Privacy & Terms
Privacy & Terms

Googleএ কেনেকৈ চৰকাৰে ব্যৱহাৰকাৰীৰ তথ্যৰ বাবে কৰা অনুৰোধ নিয়ন্ত্ৰণ কৰে

সমগ্ৰ বিশ্বৰ চৰকাৰী এজেঞ্চীসমূহে Googleক ব্যৱহাৰকাৰীৰ তথ্য সদৰী কৰিবলৈ কয়। আমি প্ৰতিটো অনুৰোধে প্ৰযোজ্য আইনসমূহ মানি চলাটো নিশ্চিত কৰিবলৈ এয়া সাৱধানে পৰ্যালোচনা কৰোঁ। কোনো অনুৰোধত অত্যাধিক তথ্য বিচাৰিলে আমি ইয়াক সংকুচিত কৰিবলৈ চেষ্টা কৰোঁ আৰু কিছুমান ক্ষেত্ৰত আমি যিকোনো তথ্য প্ৰদান কৰাত একেবাৰে আপত্তি কৰোঁ। আমি আমাৰ স্বচ্ছতাৰ ৰিপ’ৰ্টত লাভ কৰা অনুৰোধৰ সংখ্যা আৰু ধৰণ সম্পৰ্কীয় তথ্য শ্বেয়াৰ কৰোঁ।

আমি অনুৰোধ এটাৰ প্ৰতি সঁহাৰি দিয়াৰ ধৰণ আপোনাৰ Google সেৱা প্ৰদানকাৰীৰ ওপৰত নিৰ্ভৰ কৰে — কাৰণ, আমাৰ বেছিভাগ সেৱাৰ প্ৰদানকাৰী হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ অধীনত কাম কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী Google LLC নহয় আয়াৰলেণ্ডৰ আইনৰ অধীনত কাম কৰা আয়াৰলেণ্ডৰ কোম্পানী Google Ireland Limited। আপোনাৰ সেৱা প্ৰদানকাৰী কোন জানিবলৈ Googleৰ সেৱাৰ চৰ্তাৱলী পৰ্যালোচনা কৰক অথবা আপোনাৰ Google একাউণ্টটো কোনো প্ৰতিষ্ঠানে পৰিচালনা কৰে নেকি জানিবলৈ আপোনাৰ একাউণ্টৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।

আমি কোনো চৰকাৰী এজেঞ্চীৰ পৰা অনুৰোধ লাভ কৰিলে তথ্য সদৰী কৰাৰ আগতে ব্যৱহাৰকাৰীৰ একাউণ্টলৈ এটা ইমেইল পঠিয়াওঁ। যদি একাউণ্টটো কোনো প্ৰতিষ্ঠানে পৰিচালনা কৰে, তেন্তে আমি একাউণ্ট প্ৰশাসকগৰাকীলৈ জাননী দিওঁ।

অনুৰোধৰ চৰ্তাৱলীৰ অধীনত আইনগতভাৱে নিষিদ্ধ হ’লে আমি জাননী নিদিওঁ। আইনী নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত আমি জাননী প্ৰদান কৰিম, যেনে যেতিয়া আইনী অথবা আদালতৰ দ্বাৰা নিৰ্দেশিত গে’গৰ সময়সীমাৰ ম্যাদ উকলি যায়।

যদি একাউণ্টটো অক্ষম অথবা হাইজেক কৰা হৈছে, তেন্তে আমি জাননী নিদিব পাৰোঁ। আমি শিশুৰ সুৰক্ষাৰ প্ৰতি অথবা কোনো লোকৰ জীৱনৰ প্ৰতি ভাবুকিৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত জাননী নিদিব পাৰোঁ; এনে ক্ষেত্ৰত আমি জাননী দিম, যদিহে আমি জানিব পাৰোঁ যে জৰুৰীকালীন অৱস্থা পাৰ হৈ গৈছে।

অসামৰিক, প্ৰশাসনিক আৰু অপৰাধমূলক গোচৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী এজেঞ্চীৰ অনুৰোধ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ চতুৰ্থ সংশোধন আৰু ইলেকট্ৰ’নিক কমিউনিকেশ্বন প্ৰাইভেচি এক্টে চৰকাৰৰ কোনো সেৱা প্ৰদানকাৰীক ব্যৱহাৰকাৰীৰ তথ্য সদৰী কৰিবলৈ বাধ্য কৰোৱাৰ ক্ষেত্ৰত থকা সামৰ্থ্য প্ৰতিবন্ধিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই কমেও নিম্নলিখিতবোৰ কৰিবই লাগিব:

  • আটাইবোৰ গোচৰত: ছাবস্ক্ৰাইবাৰৰ পঞ্জীয়ন সম্পৰ্কীয় প্ৰাথমিক তথ্য আৰু নিৰ্দিষ্ট কিছুমান আইপি ঠিকনা সদৰী কৰাৰ বাবে বাধ্য কৰিবলৈ চমন জাৰি কৰক
  • অপৰাধ-সংক্ৰান্তীয় গোচৰত
    • ইমেইলৰ টু, ফ্ৰম, cc, bcc আৰু টাইমষ্টাম্পৰ ক্ষেত্ৰৰ দৰে সমলৰ বাহিৰৰ ৰেকৰ্ডৰ সদৰীকৰণৰ বাবে বাধ্য কৰিবলৈ আদালতৰ নিৰ্দেশ পাওক
    • ইমেইল বাৰ্তা, নথি আৰু ফট’ৰ দৰে যোগাযোগৰ সমলৰ সদৰীকৰণৰ বাবে বাধ্য কৰিবলৈ তালাচী পৰোৱানা পাওক

ৰাষ্ট্ৰীয় সুৰক্ষা জড়িত থকা গোচৰৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী এজেঞ্চীৰ অনুৰোধ

ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কিত তদন্তত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে Googleক ব্যৱহাৰকাৰীৰ তথ্য প্ৰদান কৰাৰ বাবে বাধ্য কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা পত্ৰ (NSL) অথবা বিদেশী চোৰাংচোৱা নিৰীক্ষণ আইন (FISA)ৰ অধীনত অনুমোদিত কৰ্তৃপক্ষসমূহৰ এটা ব্যৱহাৰ কৰিব পাৰে।

  • NSLক ন্যায়িক কৰ্তৃত্ব প্ৰদান কৰাৰ প্ৰয়োজন নাই আৰু কেৱল আমাক সীমিত ছাবস্ক্ৰাইবাৰৰ তথ্য প্ৰদান কৰিবলৈ বাধ্য কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰি।
  • ইলেকট্ৰ’নিক নিৰীক্ষণ আৰু Gmail, Drive আৰু Photosৰ দৰে সেৱাৰ সমলকে ধৰি ষ্ট’ৰ কৰা ডেটাৰ সদৰীকৰণৰ বাবে বাধ্য কৰিবলৈ FISA অৰ্ডাৰ আৰু কৰ্তৃত্ব প্ৰদান ব্যৱহাৰ কৰিব পাৰি।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰৰ চৰকাৰী কৰ্তৃপক্ষৰ অনুৰোধ

Google LLCএ কেতিয়াবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰৰ চৰকাৰী কৰ্তৃপক্ষৰ পৰা ডেটা সদৰীকৰণৰ বাবে অনুৰোধ লাভ কৰে। আমি এই অনুৰোধবোৰৰ কোনো এটা লাভ কৰিলে ব্যৱহাৰকাৰীৰ তথ্য প্ৰদান কৰিব পাৰোঁ, যদিহে এনে কৰাটো নিম্নলিখিত আটাইবোৰৰ সৈতে সামঞ্জস্যপূৰ্ণ:

  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন, যাৰ অৰ্থ হৈছে যে ইলেকট্ৰ’নিক কমিউনিকেশ্বন প্ৰাইভেচি এক্ট (ECPA)ৰ দৰে প্ৰযোজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনৰ অধীনত এক্সেছ আৰু সদৰীকৰণৰ অনুমতি দিয়া হয়
  • অনুৰোধ কৰা দেশৰ আইন যাৰ অৰ্থ হৈছে যে কৰ্তৃপক্ষই স্থানীয় সেৱা প্ৰদানকাৰী এজনক একে ধৰণৰ সেৱাৰ বাবে কৰা অনুৰোধৰ বাবে পূৰণ কৰা প্ৰক্ৰিয়াবোৰ আৰু আইনী প্ৰয়োজনীয়তাসমূহ আমাৰ ক্ষেত্ৰতো পূৰণ কৰিব লাগিব
  • আন্তঃৰাষ্ট্ৰীয় নিয়ম যাৰ অৰ্থ হৈছে যে আমি কেৱল গ্ল’বেল নেটৱৰ্ক ইনিশ্বিয়েটিভৰ মত প্ৰকাশৰ স্বাধীনতা আৰু গোপনীয়তা সম্পৰ্কীয় নীতি আৰু ইয়াৰ সৈতে জড়িত ৰূপায়ণৰ নিৰ্দেশনা মানি চলা অনুৰোধৰ সঁহাৰিতহে ডেটা প্ৰদান কৰিব পাৰোঁ
  • যিকোনো প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিৰ লগতে মত প্ৰকাশৰ স্বাধীনতাৰ সুৰক্ষা সম্পৰ্কীয় নীতি অন্তৰ্ভুক্ত কৰা Googleৰ নীতি

ইউৰোপীয় অৰ্থনৈতিক ক্ষেত্ৰ আৰু ছুইজাৰলেণ্ডত বেছিভাগ Google সেৱা প্ৰদান কৰাৰ বাবে দায়বদ্ধ হোৱা বাবে Google Irelandএ ব্যৱহাৰকাৰীৰ তথ্যৰ বাবেও অনুৰোধ লাভ কৰে।

আয়াৰলেণ্ডৰ চৰকাৰী এজেঞ্চীৰ অনুৰোধ

Google Irelandএ আয়াৰলেণ্ডৰ এজেঞ্চীৰ দ্বাৰা ব্যৱহাৰকাৰীৰ তথ্যৰ বাবে কৰা অনুৰোধৰ মূল্যায়ন কৰোঁতে আয়াৰলেণ্ডৰ আইন বিবেচনা কৰে। আয়াৰলেণ্ডৰ আইন অনুসৰি আয়াৰলেণ্ডৰ আইন বলৱৎকাৰী কৰ্তৃপক্ষই Google Irelandক ব্যৱহাৰকাৰীৰ তথ্য প্ৰদান কৰিবলৈ বাধ্য কৰোৱাৰ বাবে ন্যায়িকভাৱে কৰ্তৃত্বপ্ৰাপ্ত আদেশ পোৱাৰ প্ৰয়োজন।

আয়াৰলেণ্ডৰ বাহিৰৰ চৰকাৰী কৰ্তৃপক্ষৰ অনুৰোধ

Google Irelandএ সমগ্ৰ ইউৰোপীয় অৰ্থনৈতিক ক্ষেত্ৰ আৰু ছুইজাৰলেণ্ডৰ ব্যৱহাৰকাৰীক সেৱা আগবঢ়ায় আৰু আমি কেতিয়াবা আয়াৰলেণ্ডৰ বাহিৰৰ চৰকাৰী কৰ্তৃপক্ষৰ পৰা ডেটা সদৰীকৰণৰ বাবে অনুৰোধ লাভ কৰোঁ। এই ক্ষেত্ৰত, আমি ব্যৱহাৰকাৰীৰ তথ্য প্ৰদান কৰিব পাৰোঁ যদি এনে কৰাটো নিম্নলিখিত আটাইবোৰৰ সৈতে সামঞ্জস্যপূৰ্ণ:

  • আয়াৰলেণ্ডৰ আইন, যাৰ অৰ্থ হৈছে যে আয়াৰলেণ্ডৰ অপৰাধীৰ ন্যায় আইনৰ দৰে প্ৰযোজ্য আয়াৰলেণ্ডৰ আইনৰ অধীনত এক্সেছ আৰু সদৰীকৰণৰ অনুমতি দিয়া হয়
  • আয়াৰলেণ্ডত প্ৰযোজ্য ইউৰোপীয় ইউনিয়ন (EU) আইন, যাৰ অৰ্থ হৈছে সাধাৰণ ডেটা সুৰক্ষাৰ বিধি (GDPR)কে ধৰি আয়াৰলেণ্ডত প্ৰযোজ্য যিকোনো EU আইন
  • অনুৰোধ কৰা দেশৰ আইন যাৰ অৰ্থ হৈছে যে কৰ্তৃপক্ষই স্থানীয় সেৱা প্ৰদানকাৰী এজনক একে ধৰণৰ সেৱাৰ বাবে কৰা অনুৰোধৰ বাবে পূৰণ কৰা প্ৰক্ৰিয়াবোৰ আৰু আইনী প্ৰয়োজনীয়তাসমূহ আমাৰ ক্ষেত্ৰতো পূৰণ কৰিব লাগিব
  • আন্তঃৰাষ্ট্ৰীয় নিয়ম যাৰ অৰ্থ হৈছে যে আমি কেৱল গ্ল’বেল নেটৱৰ্ক ইনিশ্বিয়েটিভৰ মত প্ৰকাশৰ স্বাধীনতা আৰু গোপনীয়তা সম্পৰ্কীয় নীতি আৰু ইয়াৰ সৈতে জড়িত ৰূপায়ণৰ নিৰ্দেশনা মানি চলা অনুৰোধৰ সঁহাৰিতহে ডেটা প্ৰদান কৰিব পাৰোঁ
  • যিকোনো প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতিৰ লগতে মত প্ৰকাশৰ স্বাধীনতাৰ সুৰক্ষা সম্পৰ্কীয় নীতি অন্তৰ্ভুক্ত কৰা Googleৰ নীতি

যদি আমি যুক্তিসংগতভাৱে বিশ্বাস কৰোঁ যে আমি কাৰোবাক মৃত্যু অথবা গুৰুতৰ শাৰীৰিক ক্ষতিৰ সন্মুখীন হোৱাৰ পৰা বচাব পাৰোঁ, আমি বোমাৰ ভাবুকি, বিদ্যালয়ত হোৱা গুলীচালনা, অপহৰণ, আত্মহত্যা প্ৰতিৰোধ আৰু নিৰুদ্দিষ্ট ব্যক্তি সম্পৰ্কীয় গোচৰৰ দৰে ক্ষেত্ৰত কোনো চৰকাৰী এজেঞ্চীক তথ্য প্ৰদান কৰিব পাৰোঁ। আমি এতিয়াও প্ৰযোজ্য আইন আৰু আমাৰ নীতিৰ পৰিপ্ৰেক্ষিত এই অনুৰোধসমূহ বিবেচনা কৰোঁ।

এটা নতুন টেবত খোলে(ফুটন’ট খোলে)
  • Afrikaans
  • Bahasa Indonesia
  • Bahasa Melayu
  • Català
  • Čeština
  • Dansk
  • Deutsch
  • Eesti
  • English
  • English (India)
  • English (United Kingdom)
  • Español
  • Español (Latinoamérica)
  • Euskara
  • Filipino
  • Français
  • Français (Canada)
  • Gaeilge
  • Galego
  • Hrvatski
  • Isizulu
  • Íslenska
  • Italiano
  • Kiswahili
  • Latviešu
  • Lietuvių
  • Magyar
  • Malti
  • Nederlands
  • Norsk
  • Polski
  • Português (Brasil)
  • Português (Portugal)
  • Română
  • Slovenčina
  • Slovenščina
  • Srpski
  • Suomi
  • Svenska
  • Tiếng Việt
  • Türkçe
  • অসমীয়া
  • Ελληνικά
  • Български
  • ଓଡିଆ
  • Русский
  • Српски
  • Українська
  • ‫עברית‬
  • ‫اردو‬
  • ‫العربية‬
  • ‫فارسی‬
  • አማርኛ
  • मराठी
  • हिन्दी
  • বাংলা
  • ગુજરાતી
  • தமிழ்
  • తెలుగు
  • ಕನ್ನಡ
  • മലയാളം
  • ไทย
  • 한국어
  • 中文 (香港)
  • 中文(简体中文)
  • 中文(繁體中文)
  • 日本語
Google apps
Main menu