট কিছুমান সমল শ্বেয়াৰ কৰিব পাৰে।
পাহৰি নাযাব যে, আপুনি যেতিয়া শ্বেয়াৰ কৰে, অন্য লোকে এপৰ ভিতৰতেই আৰু Googleৰ বাহিৰৰ ছাইটত সেয়া পুনৰ শ্বেয়াৰ কৰিব পাৰে।
আপুনি আপোনাৰ একাউণ্টৰ পৰা যিকোনো সময়তে নিজৰ সমল মচিব পাৰে, কিন্তু এইটোৱে আপুনি ইতিমধ্যে শ্বেয়াৰ কৰা প্ৰতিলিপিসমূহ মচি নেপেলায়।
আপুনি কি শ্বেয়াৰ কৰে তাক লৈ সাৱধান হওক আৰু কেৱল আপুনি বিশ্বাস কৰা লোকৰ সৈতেহে শ্বেয়াৰ কৰক।
Googleএ কেতিয়াবা মোৰ ব্যক্তিগত তথ্য অন্য লোকৰ সৈতে শ্বেয়াৰ কৰেনে?
আইনৰ দ্বাৰা বাধ্য হোৱাৰ দৰে সীমিত কিছুমান বিশেষ পৰিস্থিতিৰ বাহিৰে, আমি Googleৰ বাহিৰৰ কোম্পানী, প্ৰতিষ্ঠান বা ব্যক্তিৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰোঁ।
যদি আপোনাৰ ওচৰত আপোনাৰ বিদ্যালয়ৰ তথ্য ব্যৱহাৰ কৰি সৃষ্টি কৰা কোনো Google একাউণ্ট (Google Workspace for Education একাউণ্ট) আছে, তেন্তে আপোনাৰ একাউণ্টটো পৰিচালনা কৰা বিদ্যালয়ৰ প্ৰশাসকগৰাকীৰ ওচৰত আপোনাৰ তথ্যখিনিৰ এক্সেছ থাকিব।
বিদ্যালয়ৰ প্ৰশাসকৰ এক্সেছ
আপোনাৰ বিদ্যালয়ৰ প্ৰশাসকে আপোনাৰ Google Workspace for Education একাউণ্টত তলত উল্লেখিত তথ্য এক্সেছ কৰিব পাৰে:
- আপোনাৰ ইমেইলৰ দৰে আপোনাৰ একাউণ্টত ষ্ট’ৰ কৰি থোৱা তথ্য এক্সেছ কৰা আৰু ৰখা
- আপুনি ইনষ্টল কৰা এপৰ সংখ্যা আদিৰ দৰে আপোনাৰ একাউণ্ট সম্পৰ্কীয় পৰিসংখ্যা চোৱা
- আপোনাৰ একাউণ্টৰ পাছৱৰ্ড সলনি কৰা
- আপোনাৰ একাউণ্টৰ এক্সেছ নিলম্বন অথবা বন্ধ কৰা
- প্ৰযোজ্য আইন, বিধি, আইনী প্ৰক্ৰিয়া অথবা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধ মানি চলিবলৈ আপোনাৰ একাউণ্টৰ তথ্য লাভ কৰা
- আপোনাৰ তথ্য অথবা গোপনীয়তাৰ ছেটিং মচা অথবা সম্পাদনা কৰাৰ সামৰ্থ্য প্ৰতিবন্ধিত কৰা
Googleএ কিয় আপোনাৰ তথ্য শ্বেয়াৰ কৰিব পাৰে
আপুনি আমাক অনুমতি দিলে
উদাহৰণস্বৰূপে, যদি আপুনি পিজ্জা অৰ্ডাৰ কৰিবলৈ Google Assistant ব্যৱহাৰ কৰে, তেন্তে ৰেষ্টুৰেণ্টখনৰ সৈতে আপোনাৰ নাম বা ফ’ন নম্বৰ শ্বেয়াৰ কৰাৰ আগতে আমি আপোনাৰ অনুমতি ল’ম। তৃতীয় পক্ষৰ এপ্ আৰু সেৱাসমূহৰ সৈতে সুৰক্ষিতভাৱে ডেটা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত Googleএ আপোনাক কিদৰে সহায় কৰে সেয়া চাওক
ওপৰত উল্লেখ কৰাৰ দৰে, ড’মেইন প্ৰশাসকসকলৰ সৈতে।
বাহ্যিক প্ৰক্ৰিয়াকৰণৰ বাবে, আমি আমাৰ নিৰ্দেশনা অনুসৰি ডেটা প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি একেলগে কাম কৰা কোম্পানীসমূহক ব্যক্তিগত তথ্য প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে, গ্ৰাহক সেৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ আমি বাহ্যিক কোম্পানী ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোম্পানীটোৰ সৈতে আমি ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলগীয়া হয়।
আইনী কাৰণৰ বাবে
আমি Googleৰ বাহিৰত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিম, যদিহে আমি বিশ্বাস কৰোঁ যে তেনে কৰাটো এইসমূহৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে:
- কোনো প্ৰযোজ্য আইন, বিধি, আইনী প্ৰক্ৰিয়া বা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধ মানি চলা।
- সম্ভাব্য উলংঘনৰ তদন্তকে ধৰি প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী বলৱৎ কৰা।
- প্ৰৱঞ্চনা, সুৰক্ষামূলক অথবা কাৰিকৰী সমস্যা চিনাক্ত, প্ৰতিৰোধ অথবা সমাধান কৰা।
- আইনমতে প্ৰয়োজনীয় বা আইনে অনুমতি দিয়া অনুসৰি Google, আমাৰ ব্যৱহাৰকাৰী বা ৰাইজৰ অধিকাৰ, সম্পত্তি বা সুৰক্ষাৰ ক্ষতি নোহোৱাকৈ সুৰক্ষা প্ৰদান কৰা।
তথ্য আৰু ব্যক্তিগতকৰণ
Googleএ মোৰ বিষয়ে কি ডেটা সংগ্ৰহ কৰে?
যেতিয়াই আপুনি Google সেৱাসমূহ ব্যৱহাৰ কৰে, আমি আপোনাক সেইসমূহ আগবঢ়াবলৈ, আপোনাৰ বাবে সেইসমূহ অধিক উপযোগী কৰি তুলিবলৈ আৰু Googleএ কিয় ডেটা সংগ্ৰহ কৰে?ত ব্যাখ্যা কৰা অন্য কাৰণত প্ৰয়োজন হোৱা তথ্যখিনি সংগ্ৰহ কৰোঁ।
আপোনাৰ ছেটিঙৰ জৰিয়তে, আমি সংগ্ৰহ কৰা ডেটা আৰু সেই ডেটা কিদৰে ব্যৱহাৰ কৰা হয়, আপুনি সেয়া সীমিত কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি আমি আপোনাৰ Google একাউণ্টত আপোনাৰ YouTube ইতিহাস ছেভ কৰাটো নিবিচাৰে, তেন্তে আপুনি YouTube ইতিহাস অফ কৰি থ’ব পাৰে। Googleএ কি ছেভ কৰিব তাৰ সিদ্ধান্ত মই কেনেকৈ ল’ব পাৰোঁ? চাওক
ডেটা মানে কি?
আপোনাৰ ব্যক্তিগত তথ্যত আপুনি আমাক দিয়া সেইবোৰ কথা অন্তৰ্ভুক্ত যিবোৰে আপোনাক ব্যক্তিগতভাৱে চিনাক্ত কৰে, যেনে- আপোনাৰ নাম বা ইমেইল ঠিকনা। ইয়াত এনে অন্য ডেটাও অন্তৰ্ভুক্ত যিবোৰ Googleএ যুক্তিসংগতভাৱে আপোনাৰ সৈতে লিংক কৰিব পাৰে, যেনে- আমি আপোনাৰ Google একাউণ্টত আপোনাৰ সৈতে জড়িত কৰা তথ্য।
আপোনাৰ ব্যক্তিগত তথ্যত দুই প্ৰকাৰৰ বস্তু অন্তৰ্ভুক্ত:
আপুনি প্ৰদান কৰা বা সৃষ্টি কৰা বস্তু
যেতিয়া আপুনি এটা Google একাউণ্ট সৃষ্টি কৰে, তেতিয়া আপুনি আমাক আপোনাৰ নাম আৰু পাছৱৰ্ডৰ দৰে কিছুমান ব্যক্তিগত তথ্য প্ৰদান কৰে।
আপুনি নিজে সৃষ্টি কৰা, আপল’ড কৰা বা আনৰ পৰা লাভ কৰা সমলো ছেভ কৰি ৰাখিব পাৰে, যেনে- ইমেইল বাৰ্তা আৰু ফট’।
আপুনি Googleত কৰা কাম
আপোনাক এক উন্নত অভিজ্ঞতা প্ৰদান কৰিবলৈ আমি আমাৰ সেৱাসমূহত আপোনাৰ কাৰ্যকলাপৰ তথ্য সংগ্ৰহ কৰোঁ, যাৰ ভিতৰত আপুনি সন্ধান কৰা শব্দ, আপুনি চোৱা ভিডিঅ’, আপুনি যোগাযোগ কৰা বা সমল শ্বেয়াৰ কৰা লোক আৰু আপোনাৰ Chrome ব্ৰাউজিঙৰ ইতিহাসৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত হ’ব পাৰে।
Google সেৱাসমূহ এক্সেছ কৰিবলৈ আমি আপুনি ব্যৱহাৰ কৰা এপ্, ব্ৰাউজাৰ আৰু ডিভাইচ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰোঁ, যিয়ে আমাক আপোনাৰ বেটাৰী কমি গ’লে স্ক্ৰীনৰ পোহৰ নিজে নিজে কম কৰি দিয়াৰ দৰে সুবিধা প্ৰদান কৰাত সহায় কৰে।
আমি আপোনাৰ অৱস্থানৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰোঁ, যেনে— যেতিয়া আপুনি প্ৰতিটো আলি-কেঁকুৰিসহ দিক্-নিৰ্দেশনাৰ দৰে সুবিধাসমূহ ব্যৱহাৰ কৰে। অধিকৰ বাবে, অৱস্থান শাখাটো চাওক।
Googleএ কিয় ডেটা সংগ্ৰহ কৰে?
আমাৰ সেৱাসমূহ আগবঢ়াবলৈ, সেইবোৰ আপোনাৰ বাবে অধিক উপযোগী কৰি তুলিবলৈ আৰু আমি ডেটা কেনেকৈ ব্যৱহাৰ কৰোঁ শিতানত উল্লেখ কৰা অন্য কাৰণত আমাক প্ৰয়োজন হোৱা তথ্যখিনি আমি সংগ্ৰহ কৰোঁ।
উদাহৰণস্বৰূপে, Google Mapsএ আপোনাক ট্ৰেফিকৰ সমস্যা এৰাই গন্তব্যস্থানলৈ যোৱাত সহায় কৰিব পাৰে, কাৰণ ই আপুনি ক’ত আছে সেই সম্পৰ্কীয় তথ্যক (আপোনাৰ ডেটা) ৰাজহুৱা তথ্যৰ (মেপ আৰু ৰাজহুৱা স্থানৰ বিষয়ে তথ্য) সৈতে একত্ৰিত কৰে।
আমি ডেটা ব্যৱহাৰ কৰাৰ উপায়
আমাৰ সেৱা প্ৰদান কৰা
আমাৰ সেৱাসমূহ আগবঢ়াবলৈ আমি ডেটা ব্যৱহাৰ কৰোঁ, যেনে- আপোনাক সন্ধানৰ ফলাফল দেখুৱাবলৈ আপুনি টাইপ কৰা শব্দবোৰৰ প্ৰক্ৰিয়াকৰণ কৰা।
আমাৰ সেৱাসমূহ বৰ্তাই ৰখা আৰু উন্নত কৰা
ডেটাই আমাক আমাৰ সেৱাসমূহ বৰ্তাই ৰখা আৰু উন্নত কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, আমি অচলাৱস্থা ট্ৰেক কৰিব পাৰোঁ। আৰু সন্ধান কৰিবলৈ ব্যৱহাৰ কৰা কোনবোৰ শব্দৰ বানান সঘনাই ভুল হয় সেয়া বুজি পালে আমাৰ সমগ্ৰ সেৱাত ব্যৱহাৰ হোৱা বানান-পৰীক্ষণ সুবিধাসমূহ উন্নত কৰাত আমাৰ সহায় হয়।
নতুন সেৱাৰ বিকাশ কৰা
ডেটাই আমাক নতুন সেৱা বিকাশ কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, আমাৰ প্ৰথম ফট’ এপ্ Picasaত লোকসকলে তেওঁলোকৰ ফট’সমূহ কেনেকৈ সজাই ৰাখিছিল, আমি সেয়া বুজিবলৈ সক্ষম হৈছিলোঁ আৰু সেই ডেটা ব্যৱহাৰ কৰিয়েই আমি Google Photos ডিজাইন তথা লঞ্চ কৰাত সহায় পাইছিলোঁ। আৰু এই সেৱাসমূহ বিকাশ তথা উন্নত কৰিবলৈ আমি আমাৰ Generative AI প্ৰ’ডাক্টসমূহৰ লগতে আমাৰ সেৱাসমূহৰ সৈতে আপোনাৰ ভাব-বিনিময়ৰ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ।
সমল আৰু বিজ্ঞাপনকে ধৰি ব্যক্তিগতকৃত সেৱা প্ৰদান কৰা
আমি ব্যক্তিগতকৃত সমল প্ৰদান কৰিবলৈ ডেটা ব্যৱহাৰ কৰোঁ, উদাহৰণস্বৰূপে, আপুনি ভাল পাব পৰা ভিডিঅ’ৰ চুপাৰিছ। আপোনাৰ ছেটিং আৰু আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি, আমি আপোনাক আপোনাৰ আগ্ৰহৰ ওপৰত আধাৰিত ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱাব পাৰোঁ।
পাৰদৰ্শিতাৰ জোখ-মাখ কৰা
আমি পাৰদৰ্শিতা পৰিমাপ কৰিবলৈ আৰু আমাৰ সেৱাসমূহ কিদৰে ব্যৱহাৰ কৰা হয় সেয়া বুজিবলৈও ডেটা ব্যৱহাৰ কৰোঁ
আপোনাৰ সৈতে যোগাযোগ কৰা
আমি যদি সন্দেহজনক কাৰ্যকলাপ চিনাক্ত কৰোঁ, আপোনাক জাননী পঠিয়াবলৈ আমি আপোনাৰ ইমেইল ঠিকনা ব্যৱহাৰ কৰিব পাৰোঁ
Google, আমাৰ ব্যৱহাৰকাৰী আৰু সাধাৰণ লোকক সুৰক্ষা দিয়া
আমি অনলাইনত লোকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ, যেনে- প্ৰৱঞ্চনা চিনাক্ত কৰি সেয়া ৰোধ কৰিবলৈ ডেটা ব্যৱহাৰ কৰোঁ
Googleএ বস্তু ব্যক্তিগতকৰণ কৰিবলৈ ডেটা কেনেকৈ ব্যৱহাৰ কৰে?
আমি সংগ্ৰহ কৰা তথ্য আপোনাৰ বাবে আমাৰ এপ্ আৰু ছাইটসমূহ অধিক উপযোগী কৰি তুলিবলৈ ব্যৱহাৰ কৰোঁ, উদাহৰণস্বৰূপে:
- ভাল পাব পৰা ভিডিঅ’ৰ বাবে চুপাৰিছ
- আপুনি কিদৰে Googleৰ সেৱাসমূহ ব্যৱহাৰ কৰে তাৰ সৈতে মিলা সুৰক্ষা সম্পৰ্কীয় কিটিপ (সুৰক্ষা সম্পৰ্কীয় পৰীক্ষা চাওক)
আমি বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈও ডেটা ব্যৱহাৰ কৰোঁ, অৱশ্যে ছেটিং অফ থাকিলে বা নিৰ্দিষ্ট কিছুমান বয়স লোকৰ ক্ষেত্ৰত এনে কৰা নহয়।
Googleএ মই দেখা পোৱা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰে নেকি?
আমি দেখুওৱা বিজ্ঞাপনসমূহ যিমান পাৰি উপযোগী কৰি তুলিবলৈ চেষ্টা কৰোঁ। কিন্তু আমি নিৰ্দিষ্ট কিছুমান বয়সৰ লোকৰ বাবে বা যিসকলে বিজ্ঞাপনৰ ব্যক্তিগতকৰণ অফ কৰি থৈছে, তেওঁলোকৰ বাবে বিজ্ঞাপন ব্যক্তিগতকৰণ নকৰোঁ।
বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ নকৰাকৈও আমি সেইবোৰ আপোনাৰ বাবে উপযোগী কৰি তুলিব পাৰোঁ। উদাহৰণস্বৰূপে, আপুনি যদি “নতুন জোতা”ৰ ফলাফলৰ কোনো পৃষ্ঠা চাই আছে, তেন্তে আপুনি হয়তো কোনো স্নিকাৰ কোম্পানীৰ বিজ্ঞাপন দেখিবলৈ পাব পাৰে। বিজ্ঞাপনটো দিনটোৰ সময়, আপোনাৰ সাধাৰণ অৱস্থান আৰু আপুনি চাই থকা পৃষ্ঠাখনৰ সমলৰ দৰে সাধাৰণ বিষয়বোৰৰ ওপৰত ভিত্তি কৰি দেখুওৱা হ’ব পাৰে।
নিয়ন্ত্ৰণ আপোনাৰ হাতত
Googleএ মোৰ একাউণ্টত কি ছেভ কৰে মই তাৰ সিদ্ধান্ত কিদৰে ল’ব পাৰোঁ?
আপুনি Photosৰ দৰে কোনো Google সেৱা ব্যৱহাৰ কৰি থাকিলে, তাত এনে কিছুমান ছেটিং থাকে যাৰ জৰিয়তে আপুনি নিজৰ ফট’ বেক আপ আৰু ছিংক কৰিব বিচাৰে নে নাই, সেই সম্পৰ্কে নিজেই সিদ্ধান্ত ল’ব পাৰে।
এনে কিছুমান ছেটিঙো আছে যিয়ে আপোনাক Google সেৱাসমূহত আপোনাৰ কাৰ্যকলাপ সম্পৰ্কীয় তথ্য আপোনাৰ Google একাউণ্টত ইতিহাস হিচাপে ছেভ কৰা হয় নে নহয় আৰু Google সেৱাসমূহে আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ Google একাউণ্টত তথ্য ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে তাৰ সিদ্ধান্ত ল’বলৈ দিয়ে।
Search সেৱাত ব্যক্তিগতকৃত চুপাৰিছ
আপোনাক Search, Maps, Shopping, Hotels, Flights, Translate আৰু Newsৰ দৰে Search সেৱাসমূহে আপোনাৰ Google একাউণ্টত থকা তথ্য, যেনে- আপোনাৰ প্ৰ’ফাইলৰ তথ্য আৰু ছেভ কৰি থোৱা ইতিহাসৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৃত চুপাৰিছ দিব পাৰেনে নোৱাৰে সেয়া বাছনি কৰিবলৈ দিয়ে। উদাহৰণস্বৰূপে, Search সেৱাসমূহে আপোনাৰ আগ্ৰহ অনুযায়ী যুগুত কৰা AIৰ সঁহাৰি প্ৰদান কৰিবলৈ সেই তথ্য ব্যৱহাৰ কৰিব পাৰে।
Search সেৱাৰ ইতিহাস
আপোনাৰ সন্ধান আৰু আপোনাৰ সাধাৰণ অৱস্থানৰ দৰে সহযোগী তথ্যৰ দৰে Search সেৱাসমূহত আপোনাৰ কাৰ্যকলাপ ছেভ কৰে। Search সেৱাসমূহত আপোনাৰ অভিজ্ঞতা যুগুত কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, আপুনি টাইপ কৰিবলৈ আৰম্ভ কৰিলে, আপুনি পৰামৰ্শ হিচাপে পূৰ্বৰ সন্ধানসমূহ দেখা পাব পাৰে। Googleএ লগতে AI মডেলকে ধৰি Googleৰ সেৱা আৰু প্ৰযুক্তি উন্নত কৰাত সহায় কৰিবলৈ আৰু Google, ইয়াৰ ব্যৱহাৰকাৰী আৰু ৰাইজক সুৰক্ষিত কৰিবলৈ আপোনাৰ Search সেৱাৰ ইতিহাসৰ ডেটা ব্যৱহাৰ কৰে।
Playৰ ব্যক্তিগতকৰণ
আপোনাৰ অভিজ্ঞতা অধিক ব্যক্তিগতকৰণ কৰিবলৈ Google Playএ আপোনাৰ Google একাউণ্টত থকা তথ্য, যেনে- আপুনি Play Storeৰ পৰা ক্ৰয় আৰু ডাউনল’ড কৰা বস্তুবোৰ ব্যৱহাৰ কৰিব পাৰিবনে নোৱাৰে, সেয়া আপোনাক বাছনি কৰিবলৈ দিয়ে। উদাহৰণস্বৰূপে, Playএ আপোনাৰ বাবে এপ্সমূহ ভালদৰে চুপাৰিছ কৰিবলৈ আপুনি ব্যৱহাৰ কৰা এপ্সমূহৰ পৰা শিকিব পাৰে।
Playৰ ইতিহাস
আপুনি আপোনাৰ ডিভাইচত খোলা এপ্সমূহৰ দৰে আপুনি Playত কৰা কাৰ্যকলাপ আপোনাৰ Google একাউণ্টত ছেভ কৰে। Googleৰ সমগ্ৰ সেৱাত আপোনাৰ অভিজ্ঞতা যুগুত কৰিবলৈ, যেনে- আপুনি বিচৰা এপ্সমূহ আপোনাক দ্ৰুতভাৱে বিচাৰি পোৱাত সহায় কৰিবলৈ এই কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰি।
ৱেব আৰু এপৰ কাৰ্যকলাপ
Google TVৰ দৰে Googleৰ কিছুমান ছাইট আৰু এপৰ পৰা আপোনাৰ কাৰ্যকলাপ ছেভ কৰে আৰু অৱস্থানৰ দৰে জড়িত হৈ থকা তথ্য অন্তৰ্ভুক্ত কৰে। ই লগতে ছিংক হৈ থকা Chromeত চোৱা ৱেবপেজৰ ইতিহাস আৰু Googleৰ সেৱা ব্যৱহাৰ কৰা ছাইট, এপ্ আৰু ডিভাইচৰ কাৰ্যকলাপ ছেভ কৰে। আপোনাক উন্নত চুপাৰিছ আৰু Googleৰ সেৱাসমূহত অধিক ব্যক্তিগতকৃত অভিজ্ঞতা প্ৰদান কৰিবলৈ আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰা হয়।
YouTube ইতিহাস
আপুনি YouTube ব্যৱহাৰ কৰাৰ সময়ত আপুনি চোৱা ভিডিঅ’ আৰু সন্ধান কৰা বিষয়বোৰ ই ছেভ কৰি ৰাখে। আপোনাক উন্নত চুপাৰিছ প্ৰদান কৰা আৰু আপুনি কোনো কাৰ্য ক’ত কৰিবলৈ এৰিছিল আপোনাক সেয়া মনত ৰখাত সহায় কৰাৰ দৰে কাম কৰিবলৈ আপোনাৰ YouTubeৰ ইতিহাস ব্যৱহাৰ কৰা হয়।
Gemini এপৰ কাৰ্যকলাপ
AI মডেলসমূহকে ধৰি আপোনাক Google সেৱাসমূহ উন্নত কৰাত সহায় কৰিবলৈ Googleএ আপোনাৰ Gemini কাৰ্যকলাপ, যেনে- আপোনাৰ চাট আৰু আপুনি Geminiৰ সৈতে শ্বেয়াৰ কৰা বস্তুবোৰ (ফাইল আৰু ফট’ৰ দৰে) ব্যৱহাৰ কৰিব পাৰিবনে নোৱাৰে সেয়া বাছনি কৰিবলৈ দিয়ে। আপুনি য’ত এৰিছিল তাৰ পৰাই যিকোনো সময়তে চাট আৰম্ভ কৰিবলৈ দিয়াৰ দৰে কাম কৰিবলৈও আপোনাৰ Gemini এপৰ কাৰ্যকলাপ ব্যৱহাৰ কৰা হয়।
মই মোৰ ডেটা কেনেকৈ মচিম?
আপুনি আপোনাৰ Google একাউণ্টত ছেভ হৈ থকা ডেটা মচিব পাৰে। আপুনি যিবোৰ ডেটা স্থায়ীভাৱে মচি পেলাবলৈ বাছনি কৰে, সেইবোৰ আমাৰ ছিষ্টেমৰ পৰা আঁতৰাই দিয়া হয়। এই ডেটাখিনি আমাৰ ছাৰ্ভাৰৰ পৰা সম্পূৰ্ণৰূপে মচি পেলোৱা বা কেৱল আপোনাৰ পৰিচয় প্ৰকাশ নোহোৱাকৈ ৰখাটো নিশ্চিত কৰিবলৈ আমি এক সুচিন্তিত পদ্ধতি অনুসৰণ কৰোঁ।
আপোনাৰ Google একাউণ্টত ছেভ হৈ থকা কাৰ্যকলাপ, যেনে- আপুনি দিয়া প্ৰ’ম্পট্সমূহ আৰু আপুনি সন্ধান কৰা, পঢ়া বা চোৱা বস্তুবোৰ পৰ্যালোচনা কৰিবলৈ মোৰ কাৰ্যকলাপলৈ যাওক। আপুনি নিৰ্দিষ্ট কিছুমান কাৰ্যকলাপ বা এক নিৰ্দিষ্ট সময়ৰ পৰিসৰৰ ভিতৰত কৰা আপোনাৰ আটাইবোৰ কাৰ্যকলাপ মচিব পাৰে।
আপুনি আপোনাৰ কাৰ্যকলাপ স্বয়ংক্ৰিয়ভাৱে মচি পেলোৱাৰ বিকল্পও বাছনি কৰিব পাৰে।
মই মোৰ সমল কেনেকৈ ডাউনল’ড কৰিম?
আপোনাৰ সমলৰ ভিতৰত ইমেইল, ফট’, ভিডিঅ’, নথি, শ্বীট, মন্তব্য, সম্পৰ্ক আৰু কেলেণ্ডাৰ অনুষ্ঠানৰ দৰে বিষয়বোৰ অন্তৰ্ভুক্ত।
আপোনাৰ সমলৰ এটা আৰ্কাইভ সৃষ্টি কৰিবলৈ আপোনাৰ ডেটা ডাউনল’ড কৰকলৈ যাওক — ইয়াৰ জৰিয়তে আপুনি নিজৰ তথ্যখিনি সুৰক্ষিত কৰি ৰাখিব পাৰে বা অন্য কোনো সেৱা ব্যৱহাৰ কৰিব বিচাৰিলে সেইবোৰ আন এটা কোম্পানীলৈ লৈ যাব পাৰে।
মই ছাইন আউট হৈ থাকিলে মোৰ কি নিয়ন্ত্ৰণ থাকে?
আপুনি ছাইন আউট হৈ থকা অৱস্থাতো কিদৰে Google ব্যৱহাৰ কৰিব, সেয়া বাছনি কৰিবলৈ আপোনাৰ হাতত কিছুমান নিয়ন্ত্ৰণ আছে। আপুনি ছাইন আউট হৈ থকা অৱস্থাত এই ছেটিংসমূহ সলনি কৰিবলৈ g.co/privacytoolsলৈ যাওক:
Search কাষ্টমাইজেশ্বন
অধিক প্ৰাসংগিক ফলাফল আৰু পৰামৰ্শৰ বাবে এই ব্ৰাউজাৰটোৰ পৰা আপোনাৰ Google সন্ধানৰ তথ্য ব্যৱহাৰ কৰে।
YouTube সন্ধান আৰু চোৱাৰ ইতিহাস
আপোনাৰ বাবে YouTube ব্যক্তিগতকৰণ কৰিবলৈ ই YouTubeত আপুনি কৰা কাৰ্যকলাপ, যেনে- আপুনি চোৱা ভিডিঅ’ আৰু সন্ধান কৰা বিষয়বোৰ ব্যৱহাৰ কৰে।
আপুনি আপোনাৰ ব্ৰাউজাৰত কিছুমান বা আটাইবোৰ কুকি অৱৰোধ কৰিব পাৰে, কিন্তু ইয়াৰ ফলত সমগ্ৰ ৱেবত কিছুমান নিৰ্দিষ্ট সুবিধাই কাম কৰা বন্ধ কৰি দিব পাৰে। উদাহৰণস্বৰূপে, বহুতো ৱেবছাইটত আপুনি ছাইন ইন কৰিবলৈ বিচাৰিলে কুকী অন হৈ থাকিব লাগে।
ছাইন আউট কৰি থোৱা ব্যৱহাৰকাৰীসকলেও তেওঁলোকে ব্যক্তিগতকৃত বিজ্ঞাপন চাব বিচাৰে নে নাই সেয়া বাছনি কৰিব পাৰে, অৱশ্যে আমি নিৰ্দিষ্ট কিছুমান বয়সৰ লোকৰ বাবে বিজ্ঞাপন ব্যক্তিগতকৰণ নকৰোঁ।
