সেৱা আৰু সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলীৰ সূচী

Googleৰ সেৱাৰ চৰ্তাৱলী আৰু সেৱা-নিৰ্দিষ্ট অতিৰিক্ত চৰ্তাৱলী আৰু নীতি ব্যৱহাৰ কৰা সেৱা

Googleৰ সেৱাৰ চৰ্তাৱলী তলত সূচীবদ্ধ কৰা সেৱাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য। প্ৰতিটো সেৱাৰ কাষত, আমি সেই বিশেষ সেৱাটোৰ ক্ষেত্ৰত প্ৰযোজ্য অতিৰিক্ত চৰ্তাৱলী আৰু নীতিসমূহো সূচীবদ্ধ কৰিছোঁ। আপুনি এই সেৱাসমূহ ব্যৱহাৰ কৰিলে সেৱাৰ চৰ্তাৱলী, অতিৰিক্ত চৰ্তাৱলী আৰু নীতিসমূহে আমাৰ সম্পৰ্ক আৰু পাৰস্পৰিক প্ৰত্যাশাবোৰ সংজ্ঞাবদ্ধ কৰে।

এই সূচীখনত কেৱল Googleৰ সাধাৰণ সেৱাৰ চৰ্তাৱলীৰ দ্বাৰা নিয়ন্ত্ৰিত সেৱাসমূহহে অন্তৰ্ভুক্ত। YouTubeৰ দৰে সীমিত সংখ্যক জনপ্ৰিয় সেৱাৰ অদ্বিতীয় বৈশিষ্ট্য থকাৰ বাবে নিজা চৰ্তাৱলী আছে। আমাৰ বেছিভাগ মাচুল-আধাৰিত ঔদ্যোগিক প্ৰ’ডাক্ট আৰু আমাৰ বিকাশকৰ্তাৰ API প্ৰ’ডাক্টৰো নিজা চৰ্তাৱলী আছে।

আমি প্ৰায়ে নতুন সেৱা লঞ্চ কৰোঁ আৰু মাজে সময়ে আমাৰ চৰ্তাৱলী আৰু নীতিসমূহ আপডে’ট কৰোঁ। আমি এই পৃষ্ঠাখন আপ টু ডে’ট কৰি ৰাখিবলৈ আৰু নিয়মীয়াকৈ ৰিফ্ৰেশ্ব কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিম।

সেৱা
 
এটা নতুন টেবত খোলে(ফুটন’ট খোলে)